নেশ্যনেল ডেক্স,10 জানুৱাৰীঃ ফেচবুকে বন্ধ নকৰে ৰাজনৈতিক বিজ্ঞাপন সমূহ ৷ কিন্তু ইয়াৰ বিপৰীতে ফেচবুক ব্যৱহাৰকাৰী সকলে এই ৰাজনৈতিক তথা সামাজিক বিজ্ঞাপন সমূহ কিছু নিয়ন্ত্ৰণত থাকিহে প্ৰত্যক্ষ কৰিব পাৰিব ৷ ইতিমধ্যে টুইটাৰে বন্ধ কৰিছে সকলোধৰণৰ ৰাজনৈতিক বিজ্ঞাপন ৷ এক আনুষ্ঠানিক ব্লগ অনুসৰি নতুন এই বিজ্ঞাপন ভঁড়ালে ব্যৱহাৰকাৰীসকলক বিজ্ঞাপনকাৰীয়ে নিৰ্ধাৰণ কৰা দৰ্শকৰ পৰিমাণ প্ৰত্যক্ষ কৰাৰ সুবিধা কৰি দিব ৷ নতুন ফিল্টাৰ আৰু বিজ্ঞাপন বিচৰাৰ ক্ষেত্ৰত উপযুক্ত উক্তিৰ ব্যৱহাৰ আদি কেইবাটাও নতুন চেটিংছ সংযুক্ত কৰা হৈছে ৷ উল্লেখ্য যে, এই নতুন ব্যৱস্থাসমূহ 2020 ৰ পৰা কাৰ্যকৰী হ’ব লগতে ৰাজনৈতিক বিজ্ঞাপনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণসমূহ চলিত বৰ্ষৰ গ্ৰীষ্মৰ পৰা কাৰ্যকৰী কৰা হ’ব ৷
লগতে চাওকঃ গুৱাহাটী বিশ্ববিদ্যালয়ত উৰিল ক'লা পতাকা