ETV Bharat / bharat

ভিক্ষা বৃত্তিৰে জীৱন চলোৱা কুমাওন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভানেত্ৰীগৰাকী - প্ৰাক্তন শিক্ষাৰ্থী হন্সী প্ৰহৰী

আলমোৰা জিলাৰ তিকুন পট্টীৰ বাসিন্দা হন্সী প্ৰহৰী ৷ কুমাওন বিশ্ববিদ্যালয়ৰ শিক্ষাৰে উচ্চশিক্ষিতা তথা বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভাপতি আছিল হন্সী ৷ কিন্তু আজিৰ পৰিস্থিতিত হন্সী এগৰাকী সাধাৰণ ভিক্ষাৰী ৷ ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

ভিক্ষা বৃত্তিৰে জীৱন চলোৱা কুমাওন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভানেত্ৰীগৰাকী

author img

By

Published : Oct 18, 2020, 9:59 PM IST

নিউজ ডেস্ক, 18 অক্টোবৰ : আজি আমি আপোনালোকক এনে এগৰাকী মহিলাৰ সৈতে পৰিচয় কৰাম, যিয়ে এসময়ত কুমাওন বিশ্ববিদ্যালয়লৈ গৌৰৱ কঢ়িয়াইছিল ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী তথা এগৰাকী মেধাৱী শিক্ষাৰ্থী হিচাপে জনাজাত এইগৰাকী মহিলাই বৰ্তমান সময়ত বিভিন্ন স্থানত ভিক্ষা মাগি জীৱন যাপন কৰিবলগীয়া হৈছে ৷ কিদৰে এসময়ত এখন বিশ্ববিদ্যালয়ৰ গৌৰৱ, শিক্ষিত সমাজত প্ৰতিনিধিত্ব কৰা এইগৰাকী মহিলাই আজিৰ এই অৱস্থাত উপনীত হ'ল সেয়া সকলো কাহিনী লৈ আহিছো একমাত্ৰ ইটিভি ভাৰতত ৷

কুমাওন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভানেত্ৰীগৰাকী
ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হন্সী প্ৰহৰী

কুমাওন বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী হৈছে হন্সী প্ৰহৰী, যিয়ে ইংৰাজী আৰু ৰাজনীতি বিজ্ঞান বিভাগত দুবাৰকৈ স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ৷ আজিৰ দিনত হন্সীয়ে প্ৰখ্যাত হৰিদ্বাৰ চহৰত বিভিন্ন বাছ-আস্থান, ৰাস্তা-ঘাট, ৰে'লৱে ষ্টেচন আদিত ভিক্ষা মাগি জীৱন পাৰ কৰিছে ৷

চৰকাৰলৈ কৰা অনুৰোধৰ প্ৰমাণ পত্ৰ

উত্তৰাখণ্ড ৰাজ্যৰ আলমোৰা জিলাৰ সোমেশ্বৰ বিধানসভা সমষ্টিৰ হবালবাগ বিকাশখণ্ডৰ অধীনত থকা গোবিন্দপুৰত আছে ৰণখিলা গাঁও ৷ এই গাঁওতেই 5গৰাকীকৈ ভাই-ভনীৰ সৈতে ডাঙৰ-দীঘল হৈছিল পৰিয়ালৰ জ্যেষ্ঠ সন্তান হন্সী প্ৰহৰীয়ে ৷ পৰিয়ালৰ জ্যেষ্ঠ হিচাপে পঢ়া-শুনাৰ লগতে সকলো কাম সফলতাৰে সম্পন্ন কৰিছিল আৰু পৰৱৰ্তী সময়ত গৈ কুমাওন বিশ্ববিদ্যালয়ত নিজৰ উচ্চ-শিক্ষা গ্ৰহণ কৰাৰ লগতে সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত হৈছিল হন্সী প্ৰহৰী ৷ 1998-99 আৰু 2000 চনত কুমাওন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাক প্ৰতিনিধিত্ব কৰিছিল প্ৰহৰীয়ে ৷ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়খনত 4 বছৰৰ বাবে গ্ৰন্থাগাৰিকৰ চাকৰিও কৰিছিল হন্সী প্ৰহৰীয়ে ৷

সন্তানৰ সৈতে হন্সী প্ৰহৰী

কিন্তু 2011ৰ পিচত হন্সীৰ জীৱনৰ গতিপথ একেবাৰে সলনি হৈ পৰে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বাৰ্তাত তেওঁ জনায় যে, তেওঁৰ দ্বাৰা যাতে পৰিয়ালৰ বাকী সদস্যৰ ওপৰত কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু তেওঁৰ বিয়াৰ পৰৱৰ্তী সময়ৰ বাবেই আজি এই অৱস্থাত আছে ৷ পৰৱৰ্তী সময়ত তেওঁ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ হৰিদ্বাৰত আহি বসতি কৰিবলৈ লয় আৰু নিজৰ শাৰিৰীক অৱস্থাৰ বাবেই কোনো চাকৰি কৰাৰ পৰা বিৰত থাকে আৰু ভিক্ষা বৃত্তিত নামি পৰে ৷ কিন্তু আজিৰ দিনত তেওঁৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে আৰু আজি তেওঁ চাকৰি কৰিবলৈয়ো সক্ষম ৷ হৰিদ্বাৰত নিজৰ 6 বছৰীয়া সন্তানৰ সৈতে বৰ্তমানে ভিক্ষা মাগি জীৱন প্ৰৱৰ্তাইছে হন্সী প্ৰহৰীয়ে ৷ ইংৰাজী ভাষাত বিশেষ দখল থকা প্ৰহৰীয়ে ফুটপাথৰ ওপৰতেই নিজৰ সন্তানক ইংৰাজী, হিন্দী, সংস্কৃত আৰু অন্যান্য ভাষাৰ শিক্ষা প্ৰদান কৰি আহিছে ৷ তেওঁৰ মতে, তেওঁৰ ওচৰত থকা শিক্ষাৰ জ্ঞান তেওঁৰ সন্তানেও লাভ কৰক ৷

বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ তথা হন্সীৰ শিক্ষাগত অৰ্হতা

নিজৰ অৱস্থাক লৈ তেওঁ বহুবাৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰক জনাইছে যদিও আজিলৈকে তেওঁ কোনো সুফল পোৱা নাই ৷ হন্সী প্ৰহৰীয়ে জনোৱা মতে, যদিহে চৰকাৰে তেওঁক সহায় কৰে তেতিয়া তেওঁৰ সন্তানৰ লগতে তেওঁ এক ভাল জীৱন যাপন কৰিব পাৰিব ৷ তেওঁৰ সন্তানেও মাকৰ শিক্ষাৰে অনুপ্ৰাণিত হৈ নিজকে প্ৰমাণ কৰিছে ৷ সন্তানৰ মুখত দেখা পোৱা আশাৰ চিন স্পষ্টভাৱে ধৰা পৰিছিল ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৷

হন্সী প্ৰহৰীয়ে চৰকাৰলৈ লিখা পত্ৰ

বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ প্ৰদীপ টম্টাৰ বিৰুদ্ধে নিৰ্বাচনো খেলিছিল হন্সী প্ৰহৰীয়ে ৷ কিন্তু নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল তেওঁ ৷ ইটিভি ভাৰতে এই সন্দৰ্ভত সাংসদগৰাকীৰ সৈতেও সম্পৰ্ক কৰিছিল আৰু তেতিয়া তেওঁ জনাইছিল যে, হন্সী প্ৰহৰী এগৰাকী সুশিক্ষিতা আৰু ভাল নাগৰিক তথা জ্ঞানী ব্যক্তি আছিল ৷ আজিৰ দিনত তেওঁৰ এই অৱস্থাৰ বিষয়ে ইটিভি ভাৰতৰ পৰাই জানিব পাৰিছে ৷ ইটিভি ভাৰতে এই বাতৰিৰ দ্বাৰা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এক ক্ষুদ্ৰতম প্ৰয়াস কৰিছে ৷ যদিহে চৰকাৰে এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে তেতিয়াহ'লে হন্সী প্ৰহৰীৰ দৰে এগৰাকী উচ্চ-শিক্ষিতা তথা যোগ্য মহিলাই নিজৰ লগতে সন্তানৰ জীৱনৰ মান উন্নত কৰাৰ লগতে সমাজৰ প্ৰতিও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হ'ব ৷

কুমাওন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী হন্সী প্ৰহৰী

লগতে পঢ়ক : বিশ্ব ক্ষুধা সূচক 2020 ৰ তালিকাত ভাৰতৰ স্থান 107 খন দেশৰ ভিতৰত 94

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.