নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: মধ্য প্ৰদেশৰ ঝাবুৱা জিলাৰ পেচলাভেড আৰক্ষী থানাৰ অন্তৰ্গত এলাকাত এগৰাকী 35 বৰ্ষীয় মহিলাক ধৰ্ষণ কৰে 5 জন লোকে ৷ যাৰ ভিতৰৰ এজন নাবালক বুলি বৃহস্পতিবাৰে জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
নিৰ্যাতিতা গৰাকীয়ে বুধবাৰে ৰুজু কৰা গোচৰৰ আধাৰত এখন এজাহাৰ দাখিল কৰা হৈছে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটাইকেইজন অভিযু্ক্ত আটক কৰে ৷ ঝাবুৱা জিলাৰ আৰক্ষী অধীক্ষক আশুতোষ গুপ্তাই জানিবলৈ দিয়ে এই কথা ৷
অভিযোগকৰ্তাই জানিবলৈ দিয়া অনুসৰি, তেওঁৰ চিনাকি এগৰাকী লোকে 17 অক্টোবৰত তেওঁক গাঁৱখনৰ এটা ঘৰলৈ লৈ যায়, য'ত অন্য চাৰিজন লোক প্ৰথমৰ পৰাই উপস্থিত আছিল ৷
অভিযুক্ত কেইজনে মহিলগৰাকীক ধৰ্ষণ কৰে আৰু ঘটনা সন্দৰ্ভত অভিযোগ কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ৷ আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত কেইজনে নিৰ্যাতিতা গৰাকীক পুনৰ আটক কৰি জংঘললৈ নিয়ে আৰু ধৰ্ষণ কৰে ৷ তাৰ পাচতো তেওঁক পুনৰবাৰ একে ভাবুকি প্ৰদান কৰে ৷
লগতে পঢ়ক: গ্ৰেটাৰ নয়ডাত আৰক্ষীৰ এনকাউণ্টাৰত আহত অভিযুক্ত ধৰ্ষণকাৰী