ETV Bharat / bharat

87 কোটি মূল্যৰ ভাৰতীয় আৰু বিদেশী নকল নোট জব্দ, জোৱানসহ আটক 6 জন

author img

By

Published : Jun 11, 2020, 11:09 AM IST

তদন্তকাৰীসকলে কয় যে, এই লোকসকলে প্ৰকৃত নোটৰ সৈতে নকল নোটৰ বিনিময় কৰে ৷ পুনে মহানগৰ আৰক্ষীৰ অপৰাধা শাখা আৰু মিলিটাৰী অনুসন্ধান শাখাৰ Southern Command Liaison Unit য়ে যুটীয়াভাৱে এই অভিযান চলায় ৷

জোৱানসহ আটক 6 জন
87 কোটি মূল্যৰ ভাৰতীয় আৰু বিদেশী নকল নোট জব্দ

নেশ্যনেল ডেস্ক, 11 জুন : বুধবাৰে পুনে মহানগৰ আৰক্ষী আৰু মিলিটাৰী অনুসন্ধান বিভাগে যুটীয়া অভিযানত 87 কোটি মূল্যৰ ভাৰতীয় আৰু বিদেশী নকল নোট জব্দ কৰিছে ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন সেনা জোৱানৰ উপৰি পাঁচজন লোকক আটক কৰা হৈছে ৷

বুধবাৰে বিয়লিৰ ভাগত বিমান নগৰৰ এটা ঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল নোট জব্দ কৰে ৷ প্ৰাথমিক তদন্তত এই কথা প্ৰকাশ পাইছে যে, মুদ্ৰা বিনিময়ৰ সময়ত নকল নোট প্ৰদান কৰা এক চক্ৰৰ সৈতে আটকাধীন লোককেইজন জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷

তদন্তকাৰীসকলে কয় যে, এই লোকসকলে প্ৰকৃত নোটৰ সৈতে নকল নোটৰ বিনিময় কৰে ৷ পুনে মহানগৰ আৰক্ষীৰ অপৰাধা শাখা আৰু মিলিটাৰী অনুসন্ধান শাখাৰ Southern Command Liaison Unit য়ে যুটীয়াভাৱে এই অভিযান চলায় ৷

2,000 টকীয়া আৰু 500 টকীয়া নোটৰ 87 কোটি মূল্যৰ ভাৰতীয় আৰু বিদেশী নকল নোট জব্দ কৰে যুটীয়া অভিযানত ৷ ইয়াৰোপৰি, প্ৰায় 3 লাখ টকাৰ পূৰ্বে প্ৰচলিত 1,000 টকীয়া নকল নোট, নকল আমেৰিকান ডলাৰ, প্ৰকৃত ভাৰতীয় আৰু আমেৰিকান নোট উদ্ধাৰ কৰা হয় ৷ লগতে উদ্ধাৰ হয় নকল এয়াৰগান, কিছু নথি-পত্ৰ, স্পাই কেমেৰা, ইলেক্ট্ৰনিক সামগ্ৰী আৰু মোবাইল ফোন ৷

আটকাধীন লোককেইজন হৈছে পুনেৰ আৰ্মী ইউনিটৰ লেন্স নায়ক ৰেংকৰ সেনা জোৱান শ্বেইখ আলিম গুলাব খান আৰু সুনিল সৰদা, ৰিতেশ ৰত্নাকৰ, তুহাউল আহমেদ ইশ্বাক খান, আব্দুল ঘানি খান আৰু আব্দুল ৰহমান ৷

লগতে পঢ়ক : 14 খন ৰাজ্যলৈ কেন্দ্ৰৰ 6,195 কোটিৰ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.