ETV Bharat / bharat

কাশ্মীৰত অব্যাহত অচলাৱস্থাঃ নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত আহত 4 জন

author img

By

Published : Oct 29, 2019, 5:35 PM IST

কাশ্মীৰ উপত্যকাত অব্যাহত অচলাৱস্থা ৷ ইউৰোপিয়ান ইউনিয়নৰ 23 জনীয়া প্ৰতিনিধি মণ্ডলৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তেই বিক্ষোভকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ৷ সংঘৰ্ষত আহত চাৰিজনকৈ লোক ৷

কাশ্মীৰত অব্যাহত অচলাৱস্থাঃ নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত আহত 4 জন

নিউজ ডেস্ক,29 অক্টোবৰঃ মংগলবাৰে কাশ্মীৰত বিক্ষোভকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হোৱা সংঘৰ্যত চাৰিজনকৈ লোক আহত হয় ৷ উক্ত সংঘৰ্ষটো সংঘটিত হোৱাৰ পাছতেই অচল হৈ পৰে ৰাজধানী শ্ৰীনগৰৰ স্বাভাৱিক জনজীৱন ৷ এজন আৰক্ষী বিষয়াৰ পৰা প্ৰাপ্ত তথ্যনুসৰি সমগ্ৰ শ্ৰীনগৰতে এই ঘটনাৰ পাছত দোকান-পোহাৰ আৰু অন্যান্য ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰে ৷

জানিব পৰা মতে, ইউৰোপিয়ান ইউনিয়নৰ 23 জনীয়া প্ৰতিনিধিমণ্ডলে সংবিধানৰ 370 নং অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে অহাৰ দিনাই সংঘৰ্ষৰ উদ্ভৱ হয় ৷

আৰক্ষী বিষয়া এগৰাকীৰ ভাষ্য অনুসৰি কাশ্মীৰৰ ভিন্ন অঞ্চলৰ লগতে শ্ৰীনগৰ চহৰৰ বিভিন্ন প্ৰান্তত বিক্ষোভকাৰী আৰু নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিজনকৈ লোক আহত হয় ৷

আনহাতে বাতৰি যুগুত কৰা পৰলৈকে চহৰৰ বিভিন্ন এলেকাৰ লগতে উপত্যকাৰ বিভিন্ন অঞ্চলত সংঘৰ্ষ অব্যাহত আছে ৷ জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ বিশেষ মৰ্যাদা 370 নং অনুচ্ছেদ প্ৰত্যাহাৰ আৰু ৰাজ্যখনক দ্বি-খণ্ডিত কৰি দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে ঘোষণা কৰাৰ 86 দিন ওকলি যোৱাৰ পাছতো উপত্যকাত স্বাভাৱিক জীৱন-যাত্ৰা আজিও অচল হৈ আছে ৷

ৰাজ্যখনৰ বজাৰসমূহ অনিৰ্দিষ্টকালীনভাৱে বন্ধ হৈ থকাৰ বিপৰীতে নিৰাপত্তাৰক্ষী আৰু বিক্ষোভ প্ৰদৰ্শনকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত প্ৰায়বোৰ যান-বাহনৰ চলাচল বন্ধ হৈ আছে ৷

বিভিন্ন ব্যৱসায়ীয়ে বিগত দুমাহ ধৰি দোকানসমূহ বন্ধ ৰখাৰ দৰে আজিও বন্ধ ৰাখিবলৈ বাধ্য হৈ পৰাৰ কথা অৱগত কৰে নাম প্ৰকাশত অনিচ্ছুক আৰক্ষী বিষয়াগৰাকীয়ে ৷

একেদৰে, উচ্চ মাধ্যমিকৰ দশম শ্ৰেণীৰ পৰিষদীয় পৰীক্ষাসমূহ পূৰ্বৰ সূচীমতে অনুষ্ঠিত হৈ আহিছে যদিও অভিভাৱক সকলে সন্তানৰ নিৰাপত্তাৰ ক্ষেত্ৰত দুচিন্তাত ভুগি পৰীক্ষা কেন্দ্ৰৰ বাহিৰতেই অপেক্ষা কৰা পৰিলক্ষিত হৈছে ৷

আৰক্ষী বিষয়াগৰাকীয়ে শিশুৰ সুৰক্ষাৰ বিষয়টো সমাজৰ দায়িত্বশীল চামৰ বাবে প্ৰথম প্ৰয়োজনীয় বিষয় বুলি অভিহিত কৰে ৷

বিগত তিনিমাহত বন্ধ বিদ্যালয়সমূহ পুনৰ মুকলিৰ বাবে ৰাজ্য চৰকাৰৰ সকলো পদক্ষেপ অসাৰ প্ৰতিপন্ন হোৱা পৰিলক্ষিত হৈছে ৷ যিহেতু নিৰাপত্তাৰ দোহাই দি সৰহসংখ্যক অভিভাৱকে নিজ শিশুক বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱৰ্তে ঘৰতে ৰাখিবলৈ বাধ্য হৈ পৰিছে ৷

যদিও সকলোধৰণৰ লেণ্ডলাইন আৰু পোষ্টপেইড ম'বাইল সেৱা পুনৰ আৰম্ভ কৰা হৈছে, তথাপিও বিগত 5 আগষ্টৰ পৰা উপত্যকাত সকলোধৰণৰ ইণ্টাৰনেট সেৱা আজি পৰ্যন্ত প্ৰত্যাহাৰ হৈ আছে ৷

প্ৰায়বোৰ উচ্চ পৰ্যায়ৰ লগতে উপত্যকাৰ বিচ্ছিন্নতাবাদী নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে জম্মু-কাশ্মীৰৰ মূলসুঁতিৰ ৰাজনীতিৰ লগত জড়িত নেতৃবৰ্গ বিশেষকৈ দুজনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে- নেছনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুলা আৰু পিপলছ ডেমক্ৰেটিক ফ্ৰণ্টৰ নেত্ৰী মেহবুবা মুফটিক গৃহবন্দী কৰি ৰখা হৈছে ৷

আনকি কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শ্ৰীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত বৰ্তমানৰ সাংসদ ফাৰুক আব্দুল্লাক বিৰ্তকিত ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত নিজ গৃহতে গৃহবন্দী কৰি ৰাখিছে ৷

আৰ পঢ়ক কাশ্মীৰত ইউৰোপিয়ান সংঘৰ প্ৰতিনিধি

Intro:Body:

শ্ৰীনগৰত অব্যাহত অচলাৱস্থাঃ নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত আহত 4 জন

কাশ্মীৰ উপত্যকাত অব্যাহত অচলাৱস্থা ৷ ইউৰোপিয়ান ইউনিয়নৰ 23 জনীয়া প্ৰতিনিধি মণ্ডলৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তেই প্ৰদৰ্শনকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ৷ সংঘৰ্ষত আহত  চাৰিজনকৈ লোক ৷

নিউজ ডেস্ক,29 অক্টোবৰঃ মংগলবাৰে কাশ্মীৰত প্ৰদৰ্শনকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হোৱা সংঘৰ্যৰ সূত্ৰপাতত চাৰিজনকৈ লোক আহত হয় ৷ উক্ত সংঘৰ্ষটো সংঘটিত হোৱাৰ পাছতেই অচল হৈ পৰে ৰাজধানী শ্ৰীনগৰৰ জনজীৱন ৷ এজন আৰক্ষী বিষয়াৰ পৰা প্ৰাপ্ত তথ্যনুসৰি সমগ্ৰ শ্ৰীনগৰতে ইয়াৰ পাছত দোকান-পোহাৰ আৰু অন্যান্য ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰে ৷

জানিব পৰা মতে, ইউৰোপিয়ান ইউনিয়নৰ 23 জনীয়া প্ৰতিনিধিমণ্ডলে সংবিধানৰ 370 নং অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি  পৰ্যবেক্ষণৰ বাবে অহাৰ দিনাই সংঘৰ্ষৰ উদ্ভৱ হয় ৷আৰক্ষী বিষয়া এগৰাকীৰ ভাষ্য অনুসৰি জানিব পৰা মতে কাশ্মীৰৰ ভিন্ন অঞ্চলৰ লগতে শ্ৰীনগৰ চহৰৰ বিভিন্ন প্ৰান্তত বিক্ষোভকাৰী আৰু নিৰাপত্তা বাহিনীসমূহৰ সৈতে হোৱা সংঘৰ্ৰ সূত্ৰপাতত চাৰিজনকৈ লোক আহত হয় ৷ আনহাতে বাতৰি যুগুতোৱাৰ পৰলৈকে চহৰৰ বিভিন্ন এলেকাৰ লগতে উপত্যকাৰ বিভিন্ন অঞ্চলত সংঘৰ্ষ অব্যাহত থকাৰ বাতৰি আহিছে ৷

জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ বিশেষ মৰ্যাদা 370 নং অনুচ্ছেদ প্ৰত্যাহাৰ আৰু ৰাজ্যখনক দ্বি-খণ্ডিত কৰি দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে ঘোষণা কৰাৰ 86 দিন ওকলি যোৱাৰ পাছতো উপত্যকাত স্বাভাৱিক জীৱন-যাত্ৰা আজিও অচল হৈ আছে ৷ ৰাজ্যখনৰ বজাৰসমূহ অনিৰ্দিষ্টকালীনভাৱে বন্ধ হৈ থকাৰ বিপৰীতে নিৰাপত্তাৰক্ষী আৰু প্ৰদৰ্শনকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত প্ৰায়বোৰ যান-বাহন বন্ধ হৈ আছে ৷  বিভিন্ন বেপাৰী তথা ক্ষুদ্ৰ ব্যৱসায়ীয়ে বিগত দুমাহ ধৰি দোকানসমূহ বন্ধ ৰখাৰ দৰে আজিও বন্ধ ৰাখিবলৈ বাধ্য হৈ পৰাৰ কথা অৱগত কৰে নাম প্ৰকাশত অনিচ্ছুক আৰক্ষী বিষয়াগৰাকীয়ে ৷

একেদৰে, উচ্চ মাধ্যমিকৰ দশম শ্ৰেণীৰ পৰিষদীয় পৰীক্ষাসমূহ পূৰ্বৰ সূচীমতে অনুষ্ঠিত হৈ আহিছে যদিও অভিভাৱক-অভিভাৱিকাসকলে সন্তানৰ নিৰাপত্তাৰ ক্ষেত্ৰত দুচিন্তাত ভুগি পৰীক্ষা কেন্দ্ৰৰ বাহিৰতেই অপেক্ষা কৰা পৰিলক্ষিত হৈছে ৷ আৰক্ষী বিষয়াগৰাকীয়ে শিশুৰ সুৰক্ষা বিষয়টো সমাজৰ দায়িত্বশীল চামৰ বাবে প্ৰথম প্ৰয়োজনীয় বিষয় বুলি অভিহিত কৰে ৷ বিগত তিনিমাহত বন্ধ বিদ্যালয়সমূহ পুনৰ মুকলিৰ বাবে ৰাজ্য চৰকাৰৰ সকলো পদক্ষেপ অসাৰ প্ৰতিপন্ন হোৱা পৰিলক্ষিত হৈছে ৷ যিহেতু নিৰাপত্তাৰ দোহাই দি সৰহসংখ্যক অভিভাৱকে নিজ শিশুক বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱৰ্তে ঘৰতে ৰাখিবলৈ বাধ্য হৈ পৰিছে ৷ যদিও সকলোধৰণৰ লেণ্ডলাইন আৰু পোষ্টপেইড ম'বাইল সেৱা পুনৰ আৰম্ভ কৰা হৈছে, তথাপিও বিগত 5 আগষ্টৰ পৰা উপত্যকাত সকলোধৰণৰ ইণ্টাৰনেট সেৱা পৰ্যন্ত প্ৰত্যাহাৰ হৈ আছে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.