ETV Bharat / bharat

ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা ৪ গৰাকী লোক COVID-১৯ত আক্ৰান্ত

author img

By

Published : Jan 11, 2021, 6:21 PM IST

ইংলেণ্ড ভ্ৰমণ কৰি অহা ৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-১৯ৰ উপস্থিতি । ভাৰতত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৯৬ জনলৈ বৃদ্ধি ।

ইংলেণ্ড ভ্ৰমণ কৰি অহা ৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-১৯ৰ উপস্থিতি

নেশ্যনেল ডেস্ক, ১১ জানুৱাৰী: এয়াৰ ইণ্ডিয়াৰ বিমানেৰে ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা ৪ গৰাকী যাত্ৰী COVID-১৯ত আক্ৰান্ত । জেনেষ্ট্ৰিংছ জেনেটিক লেবৰেটৰীৰ প্ৰতিষ্ঠাপক-নিৰ্দেশক ডা০ গৌৰী আগৰৱালে জানিবলৈ দিয়া মতে, ইংলেণ্ডৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনত ৩টা শিশুসহ মুঠ ১৮৬ গৰাকী যাত্ৰী আছিল । ৩ ঘণ্টাৰ ভিতৰত আটাইকেইগৰাকীৰে COVID-১৯ পৰীক্ষা সম্পন্ন হয় ।

উল্লেখ্য যে, ইংলেণ্ডত আৰম্ভ হোৱা COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমণ বৰ্তমান কেইবাখনো দেশলৈ বিয়পিছে । ভাৰতত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৯৬ জনলৈ বৃদ্ধি হৈছে । ইংলেণ্ডত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমণ আৰম্ভ হোৱাৰ পিছতে ভাৰত চৰকাৰে ইংলেণ্ড আৰু ভাৰত চৰকাৰৰ মাজত বিমান পৰিবহণ বিগত বৰ্ষৰ ২২ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে অস্থায়ীভাৱে নিষিদ্ধ কৰিছিল ।

যোৱা ৮ জানুৱাৰীৰ পৰা বিমান পৰিবহণৰ ক্ষেত্ৰত শিথিলতা অনা হৈছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত ১৬,৩১১ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । এতিয়ালৈকে দেশত ১,০০,৯২,৯০৯ জন লেক সুস্থ হৈ উঠিছে । মাত্ৰ এটা দিনত মৃত্যু হোৱা ১৬১ জন লোকসহ বৰ্তমানলৈকে ১,৫১,১৬০ জন লোকে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক:প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি অহা কৃষকৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.