নিউজ ডেস্ক, ৫ জুনঃ বৃহস্পতিবাৰে দিল্লী বিশ্ববিদ্যালয়ে কৰে এক বিশেষ ঘোষণা । বিশ্ববিদ্যালখনৰ স্নাতকোত্তৰৰ প্ৰথমবৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক আভ্যন্তৰীণ মূল্যায়ন তথা পূৰ্বৰ সান্মাষিকসমূহৰ প্ৰদৰ্শনৰ ভিত্তিতে গ্ৰেড প্ৰদান কৰা হ'ব বুলি সদৰী কৰে দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
আনহাতে, শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ তীব্ৰ বিৰোধিতাৰ পাচতো বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল অনলাইনযোগে তথা অ'পেন বুক পৰীক্ষা দিব লাগিব বুলি সদৰী কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী COVID-19ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।