ETV Bharat / bharat

মুম্বাই-আহমেদাবাদৰ মাজত চলিবলগীয়া বুলেট ট্ৰেইনৰ প্ৰথমখন আলোকচিত্ৰ প্ৰকাশ - ভাৰতত চলিবলগীয়া বুলেট ট্ৰেইন

ভাৰতস্থিত জাপানৰ দূতাবাসে জাপানৰ পৰা ভাৰতলৈ আহিবলগীয়া প্ৰথমখন বুলেট ট্ৰেইনৰ ছবি প্ৰকাশ কৰিছে ৷ 1,08,000 কোটিৰ এই প্ৰকল্প 2023ৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে ৷

মুম্বাই-আহমেদাবাদৰ মাজত চলিবলগীয়া বুলেট ট্ৰেইনৰ প্ৰথমখন আলোকচিত্ৰ প্ৰকাশ

author img

By

Published : Dec 19, 2020, 5:20 PM IST

Updated : Dec 19, 2020, 5:29 PM IST

নিউজ ডেস্ক, 19 ডিচেম্বৰ : জাপানৰ ই5 ছিৰিজৰ ছিনকানছেন, যাক জাপানৰ বুলেট ৰে'ল হিচাপে জনা যায়, মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰে'ল প্ৰজেক্টৰ বাবে ইয়াক পুনৰাই সজাই তোলা হৈছে ৷ ভাৰতস্থিত জাপানৰ দূতাবাসে এই কথা স্পষ্ট কৰিছে ৷ ইতিমধ্যে জাপানী দূতাবাসে ভাৰতৰ প্ৰথমখন বুলেট ৰে'লৰ চৰকাৰী আলোকচিত্ৰখন প্ৰকাশ কৰিছে ৷

ভাৰতৰ প্ৰথমখন বুলেট ৰে'লৰ চৰকাৰী আলোকচিত্ৰখন

1,08,000 কোটিৰ ভাৰতৰ প্ৰথমটো বুলেট ৰে'ল প্ৰকল্প 2023ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি ধাৰণা কৰা হৈছে ৷

508 কিলোমিটাৰ দৈৰ্ঘ্যৰ মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰে'ল প্ৰজেক্টত ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে অনুমোদন প্ৰদান কৰিছে ৷ ইয়াক সম্পূৰ্ণৰূপে পৰিচালনা কৰিব নেশ্বনেল হাই-স্পীড ৰে'ল কৰ্পৰেশ্বন লিমিটেডে ৷ ইয়াৰ বাবে প্ৰতিষ্ঠানটোৱে জাপান চৰকাৰৰ পৰা প্ৰযুক্তিগত আৰু বিত্তীয় সহায় লাভ কৰিব ৷

508 কিলোমিটাৰ দৈৰ্ঘ্যৰ মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰে'ল প্ৰজেক্টৰ কৰিডৰৰ বাবে বিগত 1 ডিচেম্বৰত ভাৰতীয় ৰে'লে গুজৰাট আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা বন, পৰিৱেশ আৰু উপকূলীয় সকলো অনুমোদন লাভ কৰে ৷

ভাৰতীয় ৰে'লে ইয়াৰ বাবে 67 শতাংশ ভূমি অধিগ্ৰহণৰ অনুমোদন লাভ কৰিছে ৷ গুজৰাটৰ 956 হেক্টৰৰ ভিতৰত 825 হেক্টৰ ভূমিৰ অধিগ্ৰহণৰ অনুমোদন, যিটো 86 শতাংশ ইতিমধ্যেই লাভ কৰিছে ভাৰতীয় ৰে'লে ৷

মহাৰাষ্ট্ৰত ইয়াৰ বাবে মুঠ 432 হেক্টৰ ভূমি অধিগ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে ৷ ইয়াৰ ভিতৰত 97 হেক্টৰ যিটো 22 শতাংশ ভূমি, তাৰ ইতিমধ্যেই অধিগ্ৰহণৰ অনুমোদন লাভ কৰিছে ৷ আনহাতে দাদৰ আৰু নগৰ হাভেলীৰ 8 হেক্টৰৰ ভিতৰত 7 হেক্টৰ ভূমিৰ অধিগ্ৰহণৰ অনুমোদন লাভ কৰিছে ৷

ভাৰত চৰকাৰে গ্ৰহণ কৰা ৰে'ল প্ৰকল্পৰ ভিতৰত সৰ্ববৃহৎ হৈছে Dedicated Freight Corridors প্ৰকল্প ৷ ইয়াৰ বাবে ভাৰত চৰকাৰৰ ব্যয় হ'ব মুঠ 81,495 কোটি ৷ ইয়াৰ বাবে DFCCILএ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে সকলোখিনি কাম চোৱাচিতা কৰিব ৷

লগতে পঢ়ক : চাইবাৰ যুদ্ধৰ সম্ভাৱনা আছেঃ ৰাজনাথ সিং

Last Updated : Dec 19, 2020, 5:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.