ETV Bharat / bharat

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বৃহৎ অৰ্থনৈতিক পূঁজি 2.0ৰ ঘোষণা

author img

By

Published : Nov 12, 2020, 2:00 PM IST

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমাধ্যমক সম্বোধন কৰি বৃহৎ অৰ্থনৈতিক পূঁজি 2.0ৰ বিষয়ে ঘোষণা কৰে ৷

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বৃহৎ অৰ্থনৈতিক পূঁজি 2.0ৰ ঘোষণা
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বৃহৎ অৰ্থনৈতিক পূঁজি 2.0ৰ ঘোষণা

নিউজ ডেস্ক, 12 নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰে দেশৰ অৰ্থনীতি পুনৰোদ্ধাৰৰ বাবে ঘোষণা কৰিলে বৃহৎ অৰ্থনৈতিক পূঁজি 2.0 ৰ ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলযোগে এই পূঁজিৰ বিষয়ে ঘোষণা কৰে ৷ কোভিড-19 মহামাৰীৰ সময়তে কেন্দ্ৰীয় চৰকাৰে 20 বিলিয়ন ডলাৰৰ এক বৃহৎ অৰ্থনৈতিক পূঁজিৰ বিষয়ে ঘোষণা কৰিছিল আৰু ইয়াক পৰৱৰ্তী সময়ত তৰপে তৰপে মুকলি কৰাৰ বিষয়ে ঘোষণা কৰিছিল ৷

এই পূঁজিত বুধবাৰে 10 খণ্ডক সামৰি ঘোষণা কৰা 27 বিলিয়ন ডলাৰ পিএলআই অন্তৰ্ভূক্ত হৈ আছে ৷ ভাৰতীয় টকাৰ হিচাপত এই দহটা খণ্ডক প্ৰদান কৰিবলগীয়া মূল্যৰ পৰিমাণ প্ৰায় 1,45,980 কোটি ৷ এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয় যে, ইয়ে 2 লাখ কোটিৰ ব্যয়ৰ সৈতে মোকাবিলা কৰিব ৷ দিপাৱলীৰ সময়তে এই পূঁজিয়ে চৰকাৰক অৰ্থনীতিৰ দিশটো শক্তিশালী কৰাত অধিক ৰূপে সহায় কৰিব ৷

2017ত দিপাৱলীৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে 27 বিধ সামগ্ৰীত জিএছটি কৰ হ্ৰাস কৰাৰ বিষয়ে ঘোষণা কৰিছিল ৷ বিগত বৰ্ষৰ ছেপ্তেম্বৰত 1.45 লাখ কোটিৰ কৰ্পৰেট কৰ ৰেট কাটৰ বিষয়ে ঘোষণা কৰিছিল ৷

লগতে পঢ়ক : দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.