নতুন দিল্লী,5 মাৰ্চঃ দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বুধবাৰে নিশা ভাৰতত প্ৰৱেশ কৰা ব্যক্তিৰ শাৰিৰীক স্বাস্থ্য পৰীক্ষা কৰিবলৈ এক নিৰ্দেশ প্ৰদান কৰিছে ৷ বিশেষকৈ আটাৰী, কাৰ্টাৰপুৰ আৰু আগৰতলা হৈ ভাৰতত প্ৰৱেশ কৰা যাত্ৰীৰ ক্ষেত্ৰত এই নিৰ্দেশ জাৰি কৰা হৈছে ৷ দিনকদিনে বৃদ্ধি পোৱা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে এই সতৰ্কতা অৱলম্বন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ চুবুৰীয়া দেশৰ পৰা অহা প্ৰতিজন যাত্ৰীৰ ক্ষেত্ৰত এই নিৰ্দেশ বাহাল থাকিব ৷ ইয়াৰ বাবে প্ৰৱেশ পথসমূহত অস্থায়ী স্বাস্থ্য পৰীক্ষা শিবিৰ স্থাপন কৰা হ’ব ৷ সম্প্ৰতি আটাৰী আৰু কাৰ্টাৰপুৰত যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে ৷ তদুপৰি দৈনন্দিন এই পৰীক্ষাৰ প্ৰতিবেদনসমূহ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷
পাকিস্তানৰ নিচেই সমীপত অৱস্থিত কাৰ্টাৰপুৰৰ গুৰুদ্বাৰা চাহিব দৰ্শন কৰিবলৈ বিভিন্ন ঠাইৰ পৰা যাত্ৰী অহাৰ প্ৰতি লক্ষ্য ৰাখি এই অঞ্চলতো যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা হৈছে ৷ উল্লেখ্য যে, ভাৰত-পাক সীমান্তৰ সমীপতে এই তীৰ্থস্থান অৱস্থিত ৷ কভিদ-19 ৰ মুখামুখি হ’বলৈ ভাৰতে কোনো ক্ৰটি এৰা নাই বুলি মন্তব্য আগবঢ়ায় গৃহ মন্ত্ৰণালয়ে ৷ ইফালে, পশ্চিমবংগৰ পেট্ৰাপ’লে আৰু আগৰতলাৰ প্ৰৱেশদ্বাৰতো অস্থায়ী স্বাস্থ্য পৰীক্ষা শিবিৰ স্থাপন কৰা হৈছে ৷ দুয়োটা প্ৰৱেশপথে ভাৰত-বাংলাদেশ সীমান্ত অৱস্থিত ৷ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ উদ্যোগত আটাৰী,কাৰ্টাৰপুৰ,আগৰতলা আৰু পেট্ৰাপ’লেত এক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷
লগতে চাওকঃগুৱাহাটীত আটক সন্দেহজনক কে এল অ’ সদস্য