ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ উত্তৰ প্ৰদেশৰ চান্দৌলীত আৰক্ষীৰে হতাহতি ক্ষুদ্ধ কৃষকৰ - ২৬ জানুৱাৰীত টেক্টৰ লৈ কিষাণ পেৰেড প্ৰতিবাদ

২৬ জানুৱাৰীত টেক্টৰ লৈ কিষাণ পেৰেড প্ৰতিবাদত ভাগ লোৱাৰ বাবে মংগলবাৰে ৫০০ কৃষকৰ এটা দল উত্তৰ প্ৰদেশৰ চান্দৌলী অভিমুখে ৰাওনা হোৱা পথত উত্তৰ প্ৰদেশ বিহাৰ সীমান্তত আৰক্ষীৰে হতাহতি । পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক বিষম হৈ পৰাত ১৪৪ ধাৰা আইন জাৰি ।

উত্তৰ প্ৰদেশৰ চান্দৌলীত আৰক্ষীৰে হতাহতি ক্ষুদ্ধ কৃষকৰ

author img

By

Published : Jan 20, 2021, 1:21 PM IST

নিউজ ডেস্ক, ২০ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনি কৃষি আইনৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ । এই কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দিল্লীৰ সীমাত ৫৬ দিন ধৰি কৃষকসকলৰ প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ বিৰুদ্ধে ২৬ জানুৱাৰীত প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত লৈছে প্ৰতিবাদী কৃষকসকলে। গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত টেক্টৰ লৈ কিষাণ পেৰেড কৰি প্ৰতিবাদ সাব্য়স্ত কৰিবলৈ মংগলবাৰে ৫০০ কৃষকৰ এটা দল ওড়িশাৰ পৰা বিহাৰ হৈ উত্তৰ প্ৰদেশৰ চান্দৌলী জিলাৰ নৌবতপুৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় ।

উত্তৰ প্ৰদেশৰ চান্দৌলীত আৰক্ষীৰে হতাহতি ক্ষুদ্ধ কৃষকৰ
উত্তৰ প্ৰদেশৰ চান্দৌলীত আৰক্ষীৰে হতাহতি ক্ষুদ্ধ কৃষকৰ

এইসকল কৃষকৰ সমৰ্থন জনোৱা বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে দিৰ বিধায়ক সুধাংকৰ সিং,সংগীতা কুমাৰ আৰু তেওঁৰ একাংশ সমৰ্থক দিল্লী অভিমুখে ৰাওনা হোৱাত উত্তৰ প্ৰদেশ বিহাৰ সীমান্তত আৰক্ষীৰে হতাহতি হয় । পৰিস্থিতি অধিক বিষম হৈ পৰাত ১৪৪ ধাৰা আইন জাৰি কৰে আৰক্ষীয়ে । প্ৰতিবাদস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰেমচন্দৰ লগতে কেবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াক মোটায়েন কৰা হয় ।

এই সন্দৰ্ভত ওড়িশাৰ নৱ গঠিত কৃষক সংগঠনৰ ৰাষ্ট্ৰীয় আহ্বায়ক অক্ষয় কুমাৰে কেন্দ্ৰীয় চৰকাৰ আৰু আৰু উত্তৰ প্ৰদেশ চৰকাৰে তেওঁলোকৰ বিফলতাক প্ৰতিফলিত নকৰিবলৈ এইদৰে কৃষকসলৰ বাট ভেটি ধৰিছে । যিমানেই আৰক্ষী প্ৰশাসনে কৃষকসকলৰ বাট ভেটিবলৈ চেষ্টা নকৰক কিয় ক্ষুদ্ধ কৃষকসকলে আৰক্ষীৰ বাধাক ভয় নকৰে বুলি কয় ।

উল্লেখ্য যে, কৃষক সংগঠনসমূহে সকীয়াই দিয়ে যে যদিহে ২৬ জানুৱাৰীৰ পূৰ্বে কেন্দ্ৰই তেওঁলোকৰ দাবী মানি ল'বলৈ অস্বীকাৰ কৰে তেন্তে তেওঁলোকে গণৰাজ্য দিৱসৰ দিনটোত নতুন দিল্লীত টেক্টৰ লৈ কিষাণ পেৰেড কৰি প্ৰতিবাদ সাব্যস্ত কৰিব । টেক্টৰ লৈ প্ৰতিবাদ কৰাৰ উপৰিও কৃষক সংগঠনসমূহে বহুকেইটা প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ।

লগতে পঢ়ক: পশ্চিমবংগৰ জলপাইগুৰিত ভয়ানক পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.