ETV Bharat / bharat

অমিত শ্বাহ-কৃষকৰ বৈঠকত অসফলতা : অব্যাহত থাকিব প্ৰতিবাদ

author img

By

Published : Dec 9, 2020, 8:09 AM IST

Updated : Dec 9, 2020, 12:29 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দেশৰ কৃষকৰ মাজত হোৱা বৈঠকত কেন্দ্ৰীয় চৰকাৰে তিনিওখন কৃষি আইন বাতিল কৰাৰ পৰিৱৰ্তে সংশোধন কৰাৰ কথাহে ব্যক্ত কৰে ৷ বৈঠকৰ অন্তত সৰ্বভাৰতীয় কিষাণ সভাৰ সাধাৰণ সম্পাদক হানান মোল্লাহে সংবাদ মাধ্যমযোগে এই কথা প্ৰকাশ কৰে ৷

No breakthrough in farmers-Amit Shah talks
অমিত শ্বাহ-কৃষকৰ বৈঠকত অসফলতা

নিউজ ডেস্ক,9 ডিচেম্বৰ : মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দেশৰ কৃষক নেতাৰ মাজত হোৱা বৈঠকৰ অন্তত কৃষি আইন সন্দৰ্ভত কোনো সমাধান হোৱা পৰিলক্ষিত নহ’ল ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে তিনিওখন কৃষি আইন বাতিল কৰাৰ পৰিৱৰ্তে কাৰ্যকৰী কৰাৰহে ঘোষণা কৰে ৷

দিল্লীস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান পৰিসৰ (PUSA)ত অনুষ্ঠিত হোৱা এই বৈঠকত 13 জন কৃষক নেতা উপস্থিত থাকে ৷ কৃষক নেতা আৰু গৃহমন্ত্ৰীৰ মাজত দুঘণ্টা সময় ধৰি বৈঠক অনুষ্ঠিত হয় ৷

অমিত শ্বাহ-কৃষকৰ বৈঠকত অসফলতা

বৈঠকৰ অন্তত সৰ্বভাৰতীয় কিষাণ সভাৰ সাধাৰণ সম্পাদক হানান মোল্লাহে সংবাদ মাধ্যমযোগে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, বৈঠকত চৰকাৰে কেৱল আইন সংশোধন কৰাৰ কথাহে ব্যক্ত কৰে ৷ বুধবাৰে চৰকাৰে কৃষকসকলক প্ৰস্তাৱ প্ৰদান কৰিব ৷ যেতিয়ালৈকে চৰকাৰে আইন বাতিল কৰাৰ কথা লিখিতভাৱে নকয়, তেতিয়ালৈকে বৈঠকৰ কোনো মূল্য নাই ৷

ইফালে বুধবাৰে দুপৰীয়া 12 বজাত সিংঘু সীমাত কৃষক নেতাসকলে পুনৰ আলোচনাত মিলিত হ’ব, য’ত তেওঁলোকে পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে আলোচনা কৰিব ৷ সূত্ৰই জনোৱা মতে, উক্ত বৈঠকখন প্ৰথমে গৃহমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৃষক নেতাসকলে সমৰ্থন কৰা নাছিল ৷ ইয়াৰ পাচতে বৈঠকখন PUSAত সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : 19 বাংলাদেশীক পাৰাদ্বীপৰ পৰা উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষীৰ

Last Updated : Dec 9, 2020, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.