ETV Bharat / bharat

মন্ত্ৰী সত্যপাল মহাজাৰৰ পৰিয়ালৰ পাঁচ সদস্যক এইমছৰ পৰা মুকলি - কেবিনেট মন্ত্ৰী সত্যপাল মহাজাৰ

সম্প্ৰতি পৰিয়ালৰ আটাইকেইগৰাকী সদস্যকে কোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছে হাস্পতাল কৰ্তৃপক্ষই। আনহাতে, কেবিনেট মন্ত্ৰী সত্যপাল মহাজাৰৰ লগতে তেখেতৰ পত্নী তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী অম্ৰিতা ৰাৱত এইমছত চিকিৎসাধীন অৱস্থাত আছে ।

এইমছ
All India Institute of Medical Sciences in Rishikesh
author img

By

Published : Jun 11, 2020, 1:01 PM IST

নিউজ ডেস্ক, ১১ জুনঃ এইমছৰ পৰা মুকলি কৰি দিয়া হ'ল উত্তৰাখণ্ডৰ কেবিনেট মন্ত্ৰী সত্যপাল মহাজাৰৰ পৰিয়ালক। কেবিনেট মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ পাঁছজন সদস্যৰ কোভিড ১৯ পজিটিভ পোৱাৰ পাছতেই ঋষিকেশস্থিত এইমছত ভৰ্তি কৰোৱা হৈছিল।

এইমছ হাস্পতালৰ ডিন ডা৹ ইউ বি মিশ্ৰই প্ৰকাশ কৰা অনুসৰি কোভিড-১৯ত আক্ৰান্ত হৈছিল মন্ত্ৰগৰাকীৰ দুই পুত্ৰ, তেওঁলোকৰ পত্নী আৰু নাতিয়েক । বৰ্তমান মন্ত্ৰীগৰাকীৰ এজন পুত্ৰ আৰু নাতিয়েকৰ কোভিড-১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে । আনহাতে, আন এজন পুত্ৰ আৰু দুয়োগৰাকী বোৱাৰীৰ পৰীক্ষাৰ ফলাফল পজিটিভ পোৱা গৈছে যদিও তেওঁলোকৰ দেহত কোভিড-১৯ৰ কোনো লক্ষণ নাই। ডা৹ ইউ বি মিশ্ৰই প্ৰকাশ কৰে এই কথা।

সম্প্ৰতি পৰিয়ালৰ আটাইকেইগৰাকী সদস্যকে কোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছে হাস্পতাল কৰ্তৃপক্ষই । তদুপৰি চিকিৎসকৰ এটা দলে তেওঁলোকক প্ৰতিদিনে স্বাস্থ্যৰ যতন ল'ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, সত্যপাল মহাজাৰ উত্তৰাখণ্ডৰ ৰাজ্যিক পৰ্যটন মন্ত্ৰী আৰু তেখেত এজন আধ্যাত্মিক নেতা। সম্প্ৰতি মন্ত্ৰীগৰাকীৰ লগতে তেখেতৰ পত্নী তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী অম্ৰিতা ৰাৱত এইমছত চিকিৎসাধীন অৱস্থাত আছে।

কেবিনেট মন্ত্ৰীগৰাকীৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছতেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতকে ধৰি ৰাজ্যিক কেবিনেটৰ বহুকেইগৰাকী মন্ত্ৰী কোৱাৰেণ্টাইনত আছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.