ETV Bharat / bharat

আজি সম্পন্ন হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ অন্তোষ্টিক্ৰিয়া

author img

By

Published : Sep 1, 2020, 7:56 AM IST

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূৰ্খাৰ্জীৰ মঙলবাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব ৷ নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত তেওঁৰ নশ্বৰ দেহত সকলোৱে অন্তিম শ্ৰদ্ধা প্ৰদানৰ সুবিধা লাভ কৰিব ৷

Funeral of former President Pranab Mukherjee to be held today
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ অন্তোষ্টিক্ৰিয়া

নেশ্যনেল ডেস্ক, 1 ছেপ্টেম্বৰ : দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূৰ্খাৰ্জীৰ মঙলবাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব ৷ নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত তেওঁৰ নশ্বৰ দেহত সকলোৱে অন্তিম শ্ৰদ্ধা প্ৰদানৰ সুবিধা লাভ কৰিব ৷

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জাৰি কৰা এক প্ৰতিবেদন অনুসৰি, চৰকাৰী বিষয়ববীয়া সকলক অন্তিম শ্ৰদ্ধা প্ৰদানৰ বাবে পুৱা 9:15 বজাৰ পৰা 10:15 বজালৈ সময় প্ৰদান কৰা হৈছে ৷ আনহাতে, অন্যান্য বিষয়ববীয়াৰ বাবে 45 মিনিটৰ সময় ধাৰ্য কৰি দিয়া হৈছে ৷ ইয়াৰ পাচতে 10 ৰাজাজী মাৰ্গত সাধাৰণ ৰাইজক অন্তিম শ্ৰদ্ধাঞ্জলীৰ সুবিধা প্ৰদান কৰা হ'ব ৷ ক'ভিড-19 প্ৰট'কল অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ নশ্বৰ দেহ মৃতদেহ কঢ়িওৱা বাহনত লৈ যোৱা হ'ব ৷ এই সময়ছোৱাত ক'ভিড-19 ৰ সকলো নিৰ্দেশাৱলী মানি চলা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰণালয়ে ৷

উল্লেখ্য যে, সোমবাৰে আৰ আৰ আৰ্মী হাস্পতালত মূখাৰ্জীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ অসুস্থতাৰ বাবে এই মাহৰ প্ৰথম ভাগতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ ৷ 10 আগষ্টক তেওঁক আৰ্মী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু ইয়াৰ পাচতে তেওঁ ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছিল ৷

টুইটাৰৰ জৰিয়তে মূখাৰ্জীৰ মৃত্যুৰ কথা ঘোষণা কৰে তেওঁৰ পুত্ৰ অভিজিত মূখাৰ্জীয়ে ৷ তেওঁ লিখে, "অতি কষ্টৰে ক'ব বিচাৰো যে, আৰ আৰ হাস্পতালৰ যৎপৰোনাস্তি চেষ্টা আৰু দেশবাসীৰ প্ৰাৰ্থনা, দোৱাৰ পাচতো মোৰ দেউতা শ্ৰী প্ৰণৱ মূখাৰ্জীয়ে আজি অন্তিম নিশ্বাস ত্যাগ কৰে ৷ মই সকলোকে ধন্যবাদ জনাব বিচাৰিছো ৷"

  • With a Heavy Heart , this is to inform you that my father Shri #PranabMukherjee has just passed away inspite of the best efforts of Doctors of RR Hospital & prayers ,duas & prarthanas from people throughout India !
    I thank all of You 🙏

    — Abhijit Mukherjee (@ABHIJIT_LS) August 31, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে, 31 আগষ্টৰ পৰা 6 ছেপ্টেম্বৰলৈ এসপ্তাহৰ ৰাজ্যিক শোক পালন কৰিব ৷ এই সময়ছোৱাত দেশৰ সকলো স্থানতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব আৰু কোনো চৰকাৰী বিনোদনমূলক কাৰ্যসূচী পালন কৰা নহয় ৷

লগতে পঢ়ক : 4 ছেপ্টেম্বৰলৈ অসমত কাৰ্যকৰী নহ'ব আনলক 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.