ETV Bharat / bharat

ৰাজধানী দিল্লীত জব্দ বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰাঃআটক এক

author img

By

Published : Feb 12, 2020, 7:00 PM IST

ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ অভিযানত ধৰা পৰে অবৈধ কাৰ্যকলাপত জড়িত এজন ব্যক্তি ৷ বিমানবন্দৰটোৰ টাৰ্মিনেল এৰিয়া-3 ত সন্দেহজনক অৱস্থাত থকা যাত্ৰীজনক সোধ-পোচ কৰে কৰ্তব্যৰত সুৰক্ষাকৰ্মীসকলে ৷ লগতে যাত্ৰীজনৰ বেগৰ ভিতৰত থকা বুজন পৰিমাণৰ বিদেশী মুদ্ৰা উদ্ধাৰ কৰে সুৰক্ষাকৰ্মীসকলে ৷

ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ
দিল্লীত জব্দ বিদেশী মুদ্ৰা

নতুন দিল্লী,12 ফেব্ৰুৱাৰীঃ মঙলবাৰে ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ অভিযানত ধৰা পৰে অবৈধ কাৰ্যকলাপত জড়িত এজন ব্যক্তি ৷ বিমানবন্দৰটোৰ টাৰ্মিনেল এৰিয়া-3 ত সন্দেহজনক অৱস্থাত থকা যাত্ৰীজনক সোধ-পোচ কৰে কৰ্তব্যৰত সুৰক্ষাকৰ্মীসকলে ৷ এয়াৰ ইণ্ডিয়া(এ আই 995)ৰ এখন বিমানযোগে ডুবাইলৈ যাবলগীয়া যাত্ৰীজনৰ পৰিচয় মুৰাদ আলম বুলি উল্লেখ কৰা হৈছে ৷ যাত্ৰীজনৰ প্ৰতি সুৰক্ষাকৰ্মীৰ সন্দেহ ওপজাত লগত থকা বয়-বস্তুসমূহৰ তন্নতন্নকৈ পৰীক্ষা কৰা হয় ৷ এই পৰীক্ষাত যাত্ৰীজনৰ বেগৰ ভিতৰত থকা বুজন পৰিমাণৰ বিদেশী মুদ্ৰা উদ্ধাৰ কৰে সুৰক্ষাকৰ্মীসকলে ৷ যাত্ৰীজনে লগত অনা বাদাম,মাংস,বিস্কুট পেকেট আৰু অন্য খাদ্য সামগ্ৰীৰ ভিতৰত এই মুদ্ৰা সমূহ লুকুৱাই আনিছিল ৷

দিল্লীত জব্দ বিদেশী মুদ্ৰা

উদ্ধাৰ হোৱা বিদেশী মুদ্ৰা সমূহৰ মূল্য ভাৰতীয় হিচাপত প্ৰায় 85,00,000 লাখ টকা হ’ব ৷ উল্লেখ্য যে,যাত্ৰীগৰাকীয়ে সোধ-পোচৰ সময়ত সুৰক্ষাকৰ্মীসকলৰ ওচৰত কোনো প্ৰকৃত নথিপত্ৰ উপস্থাপন কৰিব নোৱাৰিলে ৷ ইয়াৰ পিছত সুৰক্ষাকৰ্মীসকলে যাত্ৰীগৰাকীক সীমা শুল্ক বিষয়াক পৰৱৰ্তী তদন্তৰ বাবে গতাই দিয়ে ৷

লগতে চাওকঃৰাজ্যত অচিৰেই বন্ধ হ'ব সংস্কৃত টোল আৰু মাদ্ৰাছা : হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.