ETV Bharat / bharat

স্বাধীনতা সংগ্ৰামৰ বাবে বাচন বিক্ৰী কৰিছিল মহাত্মা গান্ধীয়ে

author img

By

Published : Aug 16, 2019, 12:52 PM IST

স্বাধীনতা সংগ্ৰামত প্ৰয়োজন হোৱা ধনৰ নাটনি জোৰা মাৰিবলৈ তীখাৰ এটা পাত্ৰ নিলাম কৰিছিল মহাত্মা গান্ধীয়ে ৷ এই কথা হয়তো বহুতেই নাজানে ৷

স্বাধীনতা সংগ্ৰামৰ বাবে বাচন বিক্ৰী কৰিছিল মহাত্মা গান্ধীয়ে

নিউজ ডেস্ক,16 আগষ্টঃ সমগ্ৰ দেশে উদযাপন কৰিলে 73 সংখ্যক স্বাধীনতা দিৱস ৷ এই স্বাধীনতা সংগ্ৰামত নেতৃত্ব প্ৰদান কৰি বৃটিছৰ হাতৰ পৰা স্বাধীনতা আজুৰি অনা মহাত্মা গান্ধীৰ বিষয়ে হয়তো বহুতে নাজানে বহু কথা ৷ স্বাধীনতা সংগ্ৰামত প্ৰয়োজন হোৱা অৰ্থৰ বাবে সেইসময়ত নিলাম কৰিছিল নিজৰ বাচন বৰ্তন ৷ আৰু সেই ধন প্ৰদান কৰিছিল স্বাধীনতা সংগ্ৰামৰ নামত ৷

স্বাধীনতা সংগ্ৰামৰ বাবে বাচন বিক্ৰী কৰিছিল মহাত্মা গান্ধীয়ে!
  • স্বাধীনতা আন্দোলনৰ উকমুকনি আৰম্ভ হৈছে দেশ জুৰি ৷ গান্ধীজী সমগ্ৰ দেশতে ভ্ৰমণ কৰি স্বাধীনতা আন্দোলনৰ বিষয়ে ৰাইজক সজাগ কৰাৰ লগতে সংগ্ৰামৰ বাবে প্ৰয়োজন হোৱা অৰ্থ সংগ্ৰহত ব্যস্ত আছিল, ধনৰ নাটনিৰ বাবে মহাত্মা গান্ধীয়ে বিক্ৰী কৰা এটা পাত্ৰ ক্ৰয় কৰিছিল জৱাহৰ শ্বাহ নামৰ ব্যক্তিগৰাকীয়ে ৷ এই কথা বহুতেই জনা নাছিল, বহু বছৰ পিচত জৱাহৰ শ্বাহৰ পুত্ৰ চবল শ্বাহে প্ৰকাশ কৰে এই কথা ৷ সংগ্ৰামত প্ৰয়োজন হোৱা ধনৰ নাটনি জোৰা মাৰিবলৈ তীখাৰ এটা পাত্ৰ নিলাম কৰিছিল, যিটো তেখেতৰ পিতৃয়ে ক্ৰয় কৰিছিল ৷ এই ঐতিহাসিক পাত্ৰটো এতিয়াও উত্তৰাখণ্ডৰ আলম'ৰাত সযতনে সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে ৷ এখন ৰাজহুৱা সভাত নিলাম কৰা হৈছিল মহাত্মাৰ তীখাৰ পাত্ৰটো ৷ আজিৰ পৰা ছটা দশকৰ আগতে নিলাম হোৱা তীখাৰ পাত্ৰটো প্ৰকৃত মূল্যতকৈ নিলামত সৰ্বাধিক 11 টকা দি ক্ৰয় কৰিছিল জৱাহৰ শ্বাহে৷ জৱাহৰ শ্বাহৰ পুত্ৰই জনোৱা মতে তেওঁলোকৰ পৰিয়ালে মহাত্মাৰ স্মৃতি হিচাপে ৰাখি থৈছে ৷ 1921 চনত স্বাধীনতা আন্দোলনৰ এক কাৰ্যসূচীত ভাগ ল'বৰ বাবে উপস্থিত হৈছিল উত্তৰাখণ্ডৰ আলম'ৰাত ৷ কেবাখনো সভাত ভাগ লৈ স্বাধীনতা সংগ্ৰামত অংশ ল'বলৈ আহ্বান জনাইছিল সকলোকে ৷ গান্ধীজীৰ আহ্বানত সহাৰি জনাই সভাত উপস্থিত থকা একাংশ মহিলাই সংগ্ৰামৰ বাবে নিজৰ সোণ ৰূপৰ গহনা আগবঢ়াইছিল ৷

Intro:Body:

বাচন বিক্ৰী কৰিছিল মহাত্মা গান্ধীয়ে!

সমগ্ৰ দেশে উদযাপন কৰিলে 73 সংখ্যক স্বাধীনতা দিৱস ৷ এই স্বাধীনতা সংগ্ৰামত নেতৃত্ব প্ৰদান কৰি বৃটিছৰ হাতৰ পৰা স্বাধীনতা আজুৰি অনা মহাত্মা গান্ধীৰ বিষয়ে বহুতে নাজানে বহু কথা ৷ স্বাধীনতা সংগ্ৰামত প্ৰয়োজন হোৱা অৰ্থৰ বাবে সেইসময়ত নিলাম কৰিছিল নিজৰ বাচন বৰ্তন ৷ আৰু সেই ধন প্ৰদান কৰিছিল স্বাধীনতা সংগ্ৰামৰ নামত ৷ 

স্বাধীনতা আন্দোলনৰ উকমুকনি আৰম্ভ হৈছে দেশ জুৰি৷ গান্ধীজী সমগ্ৰ দেশতে ভ্ৰমণ কৰি স্বাধীনতা আন্দোলনৰ বিষয়ে ৰাইজক সজাগ কৰাৰ লগতে সংগ্ৰামৰ বাবে প্ৰয়োজন হোৱা অৰ্থ সংগ্ৰহত ব্যস্ত আছিল, ধনৰ নাটনিৰ বাবে মহাত্মা গান্ধীয়ে বিক্ৰী কৰা এটা পাত্ৰ ক্ৰয় কৰিছিল জৱাহৰ শ্বাহ নামৰ ব্যক্তিগৰাকীয়ে৷ এই কথা বহুতেই জনা নাছিল, বহু বছৰ পিচত জৱাহৰ শ্বাহৰ পুত্ৰ চবল শ্বাহে প্ৰকাশ কৰে এই কথা ৷ সংগ্ৰামত প্ৰয়োজন হোৱা ধনৰ নাটনি জোৰা মাৰিবলৈ তীখাৰ এটা পাত্ৰ নিলাম কৰিছিল, যিটো তেখেতৰ পিতৃয়ে ক্ৰয় কৰিছিল ৷ এই ঐতিহাসিক পাত্ৰটো এতিয়াও উত্তৰাখণ্ডৰ আলম'ৰাত সযতনে সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে ৷ এখন ৰাজহুৱা সভাত নিলাম কৰা হৈছিল মহাত্মাৰ তীখাৰ পাত্ৰটো ৷ 

আজিৰ পৰা ছটা দশকৰ আগতে নিলাম হোৱা তীখাৰ পাত্ৰটো প্ৰকৃত মূল্যতকৈ নিলামত সৰ্বাধিক 11 টকা দি ক্ৰয় কৰিছিল জৱাহৰ শ্বাহে৷ জৱাহৰ শ্বাহৰ পুত্ৰই জনোৱা মতে তেওঁলোকৰ পৰিয়ালে মহাত্মাৰ স্মৃতি হিচাপে 

ৰাখি থৈছে ৷ 1921 চনত স্বাধীনতা আন্দোলনৰ এক কাৰ্যসূচীত ভাগ ল'বৰ বাবে উপস্থিত হৈছিল উত্তৰাখণ্ডৰ আলম'ৰাত ৷ কেবাখনো সভাত ভাগ লৈ স্বাধীনতা সংগ্ৰামত অংশ ল'বলৈ আহ্বান জনাইছিল সকলোকে ৷ গান্ধীজীৰ আহ্বানত সহাৰি জনাই সভাত উপস্থিত থকা একাংশ মহিলাই সংগ্ৰামৰ বাবে নিজৰ সোন ৰূপৰ গহনা আগবঢ়াইছিল ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.