নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ : নিজৰ 58 বৰ্ষীয় গোপনীয় ইতিহাসত প্ৰথমবাৰৰ বাবে ‘Establishment-22’ নাইবা বিশেষ সীমান্ত বল (ছদ্মনাম বিকাশ)এ 29-30 আগষ্টৰ নিশা চীনৰ পিপুলছ লিবাৰেশ্বন আৰ্মীৰ বিৰুদ্ধে অক্সিজেনৰ অভাৱগ্ৰস্ত পূব লাডাখৰ সু-উচ্চতাত নিজৰ শক্তিশালী ৰণকৌশল আৰু প্ৰশিক্ষিত সৈন্যনীতিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷
উচ্চতা দখল কৰিবলৈ দুয়োপক্ষৰ মাজত এয়া এক সামৰিক কৌশল আছিল আৰু বিশেষ সীমান্ত বলে প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ভিতৰত নিৰ্দিষ্ট স্থানত নিজৰ স্থিতিৰ শক্তিশালী পৰিচয় দাঙি ধৰাই নহয়, চীনক ভালকৈয়ে এসেকা দিবলৈ সক্ষম হৈছে ৷
মাত্ৰ পাঁচটা বেটালিয়নত 5,000 সৈনিক থকা এইসকল সু-উচ্চতাৰ যুঁজাৰুৰ বাহিনীটো গঠন কৰা প্ৰকৃত উদ্দেশ্যৰ ফালৰ পৰা এয়া প্ৰথমবাৰ হৈছে, যিটো ভাৰত-চীন সীমান্তত দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হ'লেই তাক সুকলমে আৰু নিৰূপভাৱে পালন কৰিবলৈ সক্ষম ৷
1971 চনৰ বাংলাদেশ মুক্তি আন্দোলন অথবা স্বাধীনতা আন্দোলনৰ পৰা নিজৰ নাম-যশ-খ্যাতি অৰ্জন কৰা বিশেষ সীমান্ত বলে বহুকেইটা বৈদেশিক আৰু চোৰাংচোৱা অভিযানৰ সুকলমে নেতৃত্ব দিয়াৰ লগতে বিদেশ ৰাষ্ট্ৰত নিজৰ গেৰিলা যুদ্ধনীতিৰে সমস্যাৰ সমাধান কৰিবলৈ সক্ষম ৷ এই বিশেষ সীমান্ত বল এক অদৃশ্যমান শক্তি যিয়ে কেতিয়াও প্ৰতিৰক্ষা মন্ত্ৰালয় অথবা গৃহ মন্ত্ৰালয় নাইবা কোনো মন্ত্ৰালয়ৰ অধীনত কাম নকৰে ৷
বহুসংখ্যক যুদ্ধ আৰু সংঘৰ্ষৰ বাবেই এইটো বাহিনীয়ে অগণন যুদ্ধস্মাৰক তথা সামৰিক সন্মান লাভ কৰিছে যদিও তাক কেতিয়াও প্ৰকাশ কৰা নহয় আৰু ইয়াক গোপনীয়ভাৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত কমসংখ্যক সামৰিক বিভাগৰ লোকৰ উপস্থিতিত প্ৰদান কৰা হয় ৷
ডেৰাডুনৰ ছাক্ৰাতাত মুখ্য কাৰ্য্যালয়স্থিত এইটো বাহিনীৰ শীৰ্ষ বিষয়াসকল স্থলসেনাৰ বিশেষ বাহিনী পেৰাৰ পৰা অহাৰ লগতে ইয়াৰ অধিকাংশ জোৱান তিব্বতীয়ান আৰু তেওঁলোকক কঠিন পাহাৰীয়া অঞ্চল, গোৰ্খাসকলৰ খাম্পাৰ পৰা নিৰ্বাচন কৰা হয় ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ অধীনৰ কেবিনেট সদনৰ দ্বাৰা নিয়ন্ত্ৰিত এইটো বাহিনী হৈছে বিশ্বৰ শীৰ্ষস্থানীয় পাহাৰীয়া যুঁজাৰুৰ দল ৷
প্ৰতিৰক্ষা মন্ত্ৰালয়ত কৰ্মৰত এগৰাকী শীৰ্ষ প্ৰতিৰক্ষা বিষয়াই ইটিভি ভাৰতৰ আগত কয় যে, "পাংগং ছ্য হ্ৰদৰ উত্তৰ পাৰত 5 মে'ৰ ভাৰত-চীন সেনাৰ মাজৰ ৰক্তাক্ত সংঘৰ্ষৰ পিচত ফিংগাৰ 4ত চীনৰ সেনাই স্থাপন কৰা ঘাটিৰ বিৰুদ্ধে 29-30 আগষ্টৰ নিশাৰ ঘটনা এক প্ৰত্যুত্তৰ হ'ব পাৰে ৷ এয়া চীনা সৈন্যই দখল কৰা এক কঠিন স্থান যাক তেওঁলোকে এতিয়াও এৰি দিব বিছৰা নাই ৷"
"চীনৰ পিএলএ এতিয়া গম পাইছে যে, দুয়োপক্ষৰ কাৰ কিমান শক্তি ৷ আৰু এয়া চীনৰ দখলত থকা এক অঞ্চলত চীনা সৈন্যৰ ঘাটিৰ একেবাৰে কাষতে ভাৰতীয় ঘাটি স্থাপন কৰাৰ পৰাই নিশ্চিত হৈ পৰিছে ৷" বিষয়াগৰাকীয়ে বিশেষ সীমান্ত বল বাহিনীৰ সন্দৰ্ভত এইদৰে কয় ৷
চীনে এই বিবাদিত অঞ্চল নিজৰ বুলি দাবী কৰি অহাৰ বিপৰীতে ভাৰতে এইটো অঞ্চলত নিজৰ ঘাটি স্থাপন কৰিছে ৷ দুয়োপক্ষই প্ৰকৃত নিয়ন্ত্ৰণৰেখাত কোনো স্থানী সমাধানত উপনীত হোৱা নাই,যাৰ বাবে এয়া এক বহুপক্ষীয় সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছে ৷
কিন্তু এনেকুৱা কৰিবলৈ যাওঁতে বিশেষ সীমান্ত বল বাহিনীৰ দুগৰাকীকৈ জোৱান দেশৰ বাবে শ্বহীদ হয় ৷ 1962ৰ ভাৰত-চীন যুদ্ধৰ পৰৱৰ্তী সময়ত স্থাপন কৰা মাইনত অসাৱধানবশতঃ খোজ দিয়াৰ ফলত হোৱা বিষ্ফোৰণত দুয়োগৰাকী জোৱান শ্বহীদ হয় ৷ শ্বহীদ জোৱানৰ ভিতৰত এগৰাকী 7ম বিকাশৰ কোম্পানী লিডাৰ নাইমা টেনজিন বুলি জানিব পৰা গৈছে ৷
ঘটনাক্ৰমে, 1962 চনৰ যুদ্ধৰ সময়ত পাংগং ছ্য হ্ৰদৰ দক্ষিণ পাৰত সামৰিক সংঘৰ্ষ সংঘটিত হৈছিল আৰু ইয়াৰ উত্তৰ পাৰ কোনোধৰণৰ সংঘৰ্ষৰ পৰা বিৰত আছে ৷
লগতে পঢ়ক : দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং