নিউজ ডেস্ক, ২২ জুন : লক্ ডাউনৰ মাজতে সোমবাৰে অলবৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা চাৰিজন বাংলাদেশী কাৰাবন্দী কাৰাগাৰৰ পৰা পলাবলৈ সক্ষম হয় ।
তথ্য অনুসৰি, দুপৰীয়া প্ৰায় ১ বজাত কাৰাগাৰৰ বেৰ ভাঙি পলাবলৈ সক্ষম হয় কয়দী চাৰিজনে । উক্ত ঘটনাৰ পিচতে শীৰ্ষ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে ।
![four-bangladeshi-detainees-escaped-from-alwar-central-jail-in-rajasthan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09:17:21:1592840841_7723214_15_7723214_1592834945709.png)
ইটিভি ভাৰতক অতিৰিক্ত আৰক্ষী অধীক্ষক শিৱলাল বেৰবাই জনাই যে, বিদেশী কাৰাবন্দী সকলৰ কাৰাবাস শেষ হোৱাৰ পিচত তেওঁলোকক এই স্থানলৈ অনা হয় আৰু সোমবাৰে দুপৰীয়া ১ মান বজাত তেওঁলোক পলাবলৈ সক্ষম হয় । লগতে তেওঁ এইবুলিও উল্লেখ কৰে যে, বৰ্তমান তেওঁলোকক বিচাৰি তদন্ত আৰম্ভ কৰা হৈছে । অতি সোণকালে আমি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হম ।
উল্লেখযোগ্য যে, বিদেশী কাৰাবন্দী সকলৰ কাৰাবাস শেষ হোৱাৰ পিচত তেওঁলোকক সমৰ্পন কৰাৰ আগতে এই কেন্দ্ৰত ৰখা হয় । বাংলাদেশ আৰু পাকিস্তানৰ আটকাধীন কাৰাবন্দী সকলক উক্ত কাৰাগাৰখনত ৰখা হয় ।