ETV Bharat / bharat

প্ৰধামন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াতকৈ কৰ’ণা ভাইৰাছত অধিক মনোযোগ দিয়ক : ৰাহুল গান্ধী

author img

By

Published : Mar 3, 2020, 9:00 PM IST

Updated : Mar 3, 2020, 9:10 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ ৷ ছ’চিয়েল মিডিয়াতকৈ মাৰাত্মক কৰ’ণা ভাইৰাছৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পৰামৰ্শ ৰাহুল গান্ধীৰ ৷

Focus on coronavirus, not social media: Rahul to Modi
ছ’চিয়েল মিডিয়াতকৈ কৰ’ণা ভাইৰাছত অধিক মনোযোগ দিয়ক : ৰাহুল গান্ধী

নিউজ ডেস্ক, 3 মাৰ্চ: প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কটাক্ষ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ ছ’চিয়েল মিডিয়াতকৈ মাৰাত্মক কৰ’ণা ভাইৰাছৰ ওপৰত অধিক গুৰুত্ব দিবলৈ পৰামৰ্শ ৰাহুল গান্ধীৰ ৷

মঙলবাৰে ভাৰতত কৰ’ণা ভাইৰাছত ভাৰতীয় নাগৰিক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পাচতেই ৰাহুল গান্ধীয়ে কটাক্ষ কৰে নৰেন্দ্ৰ মোডীক ৷ দেশ যেতিয়া জৰুৰীকালীন সমস্যাৰে ভাৰাক্ৰান্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে সেই সময়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টক লৈ সময় নষ্ট কৰি আছে ৷

প্ৰধানমন্ত্ৰীক সম্বোধন কৰি ৰাহুল গান্ধীৰ টুইট-

  • Dear @PMOIndia,

    Quit wasting India's time playing the clown with your social media accounts, when India is facing an emergency. Focus the attention of every Indian on taking on the Corona virus challenge.

    Here's how it's done..#coronavirusindia pic.twitter.com/jLZG5ISjwt

    — Rahul Gandhi (@RahulGandhi) March 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই টুইটত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী হছিয়ন লুংগৰ এটা ভিডিঅ’ও আছে য’ত তেওঁ দেশৰ নাগৰিকক সাহসিকতাৰে কৰ’ণা ভাইৰাছৰ সৈতে মুকাবিলা কৰিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে, সোমবাৰে নৰেন্দ্ৰ মোডীয়ে ছ’চিয়েল মিডিয়াৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউভৰ সকলো একাউণ্ট ত্যাগ কৰাৰ কথা উল্লেখ কৰি এটা টুইট প’ষ্ট কৰিছিল ৷

অৱশ্যে ইয়াৰ পাচতেই মঙলবাৰে আন এটা টুইট কৰি মোডীয়ে কয়, মহিলা দিৱসৰ দিনাহে ছ’চিয়েল মিডিয়াৰ সকলো একাউণ্ট সেই মহিলাসকলৰ নামত উচৰ্গা কৰিব, যি মহিলা সকলৰ জীৱন আৰু কৰ্মই আমাক অনুপ্ৰাণিত কৰি আহিছে ৷ ইয়াৰ পাচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ৷

Last Updated : Mar 3, 2020, 9:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.