নিউজ ডেস্ক, ৩০ মাৰ্চঃ কৰ্ণাটকত লক ডাউনৰ বাবে সুৰা পান কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টা এজন ব্যক্তিৰ । সোমবাৰে ঘটনা সন্দৰ্ভত মন্তব্য কৰিলে আৰক্ষীয়ে ।
আৰক্ষীৰ ভাষ্য অনুসৰি, কৰ্ণাটকৰ তুমকুৰু জিলাৰ মধুগীৰি অঞ্চলৰ নিবাসী ৪৮ বছৰীয়া হনুমানথপ্পা । ব্যক্তি গৰাকীয়ে সুৰা পান কৰিব নোপোৱাৰ বাবেই ডিঙিত আঘাট কৰি আত্মহত্যাৰ চেষ্টা চলাই । বৰ্তমান হনুমানথপ্পা বাংগালুৰুৰ এখন হাস্পতালত চিকি!সাধীন হৈ আছে । বিগত চাৰি দিন ধৰি সুৰাপান কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা চেষ্টা কৰে ব্যক্তিজনে ।