ETV Bharat / bharat

ৰে’ল বিভাগে মুকলি কৰিলে শ্ৰমিক স্পেচিয়েল..

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনা ৰে’ল বিভাগে মুকলি কৰিলে শ্ৰমিক স্পেচিয়েল ৰে’ল ৷ ৰে’লখনে হায়দৰাবাদৰ লিংগমপল্লীত আৱদ্ধ প্ৰায় 1200 শ্ৰমিকক লৈ ঝাৰখণ্ডৰ হটিয়ালৈ যাত্ৰা কৰে ৷ ৰে’ল আৰক্ষীৰ মহা নিৰ্দেশক অৰুণ কুমাৰে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে ৷

First special train with 1,200 migrants departs from Hyderabad for Jharkhand
ৰে’ল বিভাগে মুকলি কৰিলে শ্ৰমিক স্পেচিয়েল..
author img

By

Published : May 1, 2020, 8:42 PM IST

হাইদৰাবাদ,1 মে’ঃ কেন্দ্ৰ চৰকাৰে 29 এপ্ৰিলত বহিঃৰাজ্যত লক্​ ডাউনৰ বাবে আৱদ্ধ শ্ৰমিক,ছাত্ৰ-ছাত্ৰী,তীৰ্থ ভ্ৰমণকাৰী,পৰ্যটক আদিক নিজ বাসগৃহলৈ পঠিওৱাৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল ৷ দ্বিতীয় পৰ্যায়ৰ লক্​ ডাউন আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে’ল সেৱাই শুকুৰবাৰে এক বিশেষ ষ্টপেজবিহীন ৰে’ল মুকলি কৰে ৷ "শ্ৰমিক স্পেচিয়েল"নামেৰে নামাকৰণ কৰা ৰে’লখনে হায়দৰাবাদৰ লিংগমপল্লীত আবদ্ধ প্ৰায় 1200 শ্ৰমিকক লৈ ঝাৰখণ্ডৰ হটিয়ালৈ যাত্ৰা কৰে ৷ ৰে’ল আৰক্ষীৰ মহা নিৰ্দেশক অৰুণ কুমাৰে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে ৷ 24 টা ডবাযুক্ত ৰে’লখনে শুকুৰবাৰে পুৱা 4.50 বজাত যাত্ৰা আৰম্ভ কৰে ৷ দেশৰ সংকটপূৰ্ণ পৰিস্থিতিৰ মাজত যাত্ৰা কৰা এইখন একমাত্ৰ ৰে’ল হিচাপে বৰ্তমান বিবেচিত হৈছে ৷ ৰে’লখনে শনিবাৰে পুৱা প্ৰায় 11 বজাত গন্তব্যস্থান পাব ৷ ৰে’লখনৰ যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত যাত্ৰা কৰিবলৈ অনুমতি প্ৰদান কৰে কৰ্তৃপক্ষই ৷ লগতে সামাজিক দূৰত্ব অটুট ৰখাত গুৰুত্ব প্ৰদান কৰে ৷ ৰে’ল বিভাগে দুয়োখন ৰাজ্যৰ চৰকাৰৰ অনুৰোধ মৰ্মে এই ৰে’লখন চলাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰে ৷

ৰে’ল বিভাগে মুকলি কৰিলে শ্ৰমিক স্পেচিয়েল..

ঝাৰখণ্ডৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,ৰাজ্যখনলৈ ৰে’লখনৰ জৰিয়তে আহিবলগীয়া যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় শ্ৰম দিৱসৰ দিনটোত মুকলি কৰা ৰেলখনেৰে যাত্ৰা কৰা অধিকাংশ যাত্ৰী শ্ৰমিক হিচাপে বহিঃৰাজ্যত কৰ্মৰত আছিল ৷ দেশত চলি থকা দ্বিতীয় পৰ্যায়ৰ লক্​ ডাউনৰ বাবে ইতিমধ্য়ে সকলো প্ৰকাৰৰ ৰে’ল সেৱা বাতিল কৰিছিল কেন্দ্ৰীয় ৰে’ল বিভাগে ৷

লগতে চাওকঃ চেন্নাইত আৱদ্ধ গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাতৰ আহ্বান চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.