ETV Bharat / bharat

গালৱান ভেলী সংঘৰ্ষৰ পিচতেই ভাৰত-চীন সীমান্তত 32টাকৈ পথ প্ৰকল্পৰ কামত ক্ষীপ্ৰতা - ভাৰত-চীন সীমান্তত পথ নিৰ্মাণকাৰ্য

ভাৰত-চীনৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ পিচতেই ভাৰত-চীন সীমান্তত চৰকাৰে 32টাকৈ পথ প্ৰকল্পৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ যোজা কৰিছে আৰু ইয়াক অনুমতি প্ৰদান কৰিছে ৷

ভাৰত-চীন সীমান্তত 32টাকৈ পথ প্ৰকল্পৰ কাম আৰম্ভ

author img

By

Published : Jun 23, 2020, 5:16 PM IST

নিউজ ডেস্ক, 23 জুন : ভাৰতীয় স্থলসেনা আৰু পিপুলছ লিবাৰেশ্বন আৰ্মীৰ সংঘৰ্ষৰ মাজতেই ভাৰত চৰকাৰে ভাৰত-চীন সীমান্তত চলি থকা পথ-প্ৰকল্পৰ কামসমূহ পুনৰীক্ষণ কৰিছে ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চৰকাৰে এনেকুৱা 32টা পথ-প্ৰকল্পৰ কাম সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়, কেন্দ্ৰীয় গড়কাপ্তানি বিভাগ, সীমান্ত পথ সংস্থা আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ মাজত হোৱা এক উচ্চস্তৰীয় আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়কঃ ভাৰত-চীনৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখা: জেনেৰেল ডি এছ হোদা(অৱসৰপ্ৰাপ্ত)

চীনৰ সীমান্তৰ সৈতে থকা 32টা পথ প্ৰকল্পৰ কাম সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনাৰ অন্তত এইদৰে ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ভাৰত-চীন সীমান্তত সৰ্বমুঠ 73টা পথৰ নিৰ্মাণকাৰ্য চলি আছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত ইয়াৰ ভিতৰত কেন্দ্ৰীয় গড়কাপ্তানি বিভাগে 12টা আৰু সীমান্ত পথ সংস্থাই 61টা পথৰ কাম কৰি আছে ৷ উল্লেখ্য যে, ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা সকলো আন্তঃগাঁথনিগত নিৰ্মাণকাৰ্যৰ বাবে মুখ্য তদাৰকী বিভাগ হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় ৷

লাডাখত ভাৰতীয় স্থলসেনা আৰু পিপুলছ লিবাৰেশ্বন আৰ্মীৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ পিচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ লাডাখত সীমান্ত পথ সংস্থাই তিনিটা অতিকে গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণকাৰ্য চলাই আছে ৷ পথৰ উপৰিও সীমান্তৱৰ্তী অঞ্চলত শক্তি, স্বাস্থ্য, টেলিকম আৰু শিক্ষাৰ দৰে আন্তঃগাঁথনিগত প্ৰকল্পটো অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷

লগতে পঢ়কঃ প্ৰসংগ ভাৰত-চীনঃ উত্তৰ পূৰ্বাঞ্চল ঘাটিত সাজু বায়ু সেনা

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ মতে, বিগত সময়চোৱাত ভাৰত-চীন সীমান্তত পথ নিৰ্মাণকাৰ্য দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ 2017-20চনৰ ভিতৰত পথ নিৰ্মাণৰ বাবে ঠাই মুকলি কৰা হৈছিল মুঠ 470 কিলোমিটাৰ ৷ এইক্ষেত্ৰত 2008-17 চনলৈ 230 কিলোমিটাৰ ঠাই মুকলি সম্পূৰ্ণ হৈছিল ৷ ইয়াৰ উপৰিও পৃষ্ঠভাগ চাফা কৰাৰ ক্ষেত্ৰটো 2008-17 চনৰ 170 কিলোমিটাৰৰ তুলনাত 2017-20 চনৰ ভিতৰত 380 কিলোমিটাৰ সম্পূৰ্ণ কৰা হৈছিল ৷ 2008-14 চনৰ এটা টানেলৰ বিপৰীতে 2014-20 চনৰ ভিতৰত ছটা টানেল সম্পূৰ্ণ কৰা হৈছিল ৷ ইয়াৰ লগতে সদ্যহাতে 19টা পথ টানেলৰ পৰিকল্পনা কৰা হৈছে আৰু 2008ৰ পৰা 2014 চনৰ 7,270 মিটাৰৰ বিপৰীতে 2014-20ৰ ভিতৰত 14,450 মিটাৰ সীমান্তৱৰ্তী পথত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে ৷

বিগত বৰ্ষত সীমান্তৱৰ্তী অঞ্চলত বাজেটৰ ৰাশিও বৃদ্ধি পাইছে ৷ 2008ৰ পৰা 2016 চনলৈ প্ৰতিবছৰত সীমান্তৱৰ্তী পথ নিৰ্মাণৰ বাবে 3,300 কোটিৰ পৰা 4,600 কোটিৰ ভিতৰত আছিল যিটো 2017-18 চনত 5,450 কোটি, 2018-19ত 6,700 কোটি, 2019-20ত 8,050 কোটি আৰু 2020-21 ত 11,800 কোটি ধাৰ্য কৰা হৈছে ৷

2008চনৰ পৰা 2014 চনলৈ 3,610 কিলোমিটাৰ পথৰ বিপৰীতে 2014-20 চনৰ ভিতৰত 4,764 কিলোমিটাৰ পথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে ৷

লগতে পঢ়কঃ ভাৰত-চীনৰ সীমা বিবাদ সংঘৰ্ষৰ এক বিৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.