নিউজ ডেস্ক, ২ জুনঃ পশ্চিম বংগৰ ছিলিগুড়ী আৰক্ষী থানাৰ সমীপত অগ্নিকাণ্ড । মঙলবাৰে পুৱা ছিলিগুড়ী আৰক্ষী থানাৰ সমীপৰ ডি আই ফাণ্ড মাৰ্কেটত সংঘটিত হয় অগ্নিকাণ্ড ।
![ছিলিগুড়ী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7439482_ff-1.jpg)
অগ্নিকাণ্ডৰ ফলত ডি আই ফাণ্ড মাৰ্কেটস্থিত মুঠ সাত খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । ফলত লাখ-লাখ টকাৰ লোকচান হয় দোকান ভস্মীভূত হোৱা ব্যৱসায়ীসকলৰ । আনহাতে, অগ্নি নিৰ্বাপন কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় ৪ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ।
উল্লেখ্য যে, অগ্নিকাণ্ডত বৰ্তমান পৰ্যন্ত কোনো লোক আহত হোৱা নাই যদিও মাৰ্কটত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।