ETV Bharat / bharat

প্ৰাক্তন বিধায়কৰ বাসভৱনত উচ্ছেদ চলালে প্ৰশাসনে

author img

By

Published : Jul 8, 2020, 5:35 PM IST

অবৈধ ভাবে কবৰস্থানৰ ভূমিত গৃহ নিৰ্মাণ কৰাৰ বাবে মংগলবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক ৰাম সেবাক সিঙ পেটেলৰ এটা দুমহলীয়া ভবনৰ এটা অংশ ভাঙি পেলোৱা হৈছে । বিধায়ক গৰাকীক এখন জাননী প্ৰেৰণ কৰা হৈছিল আৰু উক্ত জাননীৰ ভিত্তিতে মংগলবাৰে প্ৰায় ৫০০০ বৰ্গ ফুট ভূমিত অবৈধভাবে নিৰ্মাণ কৰা অংশটি প্ৰশাসনে ভাঙি দিয়া পৰিলক্ষিত হয় ।

former-mlas-property-razed-for-encroaching-graveyard-in-uttar-pradesh

নিউজ ডেস্ক, ৮ জুলাই : অবৈধ ভাবে কবৰস্থানৰ ভূমিত গৃহ নিৰ্মাণ কৰাৰ বাবে মংগলবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক ৰাম সেবাক সিঙ পেটেলৰ এটা দুমহলীয়া ভবনৰ এটা অংশ ভাঙি পেলোৱা হৈছে ।

জিলা দণ্ডাধীশ কুমাৰ প্ৰশান্তই সাংবাদিকৰ আগত জনোৱা অনুসৰি, ১৯৮৯ চনতে বিধায়ক গৰাকীয়ে ভূমিখিনি অবৈধভাবে দখল কৰিছিল । আনকি ভূমিৰ কোনো ধৰণৰ বৈধ নথি-পত্ৰ বিধায়ক গৰাকীৰ হাতত নাই । লগতে নিৰ্মাণ কৰা গৃহটিৰ মানচিত্ৰও অবৈধভাবে প্ৰস্তুত কৰা হৈছিল । যাৰবাবে বিধায়ক গৰাকীৰ ওপৰত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা বুলি দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দিয়ে ।

দণ্ডাধীশ গৰাকীয়ে পুনৰ জনোৱা অনুসৰি, চিটি দণ্ডাধীশৰ আদালতে বিল্ডিংটি কবৰস্থানৰ ভূমিত নিৰ্মাণ কৰাৰ বাবে অবৈধ ঘোষণা কৰিছিল । পৰৱৰ্তী সময়ত বিধায়ক গৰাকীয়ে জিলা দণ্ডাধীশৰ আদালতত বিষয়টো উখাপন কৰিছিল যদিও আদালতে উক্ত গোচৰটি নাকচ কৰা বুলি দণ্ডাধীশ গৰাকীয়ে জানিব দিয়ে । উক্ত গোচৰটি নাকচ হোৱাৰ পিচতে আদালতৰ ফালৰ পৰা বিধায়ক গৰাকীক এখন জাননী প্ৰেৰণ কৰা হৈছিল আৰু উক্ত জাননীৰ ভিত্তিতে মংগলবাৰে প্ৰায় ৫০০০ বৰ্গ ফুট ভূমিত অবৈধভাবে নিৰ্মাণ কৰা অংশটি প্ৰশাসনে ভাঙি দিয়া পৰিলক্ষিত হয় ।

উক্ত ঘটনাৰ পিচতে বিধায়ক গৰাকীয়ে জনাই যে, সেই ভূমিখিনি ব্যক্তিগত কবৰস্থান আছিল । কবৰস্থান কৰ্তৃপক্ষই ভূমিখিনি মোৰ দেউতাক হস্তান্তৰিত কৰিছিল । গতিকে উত্তৰাধিকাৰী সূত্ৰে মাটিখিনিৰ বৰ্তমানৰ গৰাকী মই হওঁ । ৰাজনৈতিকভাবে মোক বদনামী কৰাৰ ষড়যন্ত্ৰ চলিছে । এই সন্দৰ্ভত দলৰ জেষ্ঠ নেতাক অবগত কৰা হৈছে বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.