উত্তৰ প্ৰদেশ, ২ জুনঃ উত্তৰ প্ৰদেশৰ বদায়ু জিলাৰ ইছলামাবাদ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশা প্ৰসৱৰ পাছতে চাৰিটাকৈ শিশুৰ মৃত্যুৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃত শিশুকেইটাৰ পৰিয়ালৰ লোকে স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মীয়ে ৪০০ টকাৰ পৰা ১,৫০০ টকা পৰ্যন্ত উৎকোচ লোৱাৰ অভিযোগ কৰিছে । ইয়াৰ উপৰি স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মীয়ে বাহিৰৰ পৰা ঔষধ ক্ৰয়ৰ বাবে হেঁচা দিয়াৰ কথাও পৰিয়ালকেইটাই উল্লেখ কৰে ।
![Four infants die during birth at Uttar Pradesh PHC in one night](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:55_up-bdu-bilsi-4-upc10113_02062020114223_0206f_1591078343_735.jpg)
অঞ্চলটোৰ স্থানীয়লোকে উল্লেখ কৰা অনুসৰি, স্বাস্থ্য কেন্দ্ৰটোত মৃত্যু হোৱা শিশুৰ সংখ্যা প্ৰকাশিত তথ্যতকৈ বহুত বেছি । স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মীৰ গাফিলতিৰ বাবেই শিশুকেইটাৰ মৃত্যু হৈছে । কেন্দ্ৰটোত কৰ্মৰত নাৰ্ছগৰাকীয়ে বহু পূৰ্বে অৱসৰ লৈছে যদিও এতিয়াও চিকিৎসা প্ৰদান কৰি আহিছে । আনহাতে স্বাস্থ্য কেন্দ্ৰটোৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে কেন্দ্ৰটোলৈ যোৱাৰ পৰিৱৰ্তে ঘৰৰ পৰাই কাম কৰে । ঘটনা সংঘটিত হোৱাৰ দিনাও বিষয়াগৰাকী স্বাস্থ্য কেন্দ্ৰলৈ নোযোৱাৰ অভিযোগ কৰিছে মৃত শিশুকেইটাৰ পৰিয়ালৰ লগতে স্থানীয়লোকে ।
![Four infants die during birth at Uttar Pradesh PHC in one night](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:55_up-bdu-bilsi-4-upc10113_02062020114223_0206f_1591078343_901.jpg)
লগতে কৃত্ৰিম বানপানী সন্দৰ্ভত পৌৰ নিগমৰ মন্ত্ৰী-বিষয়াৰ লগত মুখ্যমন্ত্ৰীৰ বৈঠকপঢ়কঃ