ETV Bharat / bharat

বিদ্যালয়ৰ সন্মুখত হেলিকপ্টাৰ অৱতৰণৰ অপৰাধত গোচৰ ৰুজু

author img

By

Published : Oct 30, 2020, 7:27 PM IST

হায়দৰাবাদৰ অনন্তসাগৰম মণ্ডলৰ ৰেবৰু গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰ অৱতৰণ কৰোৱাৰ অপৰাধত এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ 27 অক্টোবৰত 2:30 বজাত জিলা পাৰিছহাট হাইস্কুলৰ খেলপথাৰত অৱতৰণ হৈছিল হেলিকপ্টাৰখন ৷

FIR against Hyderabad man for landing helicopter on school ground
বিদ্যালয়ৰ সন্মুখত হেলিকপ্টাৰ অৱতৰণৰ অপৰাধত গোচৰ ৰুজু

নিউজ ডেস্ক, 30 অক্টোবৰ: হায়দৰাবাদৰ অনন্তসাগৰম মণ্ডলৰ ৰেবৰু গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰ অৱতৰণ কৰোৱাৰ অপৰাধত এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ 27 অক্টোবৰত 2:30 বজাত জিলা পাৰিছহাট হাইস্কুলৰ খেলপথাৰত অৱতৰণ হৈছিল হেলিকপ্টাৰখন ৷

অনন্তসাগৰম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পি ভি সুব্বাৰাওে জনোৱা অনুসৰি, হায়দৰাবাদৰ বাসিন্দা ৰামকোটেস্বৰ ৰাও আৰু তেওঁৰ পৰিয়ালে ২৭ অক্টোবৰত বোইনা জনাৰ্দন ৰেড্ডী নামৰ লোকজনৰ কন্যাৰ বিবাহত অংশগ্ৰহণ কৰিবলৈ ৰেবৰু গাঁৱলৈ উৰা মাৰিছিল । জানিব পৰা মতে, ৰামকোটেস্বৰৰ পৰিয়ালৰ এজন সদস্য ৰোগাক্ৰান্ত আছিল, সেয়েহে তেওঁলোকে গাঁৱলৈ হেলিকপ্টাৰেৰে অহাৰ সিদ্ধান্ত হৈছিল ৷

উপ-পৰিদৰ্শকজনে লগতে কয় যে উক্ত ঘটনাৰ তথ্য লাভ কৰি অনন্তসাগৰম এমআৰঅ' আৰু এত্মাৰপুৰ আৰ ডি অ'ই বিষয়টো সন্দৰ্ভত অনুসন্ধান কৰে আৰু বুধবাৰে সন্ধিয়া এক প্ৰতিবেদন দাখিল কৰে, যাৰ ভিত্তিত আৰক্ষীয়ে ৰামকোটেশ্বৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

"কোনে বিদ্যালয়ৰ ভূমিত হেলিকপ্টাৰ অৱতৰণৰ অনুমতি দিছিল সেয়া এতিয়াও গম পোৱা হোৱা নাই। বিদ্যালয়ৰ প্ৰধান শিক্ষক তামিলনাডুত আছে আৰু শুকুৰবাৰলৈ আহিব বুলি আশা কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে," উপ-পৰিদৰ্শকজনে কয়।

লগতে পঢ়ক: ফিল্ম 'ফুটপ্ৰিণ্ট অন বৰ্ডাৰ'ত অসম সন্তান আদিল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.