ETV Bharat / bharat

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অভিযোগ

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অভিযোগ ৷ এই অভিযোগ বিজেডিৰ ছাত্ৰ উইঙৰ ৷

author img

By

Published : Dec 28, 2020, 8:35 AM IST

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

নেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অন্যান্য জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ জ্যেষ্ঠ নেতা কেইগৰাকীয়ে ধেনকানালত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰিছিল বুলি বিজেডিৰ ছাত্ৰ উইঙে এক গোচৰ ৰুজু কৰিছে ৷

গোচৰত বিজু ছাত্ৰ জনতা দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ প্ৰুষ্টীয়ে উল্লেখ কৰে যে, প্ৰাক্তন মন্ত্ৰী কনক বধন সিংদেউ, বিজেপি ক্ৰুছক মৰ্চাৰ সভাপতি প্ৰদীপ পুৰোহিত আৰু অন্যান্য জ্যেষ্ঠ বিজেপি নেতাসকলে ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি ৰখা এক তম্বুৰ তলত বহিছিল ৷ 26 ডিচেম্বৰৰ দিনা ধেনকানাল মিনি ষ্টেডিয়ামত এই বিজেপি ক্ৰুছক সমাৱেশৰ আয়োজন কৰা হৈছিল ৷

লগতে পঢ়ক : বিহাৰ চৰকাৰলৈ ডিজিটেল ইণ্ডিয়া এৱাৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.