- মহাত্মা গান্ধীয়ে নিজৰ পৰৱৰ্তী জনমত হিন্দু সকলৰ দ্বাৰা নিৰ্যাতিত আৰু শোষিত এজনী দলিত ছোৱালীৰ ৰূপত জন্ম লাভ কৰিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল ৷ যদি তেখেতৰ এই ইচ্ছা পূৰণ হ'লহেতেন তেন্তে তেখেতে নিজৰ গৃহৰাজ্য গুজৰাটত দলিতসকলৰ পৰিস্থিতি যোৱা দশকতকৈও অধিক নিপীড়িত ৰূপত দেখিলেহেতেন ৷
- যোৱা 23 টা বছৰে দলিত শ্ৰেণীৰ 524 জনতকৈও অধিক লোকক উচ্চবৰ্ণ হিন্দু সকলে হত্যা কৰাৰ লগতে 1,133 গৰাকী দলিত মহিলাক ধৰ্ষণ কৰা কৰে ৷ ইয়াৰ উপৰিও 2,100 জন লোক গুৰুতৰভৱে আহত হয় ৷ সামগ্ৰিকভাৱে উক্ত সময়ছোৱাত দলিতসকলৰ ওপৰত হোৱা অত্যাচাৰৰ মুঠ 38,600 ঘটনা নিবন্ধিভুক্ত হয় ৷
- শৈশৱকালৰে পৰাই গোটেই জীৱন গান্ধীজীয়ে হিন্দু সমাজক জৰ্জৰিত কৰা অস্পৃশ্যতাৰ তীব্ৰ বিৰোধিতা কৰিছিল আনকি তেখেতে নিম্নবৰ্ণ লোকসকলক স্পৰ্শ কৰাৰ বিৰুদ্ধে নিজৰ মাতৃৰ সতৰ্ক বাণীও অস্বীকাৰ কৰিছিল ৷
- গান্ধীজীয়ে অস্পৃশ্যতাক হিন্দু ধৰ্মৰ সকলোতকৈ ডাঙৰ কলংক হিচাপে গণ্য কৰিছিল ৷ তেখেতে সংস্কৃত শাস্ত্ৰৰ পণ্ডিত সকলক প্ৰত্যাহ্বান জনাইছিল যে, বেদ আৰু পুৰাণত যদি অস্পৃশ্যতাৰ বাখ্যা আছে তেন্তে তেখেতক দেখুৱাই দিব পাৰে ৷ তেওঁ কয় যে, "এই বেদ আৰু পুৰাণৰ মাজত বৰ্ণিত অস্পৃশ্যতাক যদি কোনোবাই সমৰ্থন কৰে তেন্তে তেখেতে সেইটো প্ৰত্যাখ্যান কৰিব " ৷
- গান্ধীজীয়ে বিশ্বাস কৰিছিল যে উচ্চবৰ্ণৰ লোকসকলে তেখেতসকলৰ তথা তেখেতসকলৰ পূৰ্বপুৰুষৰ পাপ নিবাৰণৰ বাবে গৰুৰ মৃতদেহবোৰ নিস্পত্তিকৰণ, পৰিস্কাৰ পৰিচন্নতাৰ লগতে শৌচালয় নিৰ্মাণ আদি কামসমূহ কৰিব লাগে ৷ অস্পৃশ্যতা অপসাৰণৰ বাবে গান্ধীজীয়ে আন্তঃ জাতি বিবাহক সমৰ্থন কৰিছিল ৷ বাপুৱে এই ক্ষেত্ৰত ঘোষণা কৰিছিল যে তেখেতে কেৱলমাত্ৰ সেইসকল বিবাহতহে অংশগ্ৰহণ কৰিব য’ত দৰা দলিত শ্ৰেণীৰ আৰু কইনা উচ্চবৰ্ণৰ ৷
- গান্ধীজীয়ে নিজৰ বাতৰিকাকতৰ নামাকৰণ কৰিছিল ‘হৰিজন’(ইংৰাজী), ‘হৰিজন বন্ধু’(হিন্দী) আৰু ‘হৰিজন সেৱক’(গুজৰাটী) ৷ ‘হৰিজন’ৰ সম্পাদক মহাদেৱ দেশাইয়ে প্ৰতিদিনে নিজৰ গাঁৱৰ মাটি পৰিস্কাৰ কৰাৰ বাবে সেৱাগ্ৰাম আশ্ৰমৰ স্বেচ্ছাসেৱী দলক নেতৃত্ব দিছিল বুলি সম্পাদকগৰাকীৰ মৃত্যুৰ পিচত গান্ধীজীৰ সচিব হিচাপে দেশাইৰ বিশ্বাসী পিয়েৰালালে লিখিছিল ৷
- যিসকল লোকে মহাদেৱভাইৰ কৰ্ম দেখি প্ৰচণ্ড চাপৰ মাজতো দিনৰ পিচত দিন ধৰি ঝাড়ু ব্ৰিগেডৰ শিৰোনামাত বিষয়টো প্ৰকাশিত হোৱা প্ৰত্যক্ষ কৰিছিল সেইসকল লোকে তেখেতৰ ওকালতিৰ গভীৰতাক উপলব্ধি কৰিব পাৰিছিল ৷ গান্ধীজীৰ সময়ছোৱাতে দলিত আৰু গাঁৱৰ উত্থান হৈছিল ৷
- কাৰাগাৰৰ পৰা ৰেহাই পোৱাৰ পিচত সম্পূৰ্ণ এটা বছৰৰ(1933-34) লৈকে ‘হৰিজন যাত্ৰা’ আৰম্ভ হয় ৷ সেই সময়ছেৱাত গান্ধীজীয়ে হিন্দু মন্দিৰ সমূহত দলিত সকলৰ অবাধ প্ৰৱেশৰ বাবে প্ৰচাৰ চলাইছিল ৷ এই ক্ষেত্ৰত ৱাৰ্ধা মন্দিৰৰ দুৱাৰ মুকলি কৰা শিল্পলতি ভক্ত জানানলাল বাজাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
- গান্ধীজীৰ প্ৰচাৰৰ বাবেই কেৰেলাৰ ট্ৰাভানকোৰ ৰাজ্যৰ ৰজাই এটি ঘোষণা পত্ৰৰ জৰিয়তে তাৰ মন্দিৰসমূহত দলিতৰ প্ৰৱেশৰ বাবে অনুমতি প্ৰকাশ কৰে ৷ ইয়াৰ পূৰ্বে গান্ধীজীয়ে মন্দিৰ সমূহলৈ যোৱা চৰকাৰী পথত দলিতসকলৰ চলাচল বন্ধ কৰাৰ বাবে কেৰেলাৰ ভাইকোমত সত্যাগ্ৰহ আন্দোলনত সম্পূৰ্ণ সমৰ্থন কৰিছিল ৷
- যদিও গান্ধীজী আৰু ড৹ বি আম্বেদকাৰৰ মাজত কিছু বিষয়ক লৈ মতাদৰ্শৰ পাৰ্থক্য আছিল, কিন্তু গান্ধীজীয়ে পণ্ডিত জৱাহৰলাল নেহেৰু সৈতে ড৹ আম্বেদকাৰক তেখেতৰ মন্ত্ৰীসভাত অন্তৰ্ভূক্ত কৰাৰ বাবে জোৰ কৰিছিল ৷ ড৹ আম্বেদকাৰ সদায় কংগ্ৰেছ বিৰোধী আছিল মই তেখেতক কেনেকৈ মন্ত্ৰী কৰিব পৰো বুলি নেহেৰুৱে গান্ধীজীক প্ৰশ্ন কৰিছিল ৷ তাৰ পৰৱৰ্তী সময়ত ড৹ আম্বেদকাৰক কেন্দ্ৰীয় আইন মন্ত্ৰী হিচাপে নেহেৰুৰ প্ৰথম মন্ত্ৰীসভাত অন্তৰ্ভূক্ত কৰা হৈছিল ৷
- আনহাতে, গান্ধীজীয়ে সংবিধান প্ৰণয়নৰ বাবে চৰকাকৰ পৰামৰ্শ দিয়াৰ বাবে সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ হিচাপে ড৹ আম্বেদকাৰক সমিতিৰ সদস্য কৰাৰ বাবে জোৰ দিছিল ৷
- ড৹ আম্বেদকাৰ আৰু গান্ধীজীৰ মাজত পাৰ্থক্যৰ মূল বিষয়টো আছিল অস্পৃশ্যতা অপসাৰণৰ উপায় সমূহ ৷ ড৹ আম্বেদকাৰে বিশ্বাস কৰিছিল যে আইন আৰু সংবিধানৰ দ্বাৰা সমৰ্থিত হ’লেহে দলিতসকলৰ ওপৰত হোৱা অত্যাচাৰ সমূহ নোহোৱা কৰিব পৰা যাব ৷ সাৰ্বজনীন ৰায় অবিহনে গান্ধীজীয়ে অকলে এই সমস্যা সমূহ সমাধান কৰিব নোৱাৰে ৷ সেইকাৰণে গান্ধীজীয় অস্পৃশ্যতা দূৰিকৰণৰ বাবে জনজাগৰণ সৃ্ষ্টিৰ ক্ষেত্ৰত বিশ্বাসী আছিল ৷
- বৰ্তমান সময়ত আইন আৰু সংবিধানে দলিতসকলৰ ওপৰত কৰা ভেদভাৱক দণ্ডনীয় অপৰাধ হিচাপে ঘোষণা কৰিছে, কিন্ত তাৰ পিচতো দলিতসকলৰ ওপৰত সময়ে সময়ে অপৰাধ সংঘটিত হৈয়ে আছে ৷
- নাচিকেতা দেশাই