ETV Bharat / bharat

উত্তৰ প্ৰদেশত ইংলেণ্ড ভ্ৰমণৰ তথ্য লুকুওৱা লোকৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Jan 1, 2021, 2:15 PM IST

ইংলেণ্ডৰ পৰা উভতি অহাৰ পিছত ভ্ৰমণৰ তথ্য লুকুৱাই ৰখা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে উত্তৰ প্ৰদেশ চৰকাৰ । যোৱা মাহত ইংলেণ্ডৰ পৰা উত্তৰ প্ৰদেশলৈ উভতি অহা প্ৰায় ১৬০০ গৰাকী লোকৰ ভিতৰত ৩০০ গৰাকীৰ সম্ভেদ উলিয়াব পৰা নাই ৰাজ্য চৰকাৰে । ফোনযোগেও তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰাতো বিফল হৈছে চৰকাৰী কৰ্তৃপক্ষ ।

উত্তৰ প্ৰদেশত ইংলেণ্ডৰ পৰা উভতি অহাৰ তথ্য লুকুওৱা লোকৰ বিৰুদ্ধে গোচৰ

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা কেইবাজনো লোক COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছতে ইংলেণ্ডৰ পৰা অহা যাত্ৰীক লৈ অধিক সতৰ্কতা অৱলম্বন কৰিছে চৰকাৰে । দেশৰ বিভিন্ন ৰাজ্যতো ইংলেণ্ডৰ পৰা অহা যাত্ৰীক চিনাক্ত কৰি COVID-১৯ পৰীক্ষাৰ পৰা আৰম্ভ কৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । উত্তৰ প্ৰদেশতো ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা লোকক চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চৰকাৰে । কিন্তু যোৱা মাহত ইংলেণ্ডৰ পৰা উত্তৰ প্ৰদেশলৈ উভতি অহা প্ৰায় ১৬০০ গৰাকী লোকৰ ২ জন মহামাৰীত আক্ৰান্ত হৈছে ।

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছিল যে, নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱা এই লোককেইজন হোম আইছ'লেছনত থাকিব নোৱাৰিব । আক্ৰান্ত লোক দুজনৰ ভিতৰত এজন গৌতম বুদ্ধ নগৰ আৰু আনজন মীৰাটৰ বাসিন্দা । স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মতে,COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱা সকল চৰকাৰী হাস্পতালৰ বিশেষ ৱাৰ্ডত থাকিব লাগিব আৰু ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা ২৮ দিন সম্পূৰ্ণ কৰা লোকসকলকহে হোম আইছ'লেছনত থাকিব পাৰিব ।

যোৱা মাহত ইংলেণ্ডৰ পৰা উত্তৰ প্ৰদেশলৈ উভতি অহা প্ৰায় ১৬০০ গৰাকী লোকৰ ভিতৰত ৩০০ গৰাকীৰ সম্ভেদ উলিয়াব পৰা নাই ৰাজ্য চৰকাৰে । কেন্দ্ৰই যোগান ধৰা ঠিকনাত বৰ্তমান নাই এইসকল লোক । ফোনযোগেও তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নাই চৰকাৰী কৰ্তৃপক্ষই । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে ইংলেণ্ডৰ পৰা উভতি অহাৰ তথ্য লুকুৱাই ৰখা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:চাইবাৰ অপৰাধৰ বিৰুদ্ধে ঝাৰখণ্ডত ৰুজু 1282 টা গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.