ETV Bharat / bharat

মিৰাটত ক’ভিড 19ৰ নতুন প্ৰবাহত আক্ৰান্ত চাৰি মহিলা - COVID 19 new strain

উত্তৰ প্ৰদেশৰ মিৰাটত ক’ভিড 19ৰ নতুন প্ৰবাহত আক্ৰান্ত 4 গৰাকী মহিলা ৷ মহিলা কেইগৰাকী মিৰাটৰ মেন্ট্ৰ’পলিচৰ বলৱন্ত এনক্লেভৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ এই অট্টালিকাটোতে পোন প্ৰথমবাৰৰ বাবে এজনী কনমানিৰ দেহত এই নতুন প্ৰবাহৰ লক্ষ্যণ দেখিবলৈ পোৱা গৈছিল ৷

up_mrt_01_increassing_new_covid_photo_7203472
মিৰাটত ক’ভিড 19ৰ নতুন প্ৰবাহত আক্ৰান্ত চাৰি মহিলা
author img

By

Published : Jan 9, 2021, 12:37 PM IST

নেশ্যনেল ডেস্ক,9 জানুৱাৰী: উত্তৰ প্ৰদেশৰ মিৰাটত পুনৰ ক’ভিড 19ৰ নতুন প্ৰবাহত আক্ৰান্ত 4 গৰাকী মহিলা ৷ ইয়াৰ পিছতেই ৰাজ্যখনত ক’ভিড 19ৰ নতুন প্ৰবাহত আক্ৰান্তৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি হয় ৷ তথ্য অনুসৰি মহিলা কেইগৰাকী মিৰাটৰ মেন্ট্ৰ’পলিচৰ বলৱন্ত এনক্লেভৰ বাসিন্দা ৷ এই বলৱন্ত এনক্লেভতে ইংলেণ্ডৰ পৰা উভতি অহা এজনী কনমানিৰ দেহত পোন প্ৰথমবাৰৰ বাবে এই নতুন প্ৰবাহৰ লক্ষ্যণ দেখিবলৈ পোৱা গৈছিল ৷

ক’ভিডৰ এই নতুন প্ৰবাহত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতেই আৰু অধিক সক্ৰিয় হৈ পৰিছে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ ৷ সম্প্ৰতি প্ৰশাসনে অট্টালিকাটো চীল কৰি দিছে আৰু পজিটিভ আটাইকেইগৰাকী মহিলাকে চিকিৎসাৰ বাবে বিশেষ ৱাৰ্ডলৈ প্ৰেৰণ কৰা হৈছে ৷

উল্লেখ্য যে, বিগত 14 ডিচেম্বৰত মিৰাটৰ সন্ত বিহাৰ কলনীত লণ্ডনৰ পৰা উভটি অহা এটি পৰিয়ালৰ এজনী 2 বছৰীয়া কনমানিৰ দেহত পোন প্ৰথমবাৰৰ বাবে এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল ৷ ইয়াৰ পিছতেই কনমানিজনীৰ মাক-দেউতাক আৰু দুজন আত্মীয়ৰ দেহটো ইয়াৰ উপস্থিতি ধৰা পৰে ৷

স্বাস্থ্য বিভাগে এই পৰিয়ালটোৰ সংস্পৰ্শলৈ অহা লোকসকলৰ স্বাৱৰ নমুনা পৰীক্ষাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰে ৷ এই টেষ্টৰ ৰিপোৰ্টতে আন 4 গৰাকী মহিলাও এই প্ৰবাহত আক্ৰান্ত বুলি ধৰা পৰে ৷

লগতে পঢ়ক-বিৰোধীয়ে কৃষক আন্দোলনক ৰাজনীতিকৰণ কৰিছে : গজেন্দ্ৰ সিং শেখাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.