তেলেংগানা,21 জুন: তেলেংগানাৰ পেদ্দাপল্লী জিলাৰ কলৱা শ্ৰীৰামপুৰৰ গাঁও পঞ্চায়তত সংঘটিত হৈছে এক অঘটন ৷ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত এগৰাকী কৃষকে কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰে ৷ মৃত মন্ধলা ৰাজী ৰেড্ডী নামৰ কৃষক গৰাকী কৰীমনগৰ জিলাৰ বীণাবংকা মণ্ডলৰ অন্তৰ্গত ৰেড্ডী পল্লী গাঁৱৰ বাসিন্দা আছিল ৷ উদ্ধাৰ হোৱা এক আত্মহত্যাৰ টোকাবহীত কৃষকগৰাকীয়ে পঞ্চায়তখনৰ মুৰব্বী বেণু গোপাল,ৰাজহ চক্ৰ বিষয়া গুৰুমুৰ্তি আৰু স্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গৈছে ৷ লগতে প্ৰায় এক বিঘা 20 কঠাৰ কৃষক গৰাকীৰ পিতৃভূমিৰ এক অংশত বলপূৰ্বকভাৱে ব্যক্তিকেইগৰাকীয়ে স্বাক্ষৰ সংগ্ৰহ কৰাৰ বিষয়ে টোকাবহীখনত উল্লেখ আছে ৷ মৃত কৃষক গৰাকীৰ পুত্ৰই এই সন্দৰ্ভত স্পষ্ট মত পোষণ কৰিছে ৷ উক্ত ভূমি অন্য এগৰাকী লোকে ভূৱা তথ্য দাখিলেৰে হস্তগত কৰাৰ কথা প্ৰকাশ কৰে মৃত কৃষকগৰাকীৰ পুত্ৰই ৷
বিষয় সন্দৰ্ভত কৃষকগৰাকীয়ে গাঁও পঞ্চায়তত অভিযোগ দাখিল কৰিছিল যদিও কোনো সদুত্তৰ নোপোৱাত দেওবাৰে আত্মহত্যা কৰে ৷ লগতে উক্ত বিষয়ৰ নিস্পত্তিৰ নামত কৃষকগৰাকীয়ে চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক ওপৰঞ্চি ধন দিয়াৰ কথা ব্যক্ত কৰে ৷ জিলাখনৰ উপ আৰক্ষী আয়ুক্ত সত্যনাৰায়ণে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি চৰকাৰী কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত 306 নম্বৰত এক গোচৰ ৰুজু কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷