ETV Bharat / bharat

সিংঘু সীমান্তত আত্মহত্যা কৃষকৰ

বুধবাৰে সিংঘু সীমান্তত এজন কৃষকে আত্মহত্যা কৰে ৷ ৰামসিং নামৰ কৃষকজনে শৰীৰত গুলীয়াই আত্মহত্যা কৰে ৷ আনকি, কৃষকজনে মৃত্যুৰ সময়ত এখন আত্মহত্যাৰ টোকাত মৃত্যুৰ কাৰণো স্পষ্টকৈ উল্লেখ কৰি গৈছে ৷

farmer commit suicide at singhu border
সিংঘু বৰ্ডাৰত আত্মহত্যা কৃষকৰ
author img

By

Published : Dec 16, 2020, 9:59 PM IST

নিউজ ডেস্ক, 16 ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ পঞ্জাৱ, হাৰিয়ানাৰ কৃষক সকলে কৃষি আইন কেইখনৰ বিৰোধিতাৰে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে ৷ 6 ডিচেম্বৰৰ পৰা সিংঘু বৰ্ডাৰত পঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে ৷ ইতিমধ্যে, প্ৰতিবাদস্থলীত বহু কেইগৰাকী কৃষকৰ মৃত্যু হৈছে ৷

বুধবাৰে সিংঘু বৰ্ডাৰত আত্মহত্যা কৰিছে এজন কৃষকে ৷ ৰামসিং নামৰ কৃষকজনে নিজকে গুলিয়াই হত্যা কৰিছে ৷ আনকি, কৃষকজনে মৃত্যুৰ সময়ত এখন আত্মহত্যাৰ টোকাত মৃত্যুৰ কাৰণো স্পষ্টকৈ উল্লেখ কৰি গৈছে ৷ মৃত্যু হোৱা ৰামসিঙৰ ঘৰ হাৰিয়ানাৰ সিগন্দা গাঁৱৰ গুৰুদ্ধাৰত বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ পিচতে কৃষকজনক পাণিপথৰ ওচৰৰ পাৰ্ক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

farmer commit suicide at singhu border
কৃষকজনে লিখি থৈ চুইচাইদ নোটখন

লগতে পঢ়ক : আন্দোলনৰ জুইত ৰাজনীতিৰ ৰুটি সেকিব নালাগে : অতুল বৰা

মৃত ব্যক্তিজনৰ চুইচাইদ নোট অনুসৰি, 'কৃষকৰ অৱস্থা বৰ্তমান যথেষ্ট সংকটজনক ৷ কৃষকে নিজৰ অধিকাৰৰ বাবে ৰাজপথলৈ আহিব লগা হৈছে ৷ চৰকাৰে ন্যায় দিয়াত ব্যৰ্থ হৈছে ৷ আমাৰ ওপৰত বিভিন্ন ধৰণৰ শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলোৱা হৈছে ৷ মই কৃষকৰ ওপৰত হৈ থকা অত্যাচাৰৰ বিৰোধিতা কৰি আত্মহত্যাৰ পথ বাচি লৈছো ৷'

উল্লেখ্য যে, বিগত 21 দিন ধৰি সিংঘু বৰ্ডাৰত কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ প্ৰচণ্ড ঠাণ্ডাকে নেওচি কৃষক সকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ বৰ্তমানলৈ সিংঘু বৰ্ডাৰত 6 গৰাকী কৃষকৰ মৃত্যু হৈছে ৷

  • 16 ডিচেম্বৰৰ পুৱা পঞ্জাৱৰ পাটিৱালা জিলাৰ এগৰাকী কৃষকৰ মৃত্যু হৈছে ৷ তেওঁৰ মৃত্যু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে হৈছে ৷
  • 15 ডিচেম্বৰত সিংঘু বৰ্ডাৰত পুনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ গুৰমিৎ নামৰ আন এজন কৃষকৰ মৃত্যু হৈছে ৷
  • 15 ডিচেম্বৰৰ নিশা প্ৰতিবাদ কৰি ঘৰলৈ উভতি অহাৰ সময়ত সংঘটিত হোৱা এক দুৰ্ঘটনাত পতিত হৈ দুজন কৃষকৰ মৃত্যু হোৱাৰ লগতে বহু কেইগৰাকী কৃষক আঘাতপ্ৰাপ্ত হৈছে ৷
  • 14 ডিচেম্বৰত সিংঘু বৰ্ডাৰত মকখন সিং নামৰ এজন কৃষকৰ পুনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পুনৰ মৃত্যু হয় ৷
  • 6 ডিচেম্বৰত প্ৰতিবাদ কৰি ঘৰলৈ উভতি অহাৰ সময়ত কমলজী নামৰ এজন কৃষকে হঠাৎ অসুস্থ হৈ মৃত্যু বৰণ কৰে ৷

লগতে পঢ়ক : অসমৰ ভিতৰতে অন্যতম আদৰ্শ গাঁৱৰ মৰ্য্যদা গোলাঘাট গ্ৰান্টক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.