ETV Bharat / bharat

এসময়ৰ নাগপুৰ কৰ্পৰেটৰ আজি প্ৰহৰী - Nagpur Corporator becomes security guard to support family

পৰিয়ালটো পোহ-পাল দিবলৈ দেৱৰাও টিজাৰেৰ লগতে তেওঁৰ পত্নীয়েও কাম কৰে ৷ ইতিমধ্যে তেওঁৰ জ্যেষ্ঠ কন্যাক বিয়া দিয়াৰ লগতে কন্যাৰ সন্তানৰ শিক্ষা-দীক্ষাৰ বাবে আৰ্থিক উপাৰ্জন কৰে দেৱৰাও টিজাৰেয়ে ৷ কিন্তু মনৰ মাজত পিতৃৰ দৰে এজন নেতা হোৱা ইচ্ছা পুহি ৰাখিছে 72 বছৰীয়া দেৱৰাও টিজাৰেয়ে ৷

Former Nagpur Corporator becomes security guard to support family
এসময়ৰ নাগপুৰ কৰ্পৰেটৰ আজি প্ৰহৰী
author img

By

Published : Jul 19, 2020, 8:03 PM IST

নিউজ ডেস্ক, 19 জুলাইঃ এসময়ৰ নাগপুৰ নাগৰিক সন্থাৰ স্থায়ী সমিতিৰ অধ্যক্ষ আজি এটা প্ৰতিষ্ঠানৰ প্ৰহৰী ৷ এসময়ৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱৰাও টিজাৰে আজি চহৰখনৰ এটা প্ৰতিষ্ঠানত চকীদাৰ হিচাপে নিযুক্ত ৷ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ বাবে এনেদৰে নিযুক্ত হৈ আছে এসময়ৰ কৰ্পৰেটৰ ৷

লগতে পঢ়কঃ বৰবহাৰ অপহৃত নাবালিকা জুৰীয়াত উদ্ধাৰ

1985 চনত নাগপুৰৰ শান্তি নগৰ ৱাৰ্ডৰ প্ৰথমজন কৰ্পৰেটৰ লগতে 1991 চনত নাগপুৰ পৌৰসভাৰ স্থায়ী সমিতিৰ অধ্যক্ষ আছিল দেৱৰাও টিজাৰে ৷ ইয়াৰোপৰি Nagpur Improvement Trust (NIT) ন্য়াসপালো আছিল টিজাৰে ৷ তেওঁক 2002 চনত একেটা ৱাৰ্ডৰ পৰা দ্বিতীয়াবাৰৰ বাবে NCP প্ৰাৰ্থী হিচাবে কৰ্পৰেটৰ নিৰ্বাচিত কৰা হৈছিল ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ জনাই যে, জ্যেষ্ঠ ৰাজনীতিবিদ ডাট্টা মাঘে তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰৰ গ'ড ফাদাৰ আছিল ৷

লগতে পঢ়কঃবিপিএফৰ প্ৰথমগৰাকী প্ৰতিনিধি কৰ’ণা ভাইৰাছত আক্ৰান্ত

কিন্তু মোৰ পৰিয়ালটোৱে আৰ্থিক মন্দাৱস্থাৰ সৈতে যুঁজ দি থকা বাবে এটা প্ৰতিষ্ঠানত প্ৰহৰী হিচাবে নিযুক্ত হৈ তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰিছো বুলি জানিবলৈ দিয়ে দেৱৰাও টিজাৰেয়ে ৷ তেওঁ কয় যে, বিগত প্ৰায় 4-5 বছৰৰ পৰা 7000 টকা মাহিলী দৰমহাত তেওঁ চকীদাৰ হিচাবে কাম কৰি আহিছে ৷

প্ৰথমে সম্পত্তিৰ বেচা-কিনা মাধ্যমেৰে কিছু অৰ্থ উপাৰ্জন কৰিছিল যদিও পাছলৈ ৰিয়েল ষ্টেটৰ খণ্ডৱেও বিশেষ লাভালাভ কৰিব নোৱাৰা বাবে তেওঁ এই বৃত্তিটোলৈ আহিবলগীয়া হয় ৷ কিন্তু বৰ্তমানেও তেওঁ কংগ্ৰেছৰ এজন সংক্ৰিয় সদস্য বুলি অৱগত কৰে ৷ লগতে পৰৱৰ্তী সময়ত পুনৰ নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰে দেৱৰাও টিজাৰেয়ে ৷ লগতে তেওঁ জনাই যে, নিশাটো চকীদাৰ হিচাবে কাম কৰে যদিও দিনত তেওঁ এজন সক্ৰিয় ৰাজনীতিবিদ ৷

উল্লেখ্য যে, পৰিয়ালটো পোহ-পাল দিবলৈ দেৱৰাও টিজাৰেৰ লগতে তেওঁৰ পত্নীয়েও কাম কৰে ৷ ইতিমধ্যে তেওঁৰ জ্যেষ্ঠ কন্যাক বিয়া দিয়াৰ লগতে কন্যাৰ সন্তানৰ শিক্ষা-দীক্ষাৰ বাবে আৰ্থিক উপাৰ্জন কৰে দেৱৰাও টিজাৰেয়ে ৷ কিন্তু মনৰ মাজত পিতৃৰ দৰে এজন নেতা হোৱা ইচ্ছা পুহি ৰাখিছে 72 বছৰীয়া দেৱৰাও টিজাৰেয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.