নিউজ ডেস্ক, 7 জুলাইঃ ৰাষ্ট্ৰীয় ভ্ৰমণ অনুজ্ঞাপ্ৰত্ৰ থকা এখন ট্ৰাকৰ পৰা কেৰালাৰ আৱকাৰী বিভাগে জব্দ কৰে বৃহৎ পৰিমানৰ গাঞ্জা আৰু হাশিশ তেল ৷ জব্দ কৰা এই সামগ্ৰীৰ মূল্য আন্তঃৰষ্ট্ৰীয় বজাৰত প্ৰায় ডেৰ কৌটি টকা হ'ব ৷ থিৰুবন্তনপুৰমৰ পথেনকোডৰ পৰা গাঞ্জা সমূহ জব্দ কৰে ৷ ইয়াৰ লগতে গ্ৰেপ্তাৰ হয় দুজনকৈ লোক ৷
গাঞ্জাখিনিৰ ওজন প্ৰায় 100 কেজি ৷ আনহাতে ধৃত লোক দুজন হ'ল এল্ডো আব্ৰাহাম (28) আৰু ছেবিন (29) ৷ ল্ডো আব্ৰাহাম পেৰুম্বাভোৰৰ বাসিন্দা হোৱাৰ বিপৰীতে ছেবিন কোলামৰ কুন্দাৰাৰ বাসিন্দা ৷
উল্লেখ্য যে, থিৰুবন্তনপুৰমৰ আবকাৰী পৰিদৰ্শক অনিল কুমাৰৰ নেতৃত্বত চলা তালাচীত জব্দ হয় গাঞ্জাখিনি ৷
লগতে পঢ়কঃ লুধীয়ানাৰ ব্ৰিটিছৰ দিনৰ জৰাজীৰ্ণ ছবিগৃহকলৈ দুখ প্ৰকাশ বৰ্ষীয়ান অভিনেতা ধৰ্মেন্দ্ৰৰ