ETV Bharat / bharat

চৰকাৰ বিৰোধী প্ৰতিবাদৰ হুংকাৰ কৃষকৰ

author img

By

Published : May 4, 2020, 10:55 PM IST

চৰকাৰৰ বিৰুদ্ধে AIKSCC ৰ প্ৰতিবাদৰ হুংকাৰ ৷ কৃষকসকলক চৰকাৰে উচিত সন্মান প্ৰদান নকৰাৰ অভিযোগ ৷

AIKSCC ৰ প্ৰতিবাদৰ হুংকাৰ
চৰকাৰ বিৰোধী প্ৰতিবাদৰ হুংকাৰ কৃষকৰ

নেশ্যনেল ডেস্ক, 4 মে' : সৰ্ব ভাৰতীয় কৃষাণ সংঘৰ্ষ সমন্বয় সমিতিয়ে (AIKSCC) দাবী কৰিছে যে, এই সংকটৰ সময়ত দেশৰ কৃষকসকলৰ বাবেই কোনো লোকে খাদ্য সামগ্ৰীৰ অভাবত ভুগিবলগা হোৱা নাই, কিন্তু চৰকাৰে তেওঁলোকক উচিত সন্মান প্ৰদান কৰা নাই ৷

দেশৰ প্ৰায় 250 টা কৃষক সংগঠনৰ দ্বাৰা গঠিত হৈছে AIKSCC ৷ ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত কৃষকসকলৰ সমস্যাসমূহক চৰকাৰে অৱজ্ঞা কৰা বুলি অভিযোগ উত্থাপন কৰে সমিতিয়ে ৷

ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি AIKSCC ৰ ৰাষ্ট্ৰীয় সমন্বয়ক চৰ্দাৰ বি. এম. সিঙে কয়, "কৰ'ণাৰ বিৰুদ্ধে যুঁজত কৃষকসকলেও সমানে সেৱা আগবঢ়াইছে,কিন্তু চৰকাৰে তেওঁলোকক অৱজ্ঞা কৰিছে ৷ হঠাৎ ঘোষণা কৰা লকডাউনৰ ফলত কৃষকসকলে শস্য চপোৱাত বহু সমস্যাৰ সন্মুখীন হ'বলগা হৈছে কাৰণ সামাজিক দূৰত্ব মানি কৃষক আৰু শ্ৰমিকসকলে কাম কৰিব নোৱাৰে ৷"

সিঙে কয়, "এনে জটিল পৰিস্থিতিৰ মাজতো দেশৰ কোনো অঞ্চলত খাদ্য় সামগ্ৰীৰ অভাৱ হোৱা নাই ৷ কৃষকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই দেশে যথেষ্ট পৰিমাণৰ খাদ্য লাভ কৰিছে ৷ কিন্তু, চৰকাৰৰ পৰা উচিত সন্মান লাভ কৰা নাই কৃষকসকলে ৷ তেওঁলোকক 'খাদ্য যোদ্ধা' হিচাপে চিহ্নিত কৰিব লাগিছিল চৰকাৰে ৷

সিঙে লগতে কয়, "সেয়েহে AIKSCC য়ে চ'ছিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ ৰাষ্ট্ৰতে প্ৰতিবাদ সাব্যস্ত কৰি এক অভিযানৰ আৰম্ভণি কৰিব ৷ দেশৰ সকলো অঞ্চলৰে কৃষক আৰু কৃষিক্ষেত্ৰৰ শ্ৰমিকসকলক একত্ৰিত হ'বলৈ সমিতিয়ে আহ্বান জনাইছে ৷"

সূত্ৰৰ মতে, দেশৰ বিভিন্ন অঞ্চলৰ কৃষকসকলৰ প্ৰতিনিধিসকলৰ মাজত এক ভিডিঅ' কনফাৰেন্সিং অনুষ্ঠিত কৰা হয় ৷ এই বৈঠকত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷ লকডাউনে সৃষ্টি কৰা সমস্যা আৰু অসময়ত অহা বৰষুণৰ ফলত ৰবি শস্যৰ ক্ষতি হোৱা সম্পৰ্কতো আলোচনা কৰা হয় ৷

উল্লেখ্য যে, লকডাউনৰ সময়ছোৱাত চৰকাৰে কৃষি খণ্ডৰ বাবে সময়ে সময়ে বিভিন্ন ৰেহাইৰ কথা ঘোষণা কৰিছিল আৰু ই-মন্দিজৰ জৰিয়তে খাদ্য সামগ্ৰীৰ ক্ৰয়ৰ সম্পৰ্কতো আলোচনা কৰিছিল ৷ শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে কৃষি খণ্ডৰ বাবে এক বিশেষ বৈঠকৰ আয়োজন কৰিছিল আৰু মন্ত্ৰীসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.