ETV Bharat / bharat

ৰাজস্থানৰ প্ৰাক্তন বিত্তমন্ত্ৰী মানিক চন্দ্ৰ ছোৰানাৰ দেহাৱসান - মানসিং হাস্পতাল

90 বৰ্ষীয় মানিক চন্দ্ৰ ছোৰানা লুণকৰণচৰৰ পৰা 2013 ত অন্তিমবাৰৰ বাবে বিধায়ক হৈছিল ৷ ছোৰানা পাঁচবাৰকৈ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷ 2014 ত তেখেতক ৰাজস্থান বিধানসভাৰ সৰ্বশ্ৰেষ্ঠ বিধায়ক হিচাপেও নিৰ্বাচিত কৰা হৈছিল ৷

Former Rajasthan minister Surana passes away
ৰাজস্থানৰ প্ৰাক্তন বিত্তমন্ত্ৰী মানিক চন্দ্ৰ ছোৰানাৰ দেহাৱসান
author img

By

Published : Nov 25, 2020, 7:27 PM IST

নিউজ ডেস্ক, 25 নৱেম্বৰ : জ্যেষ্ঠ সমাজবাদী নেতা তথা ৰাজস্থানৰ পূৰ্বৰ বিত্তমন্ত্ৰী মানিক চন্দ্ৰ ছোৰানাই বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ জয়পুৰৰ চিকিৎসালয়ত চিকিৎসা চলি আছিল ছোৰানাৰ ৷ কৰ‘ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত তেখেতক 29 অক্টোবৰত জয়পুৰৰ আৰ.ইউ,এচ,এইছত ভৰ্তি কৰোৱা হৈছিল ৷ য‘ত তেওৰ কৰ‘ণা ৰিপ‘ৰ্ট নিগেটিভ আহিছিল ৷ কিন্তু তেখেতৰ স্বাস্থ্যৰ অৱস্থা সুস্থ নোহোৱাত তেখেতক হাস্পতালতে ৰখা হৈছিল ৷ পৰৱৰ্তী সময়ত তেখেতক মানসিং হাস্পতাললৈ স্থানান্তৰিত কৰা হয় যদিও বুধবাৰে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ৷ বৃহস্পতিবাৰে তেখেতৰ অন্তিম সৎকাৰ বীকেনাৰত সম্পন্ন কৰা হ‘ব ৷

90 বৰ্ষীয় মানিক চন্দ্ৰ ছোৰানা লুণকৰণচৰৰ পৰা 2013 ত অন্তিমবাৰৰ বাবে বিধায়ক হৈছিল ৷ ছোৰানা পাঁচবাৰকৈ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷ 2014 ত তেখেতক ৰাজস্থান বিধানসভাৰ সৰ্বশ্ৰেষ্ঠ বিধায়ক হিচাপেও নিৰ্বাচিত কৰা হৈছিল ৷ মানিক চন্দ্ৰ ছোৰানা বিকেনাৰত সমাজবাদী নেতা হিচাপে পৰিচিত আছিল আৰু 1962 চনত তেখেত প্ৰথমবাৰৰ বাবে সমাজবাদী দলৰ পৰা কোলায়ত বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷

লগতে পঢ়ক: আন্তৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মুকলি হ'ব ৰাছিয়াৰ ক'ৰণা প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.