ETV Bharat / bharat

কৃষক সকলৰ বিদ্ৰোহ

author img

By

Published : Feb 8, 2021, 12:43 PM IST

“আমি ভাৰতীয় জনগণে” সংবিধানৰ জৰিয়তে আমাক নিজকে শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে অধিকাৰ দিছো বুলি আমোলাতন্ত্ৰ অৱগত নাছিল নে কি ? যি সময়ত কৃষকসকলে আইন কেইখন প্ৰত্যাখ্যান কৰিছে,সেই একে সময়তে এই আইন কেইখনে তেওঁলোকৰ হিত সাধন কৰিব বুলি চৰকাৰে অসাধাৰণ দাবী জনাইছে ৷ লগতে এই আইন কেইখন ডেৰ বছৰৰ বাবে স্থগিত ৰাখিবলৈও প্ৰস্তাৱ আগবঢ়াইছে ৷

কৃষক সকলৰ বিদ্ৰোহ
কৃষক সকলৰ বিদ্ৰোহ

অচলাৱস্থাৰ অৱসানে অকলেই চৰকাৰৰ ভাৱমূৰ্ত্তি সলনি কৰিব ৷ কৃষক সকলে দেশৰ ৰাজধানীত প্ৰদৰ্শন কৰি থকা প্ৰতিবাদক অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ উৎকৃষ্ট বৰ্ণনাৰে বৰ্ণিত কৰিব পৰা যায় ৷ প্ৰতিবাদকাৰী কৃষক সকলে মত পোষণ কৰে যে কেন্দ্ৰ চৰকাৰে “আত্ম নিৰ্ভৰ ভাৰত” গঢ়ি তুলাৰ লক্ষ্যত উপনীত হোৱাৰ নামত বলৱৎ কৰা আইন কেইখনে তেওঁলোকক তেওঁলোকৰ জীৱিকাৰ পৰা বঞ্চিত কৰিব ৷ হাড় কপোঁৱা জাৰ সহ্য কৰিও; আনকি ক’ভিড মহামাৰীৰ ভয়াৱহতাই ভীষণ ৰূপ ধাৰণ কৰাৰ সময় চোৱাতো কৃষক সকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ আনকি তেওঁলোকক খালিস্তানী উগ্ৰপন্থী বুলিও অভিহিত কৰা হৈছিল ৷ তাৰ মাজতে তেওঁলোকে এঘাৰ দফীয়া আলোচনাতো মিলিত হৈছিল ৷ যি নহওক,এই আলোচনা সমূহৰ পৰা কোনো ফল পোৱা নগ’ল ৷ স্বয়ং প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেওঁ কৃষক সন্থা সমূহৰ পৰা মাত্ৰ এটা ফোন কলৰ দূৰত্বতহে আছে ৷ নিজকে ৰজাতকৈও বেছি প্ৰভুভক্ত বুলি প্ৰমাণিত কৰা আমোলা তন্ত্ৰই কৃষক সকলক তেওঁলোকে গণৰাজ্য দিৱসত কৰিব লগীয়া ট্ৰেক্টৰ শুভাযাত্ৰাৰ সময়ত অবৰ্ণনীয় উৎপীড়ণ কৰিছিল ৷ বেৰিকেড,খাৱৈ,ওখ বেৰ,কাঁটা তাৰ অৰু গজাল আদিৰে প্ৰতিবাদকাৰী কৃষক সকলক সকলো ফালৰে পৰা প্ৰতিহত কৰিবলৈ কৰা কাৰ্যই এই তন্ত্ৰৰ কুৎসিত মনোবৃত্তিৰ কথাকে সোঁৱৰাই দিয়ে ৷ এই প্ৰতিবাদক মষিমূৰ কৰিবলৈ বিভিন্ন ধৰণৰ দমনকাৰী উপায় যেনে ইন্টাৰনেট সেৱা ৰদ কৰা,ৰেল সমূহৰ পথ সলনি কৰা,প্ৰতিবাদকাৰী সকলৰ পদবোৰক বিভাজিত কৰিবলৈ চেষ্টা কৰা,মিছা গোচৰ তৰি প্ৰতিবাদকাৰী সকলৰ মনোবল ভাঙিব বিচৰা লগতে শৌচালয় তথা খোৱা পানীৰ ব্যৱস্থাৰ পৰা বঞ্চিত কৰা ইত্যাদি উপাই অৱলম্বন কৰা হৈছিল ৷

কৃষকসকলে ন্যূনতম সমৰ্থিত মূল্যক বৈধতা প্ৰদান কৰিবলৈ দাবী জনাই আছে ৷ কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে মাত্ৰ এখন লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈহে সাজু হৈছে ৷ এনে পৰিস্থিতিত যেতিয়া চৰকাৰে এই আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ সক্ষম হ’ব তেতিয়াহে চৰকাৰৰ ভাৱমূৰ্ত্তি সলনি ঘটিব ৷

কৃষক সকলৰ বিদ্ৰোহ
কৃষক সকলৰ বিদ্ৰোহ

বৰ্তমানৰ লেখীয়াকৈ বৃহৎ পৰ্যায়ত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ উদাহৰণ ভাৰতৰ ইতিহাসত মাত্ৰ দুবাৰহে দেখিবলৈ পোৱা যায় ৷ স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগৎ সিঙৰ খুড়াক চৰদাৰ অজিৎ সিঙৰ নেতৃত্বত হোৱা “পাগড়ী চম্ভাল জট্টা” (জাট তোমাৰ পাগুৰী চম্ভালা) আন্দোলনে বৃটিছ চৰকাৰক ১৯০৭ চনত বৰ্তমানৰ আইন কেইখনৰ দৰেই একেই প্ৰকৃতিৰ তিনিখনকৈ আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাইছিল ৷ এই ঘটনাৰ প্ৰায় আঠটা দশকৰ পাচত মহেন্দ্ৰ সিং টিকেইটৰ নেতৃত্বত চলা ব’ট ক্লাৱ আন্দোলন হিচাপে পৰিচিত কৃষক বিদ্ৰোহে ৰাজীৱ গান্ধীৰ চৰকাৰখনক আঠু লবলৈ বাধ্য কৰাইছিল ৷

কৃষক সকলৰ বিদ্ৰোহ
কৃষক সকলৰ বিদ্ৰোহ

বৰ্তমানৰ আন্দোলনটটোত কৃষক সকলে জনোৱা দাবীৰ সততা আছে ৷ কিয়নো এই কৃষক সকলে প্ৰতিকূল বতৰৰ বাবে প্ৰতি দিনে অন্ততঃ একোজনকৈ প্ৰতিবাদকাৰী কৃষকৰ মৃত্যু হোৱা স্বত্বেও নিজৰ স্থিতিত অটল হৈ আছে ৷ এই কৃষকসকলে তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন দমনমূলক নীতি অৱলম্বন কৰাৰ স্বত্বেও নিজিৰ স্থিতিত অটল থাকি এই কৃষি আইন কেইখন প্ৰত্যাহাৰ কৰাটো বিচাৰিছে ৷ ২০১৪ চনত এন ডি এ চৰকাৰে ডা° স্বামীনাথন আয়োগক বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ যি নহওক, কাৰ্যতঃ এই প্ৰতিশ্ৰুতি বাস্তৱায়িত নহ’ল ৷ কিন্তু এই চৰকাৰখনে কৃষক সকলৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰিব বুলি দাবী জনাই এই বিতৰ্কিত আইন কেইখন বলৱৎ কৰে ৷ কৃষি ক্ষেত্ৰ যদিও এটা ৰাজ্যিক বিষয়, কেন্দ্ৰ চৰকাৰে কিন্তু এই নতুন আইন কেইখন বলৱৎ কৰাৰ পূৰ্বে ৰাজ্যবোৰৰ সৈতে আলোচনা কৰা নাছিল ৷ কৃষক সকলৰ জীৱিকাৰ সৈতে জৰিত হৈ থকা এই আইন কেইখন প্ৰচলন কৰাৰ পূৰ্ৱে কেন্দ্ৰই আনকি কৃষক সন্থা সমূহৰ সৈতেও আলোচনাত মিলিত হোৱা নাছিল ৷ আড়ম্বৰপূৰ্ণ এ চি কোঠাত বহা অধিকাৰী সকলৰ দাৰা খচৰা প্ৰস্তুত কৰা আইন কেইখনৰ প্ৰতি চৰকাৰখনে জনা নজনাকৈয়ে নিজৰ সন্মতি প্ৰদান কৰা কাৰ্য আছিল বাস্তৱ ছবি খনৰ প্ৰতি দেখুওৱা অৱহেলা ৷ আনকি কৃষক সকলে এই আইনকেইখনৰ বিৰোধিতা কৰিব বুলি জনাৰ পাচতো চৰকাৰে পিচ হুহকিবলৈ অস্বীকাৰ কৰা কাৰ্য আছিল আশ্চৰ্জনক ৷ ডেৰ বছৰৰ বাবে স্থগিত ৰখাৰ পৰিৱৰ্তে চৰকাৰে আইন কেইখন সমুলি প্ৰত্যাহাৰ নকৰে কিয় আৰু সকলোৰে গ্ৰহণযোগ্য এখন নতুন আইন কাৰ্যকৰী নকৰে কিয় ?

কৃষকৰ বিদ্ৰোহে এই কথা পুনৰ প্ৰতিপন্ন কৰিলে যে বৰ্তমান আমাৰ দেশত বিপক্ষ কিমান দুৰ্বল হৈ পৰিছে ৷ কৃষক সকলৰ স্বাৰ্থক সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ এন জি ৰংগাৰ দৰে শক্তিশালী নেতাৰ অনুপস্থিতিয়ে কৃষক সম্প্ৰদায়ক বৰ্তমানৰ পৰিস্থিতিৰ দৰে দূৰ্দশাত পেলাইছে ৷ এই সমূহ অনিৰ্দিষ্টতাৰ মাজতে এতিয়াও এই প্ৰশ্নটো উত্থাপিত হয় যে এই অচলাৱস্থাৰ অৱসান হ’ব কেতিয়া ?

লগতে চাওকঃ মহানগৰীৰ চিটি চেন্ট্ৰেল ম'লত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.