ETV Bharat / bharat

প্ৰাক্তন বলিউদ অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰৰ শিৱ সেনাত যোগদান - উত্তৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টী

শিৱসেনাত যোগদান কৰিলে প্ৰাক্তন বলিউদ অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ উপস্থিতিত তেওঁ দলত যোগদান কৰে ৷ কংগ্ৰেছ ত্যাগ কৰাৰ পাছত অভিনেত্ৰী গৰাকীয়ে যোগদান কৰা এইটো দ্বিতীয়টো ৰাজনৈতিক দল ৷

প্ৰাক্তন বলিউদ অভিনেত্ৰী উৰ্মিলা মাতন্দকাৰৰ শিৱ সেনাত যোগদান
প্ৰাক্তন বলিউদ অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰৰ শিৱ সেনাত যোগদান
author img

By

Published : Dec 1, 2020, 5:49 PM IST

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: শিৱ সেনাত যোগদান প্ৰাক্তন বলিউদ অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰৰ ৷ মঙলবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ উপস্থিতিত বলিউদৰ প্ৰাক্তন অভিনেত্ৰী গৰাকীয়ে শিৱ সেনাত যোগদান কৰে ৷

সংবাদ মাধ্যম তথা ৰাজনৈতিক পথাৰত তেওঁ শিৱ সেনাত যোগদান কৰাৰ বিষয়টোক লৈ চৰ্চা অব্যাহত আছিল যদিও 46 বৰ্ষীয় অভিনেত্ৰী গৰাকীয়ে 2019 চনৰ চেপ্তেম্বৰ মাহৰ পৰা নৱেম্বৰ 30 তাৰিখলৈকে এই কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি আহিছিল ৷

কংগ্ৰেছ ত্যাগ কৰাৰ পাছত মাটোণ্ডকাৰে যোগদান কৰা এইটো দ্বিতীয়টো ৰাজনৈতিক দল ৷ বিগত বৰ্ষত মুম্বাইৰ উত্তৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ গোপাল শেট্টীৰ ৰ হাতত 2019 ৰ লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছতে তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিল ৷

দৰাচলতে 2019 ৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও তেওঁ শিৱ সেনা, ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনা অথবা শৰদ পাৱাৰৰ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীত যোগদান কৰিব বুলি চৰ্চা হৈছিল ৷ অৱশ্যে অভিনেত্ৰী গৰাকীয়ে এই সকলোবোৰ উৰা বাতৰি বুলি দাবী কৰি আহিছিল ৷

লগতে পঢ়ক:বাৰাণসীত ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি বিনষ্ট,অশোক গেহলোটৰ প্ৰতিক্ৰিয়া প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.