ETV Bharat / bharat

দেশৰ আন ৰাজ্যৰ বাবে আদৰ্শ স্বৰূপ অম্বিকাপুৰ পৌৰ নিগম

author img

By

Published : Dec 20, 2019, 12:04 PM IST

অম্বিকাপুৰ পৌৰ নিগমে 2018 চনতেই পৰিবেশ সংৰক্ষণৰ প্ৰচেষ্টাৰে ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ আঁচনি  গ্ৰহণ কৰিছিল ৷ বৰ্জিত পদাৰ্থ ব্যৱস্থাপনাৰ এই কঠিন পদক্ষেপ আন ৰাজ্যৰ বাবে আদৰ্শত পৰিণত হৈছে ৷ আন এক ব্যতিক্ৰমী পদক্ষেপ হিচাপে পৌৰনিগমে চহৰখনত দেশৰ প্ৰথমটো গাৰ্বেজ কাফে স্থাপন কৰিছে ৷ এই কাফেয়ে, যিকোনো লোকক প্ৰতি কিলোগ্ৰাম প্লাষ্টিকৰ বিনিময়ত সুস্বাদু খাদ্য যোগান ধৰে ৷

Segregation process of Polythene
Segregation process of Polythene

নিউজ ডেস্ক, 20 ডিচেম্বৰ : মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক পৰিবেশ সংৰক্ষণৰ বাবে আহ্বান জনোৱাৰ লগতে সমগ্ৰ দেশতে প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ আন্দোলন গঢ়ি তোলাৰ প্ৰস্তাৱ জনাইছে ৷ জনসাধাৰণে এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে ৷ অম্বিকাপুৰ পৌৰ নিগমে 2018 চনতেই পৰিবেশ সংৰক্ষণৰ প্ৰচেষ্টাৰে ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ আঁচনি গ্ৰহণ কৰিছিল ৷ বৰ্জিত পদাৰ্থ ব্যৱস্থাপনাৰ এই কঠিন পদক্ষেপ আন ৰাজ্যৰ বাবে আদৰ্শত পৰিণত হৈছে ৷

অম্বিকাপুৰ পৌৰ নিগমে এই জাবৰ সমূহৰ পৰা বৰ্জিত প্লাষ্টিকসমূহ পৃথকীকৰণ কৰি পুনঃব্যৱহাৰৰ বাবে বিক্ৰী কৰে ৷ ৰঙীণ প্লাষ্টিকসমূহ চিমেণ্ট ফেক্টৰীত বিক্ৰী কৰা হয় ইয়াৰ পৰিৱৰ্তে, স্বচ্চ পলিথিনসমূহ প্লাষ্টিক গ্ৰেণালচথ উৎপাদন কৰাৰ উপৰিও আন কাৰ্যত ব্যৱহাৰ কৰা হয় ৷ অম্বিকাপুৰ পৌৰ নিগমে লোৱা এই পদক্ষেপ পৰিবেশৰ বাবে যঠেষ্ট ফলপ্ৰসূ ৷ ইয়াৰ দ্বাৰা মহিলাসকলক নিযোগৰ সুবিধা প্ৰদান কৰা হৈছে ৷

প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা

আন এক ব্যতিক্ৰমী পদক্ষেপ হিচাপে পৌৰনিগমে চহৰখনত দেশৰ প্ৰথমটো গাৰ্বেজ কাফে স্থাপন কৰিছে ৷ এই কাফেয়ে, যিকোনো লোকক প্ৰতি কিলোগ্ৰাম প্লাষ্টিকৰ বিনিময়ত সুস্বাদু খাদ্য যোগান ধৰে ৷ সংগ্ৰহ হোৱা প্লাষ্টিক সমূহ কাফেৰ পৰা পৰিশোধন কেন্দ্ৰ লৈ নিয়া হয় আৰু পৰৱৰ্তী সময়ত ইয়াক পথ নিৰ্মাণত ব্যৱহাৰ কৰা হয় ৷ অম্বিকাপুৰ পৌৰ নিগম সকলোৰে বাবে আদৰ্শ লৈ পৰিণত হৈছে ৷ যদি সকলো নগৰ-চহৰতে এই ধৰণৰ ইউনিট স্থাপন হয় , ভাৰতবৰ্ষই প্ৰতিদিনে ডাষ্টবিনত জমা হোৱা প্ৰায় 50 শতাংশ প্লাষ্টিকৰ পৰা উপশম পাব ৷

Intro:Body:

PLASTIC PAKAGE

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.