ETV Bharat / bharat

কৰ্ণাটকত নাও দুৰ্ঘটনা, সন্ধানহীন 4 গৰাকী মাছমৰীয়া - চিকিৎসালয়ত ভৰ্তি

কৰ্ণাটকত সন্ধানহীন 4 গৰাকী মাছমৰীয়া ৷ সাগৰত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত সন্ধানহীন লোক 4 গৰাকী ৷ 7 গৰাকী লোকক উপকূলী আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে ৷

Four fishermen missing after boat hits breakwater in Karnataka
কৰ্ণাটকত নাও দুৰ্ঘটনা, সন্ধানহীন 4 গৰাকী মাছমৰীয়া
author img

By

Published : Aug 17, 2020, 12:15 AM IST

নিউজ ডেস্ক, 16 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দেওবাৰে কৰ্ণাটকৰ উদ্দুপি জিলাত মাছ মাৰিবলৈ যোৱা চাৰিজন লোক সন্ধানহীন ৷ উপকূল সুৰক্ষা বাহিনীৰ তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখনত 11 গৰাকী মাছমৰীয়া আছিল ৷ তাৰে ভিতৰত বৰ্তমান 4 গৰাকী সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ তীব্ৰ বেগী অহা বতাহ আৰু বতাহৰ ফলত সৃষ্টি হোৱা ঢৌৰ ফলত নাওখনে নিয়ন্ত্ৰণ হেৰুওৱাত দুৰ্ঘটনা সংঘটিত হয় ৷ সন্ধানহীন হোৱা লোক কেইগৰাকী ক্ৰমে, শেখৰ, নাগা, লক্ষণ আৰু মজুনাথ বুলি জানিব পৰা গৈছে ৷

আনহাতে, আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মাছমৰীয়া কেইগৰাকী সাগৰত মাছ মাৰিবলৈ গৈছিল ৷ যাৰ ভিতৰত 4 গৰাকী বৰ্তমান সন্ধানহীন ৷ উদ্ধাৰ কৰা 7 গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ সন্ধানহীন হোৱা লোক কেইজনক বিচাৰি বৰ্তমান তদন্ত অব্যাহত আছে ৷

আনহাতে, মাছমৰীয়া কেইজনৰ গৰাকীয়ে জনোৱা অনুসৰি, ইয়াৰ পূৰ্বেও এনেকুৱা ঘটনা সংঘটিত হৈছে ৷ মাছমৰীয়া কেইজনে নিজকে বচাবলৈ সাঁতুৰি পাৰ হ'বলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : পুনৰ তিনিমাহলৈ বৃদ্ধি কাফিল খানৰ কাৰাবাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.