নিউজ ডেস্ক, ২১ জুলাইঃ অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰত শোকাৱহ ঘটনা । চিট্টুৰৰ ৰংগৰাজা পুৰম মণ্ডলৰ চিত্ৰাথায়ুৰু গাঁৱত সোমবাৰে একেটা পৰিয়ালৰে চাৰি গৰাকীয়ে আত্মহত্যা কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । আত্মহত্যা কৰা ব্যক্তিকেইগৰাকী ক্ৰমে সুধাকৰ, সিন্ধু প্ৰিয়া, শ্ৰীলতা আৰু মধুপ্ৰিয়া বুলি জানিব পৰা গৈছে । আনহাতে, সুধাকৰ আৰু সিন্ধু প্ৰিয়াই ১০ বছৰ পূৰ্বে বিবাহ-পাশত আৱদ্ধ হয় । আৰু তেওঁলোকৰ ৭ বছৰীয়া কন্যা শ্ৰীলতা আৰু ৫ বছৰীয়া কন্য়া মধুৰিমা ।
তাৰোপৰি, এছ আৰ পুৰামৰ আৰক্ষী বিষয়া শ্ৰিনিবাস ৰাওে সদৰি কৰা অনুসৰি বিগত বহুদিন ধৰি স্বামী-স্ত্ৰীৰ মাজত পাৰিবাৰিক সংঘাত চলি আহিছিল । সোমবাৰে পুৱা পতি-পত্নী লিপ্ত হয় কাজিয়াত । যাৰ পৰিণতিতে এই কৰুণ ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে ।