নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ: ক্ৰমাৎ তীব্ৰতৰ হৈছে কৃষক বিদ্ৰোহ । তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত কৃষক সমাজে কৰি অহা বিদ্ৰোহ শান্ত হোৱাৰ কোনো লক্ষণেই পৰিলক্ষিত হোৱা নাই । দিন বাগৰাৰ লগে লগে অধিক দৃঢ় আৰু নিজৰ স্থিতিক লৈ অটল হৈছে দেশৰ কৃষকসকল । কৃষকৰ স্বাৰ্থক উপেক্ষা কৰি কৃষি আইন সংশোধিত আৰু প্ৰণিত কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে জ্বলি উঠা ক্ষোভৰ জুই দপদপাই জ্বলিছে ।
চৰকাৰৰে হোৱা কেইবাখনো বৈঠকৰ অন্ততো কোনো সমাধান নোলোৱাত প্ৰচণ্ড শীতকো কেৰেপ নকৰি বৃহস্পতিবাৰে অৰ্ধ নগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক ইউনিয়নে । দিল্লীৰ বুৰাৰী ডি ডি এ মৈদানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষকসকলে । পঞ্জাৱ আৰু হাৰিয়ানাৰ প্ৰায় ৫০০ গৰাকী কৃষকে যোৱা ২৮ নৱেম্বৰৰ পৰা কৃষি আইনৰ বিৰোধিতাৰে বুৰাৰী মৈদানত বিক্ষোভ প্ৰদৰ্শন কৰি আছে । তেওঁলোকৰ দাবীসমূহৰ বিষয়ে চৰকাৰক পুনৰ সোঁৱৰাই দিয়াৰ বাবে আজি ব্যতিক্ৰমী ভাৱে প্ৰতিবাদ সাব্যস্ত কৰে ।
এগৰাকী প্ৰতিবাদকাৰী কৃষকে প্ৰকাশ কৰা মতে, 'দিল্লীত শীতৰ প্ৰকোপ বাঢ়িছে বাবে বৃদ্ধ লোকসকল আৰু শিশুসকল ঘৰলৈ পঠিয়াই দিবলৈ আহ্বান জনাইছে । কিন্তু আমি এইটো ক'ব বিচাৰিছো যে, কৃষকসকলে জীৱনৰ শেষ সময়লৈকে নিজৰ অধিকাৰৰ বাবে যুঁজ দি যাব আৰু ঠেৰেঙা জাৰেও মোদী চৰকাৰে প্ৰণয়ন কৰা কৃষি আইনৰ বিৰোধিতা কৰাৰ পৰা আমাক বাধা দিব নোৱাৰে' । প্ৰায় ৫০ খন ট্ৰেক্টৰ-ট্ৰলী বুৰাৰী মৈদান ৰখাই থোৱা হৈছে আৰু কৃষকসকলে এই ট্ৰলী নাইবা তম্বুৰ তলতে নিশা কটাইছে ।
দিল্লী চৰকাৰে আগবঢ়োৱা কোনো ধৰণৰ সা-সুবিধা প্ৰতিবাদকাৰী কৃষকসকলে গ্ৰহণ কৰা নাই । আন এগৰাকী কৃষকে কয় যে, 'আমি চৰকাৰে ব্যৱস্থা কৰি দিয়া তম্বুত নথকাৰ সিদ্ধান্ত লৈছো । আমি নিজৰ ব্যৱস্থা নিজেই কৰিছো । চৰকাৰৰ সহায় ইয়াত কোনেও স্বীকাৰ নকৰে । যেতিয়ালৈকে চৰকাৰে কৃষি আইন বাতিল নকৰে, তেতিয়ালৈকে এই বিদ্ৰোহ অব্যাহত থাকিব ।'
চৰকাৰে কৃষকসকললৈ ন্যূনতম সমৰ্থন মূল্যৰ আশ্বাস দিয়াৰ লগতে আৰু কৃষি আইন সংশোধনৰ লিখিত প্ৰস্তাৱ আগবঢ়াইছিল । কিন্তু কৃষক ইউনিয়নে চৰকাৰৰ প্ৰস্তাৱ অস্বীকাৰ কৰে আৰু কৃষি আইন বাতিলৰ দাবী জনায় । অনাহত দিনত এই বিদ্ৰোহে ভয়াৱহ ৰূপ লোৱাৰো হুংকাৰ দিয়ে কৃষকসকলে ।
লগতে পঢ়ক:অনলাইন পৰীক্ষা : ইণ্টাৰনেট সংযোগৰ বাবে পাহাৰ বগাবলৈ বাধ্য শিক্ষাৰ্থী