ETV Bharat / bharat

চাকৰি হেৰুৱাব ৰপ্তানি খণ্ডৰ 15 মিলিয়নে লোকে : FIEO - FIEO ৰ সভাপতি শৰদ কুমাৰ শৰফ

ভাৰতৰ ৰপ্তানি খণ্ডত চাকৰি হেৰুওৱাৰ উপক্ৰম হৈছে 15 মিলিয়ন লোকে ৷ এই মন্তব্য কৰে FIEO ৰ সভাপতি শৰদ কুমাৰ শৰফে ৷

ভাৰতৰ ৰপ্তানি খণ্ড
চাকৰি হেৰুৱাব ৰপ্তানি খণ্ডৰ 15 মিলিয়নে লোকে : FIEO
author img

By

Published : Apr 10, 2020, 8:56 PM IST

নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : ভাৰতৰ ৰপ্তানি খণ্ডৰ প্ৰায় 15 মিলিয়ন লোকে চাকৰি হেৰুওৱাৰ উপক্ৰম হৈছে ৷ কোভিড-19 মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে অৰ্থনৈতিক সংকট আৰু লাভ কৰা অৰ্ডাৰৰ আধা শতাংশই বাতিল হোৱাৰ ফলত এইসকল লোকে চাকৰি হেৰুৱাব বুলি মন্তব্য় কৰে সামগ্ৰী ৰপ্তানিকৃত সংস্থা (Federation of Indian Export Organisations) য়ে ৷

ৰপ্তানীকাৰীৰ বাবে তৎকালীন সাহাৰ্য পেকেজ ঘোষণাৰ দাবী কৰি FIEO ৰ সভাপতি শৰদ কুমাৰ শৰফে কয়, "ৰপ্তানীকাৰী সকলৰ হাতত অতি কম সংখ্যক অৰ্ডাৰ আছে আৰু উদ্যোগসমূহক উৎপাদনৰ বাবে অনুমতি প্ৰদান নকৰিলে বহুসংখ্যকে 'অপূৰণীয় ক্ষতি'ৰ সন্মুখীন হ'ব লাগিব ৷ অন্যথা এই সেৱা বন্ধ কৰাৰ উপক্ৰম হ'ব ৷"

শৰফে কয়, "50 শতাংশ অৰ্ডাৰ বাতিল আৰু ভৱিষ্যত অনিশ্চিত হোৱাৰ বাবে প্ৰায় 15 মিলিয়ন চাকৰি হেৰুৱাব লগা হোৱাৰ লগতে NPAs (non-performing assets) বৃদ্ধি পাব ৷"

তেওঁ লগতে কয় যে, লকডাউনৰ ফলত প্ৰসাধন সামগ্ৰী, অলংকাৰ, চামৰা, হস্তশিল্প, অভিযান্ত্ৰিক আৰু কাপোৰ নিৰ্মান উদ্যোগসমূহ বাৰুকৈয়ে সংকটত ভুগিছে ৷

"চীনৰ সৈতে আমি বজাৰ হেৰুৱাইছো ৷ সকলো অৰ্ডাৰ এতিয়া চীনলৈ যাব যিহেতু চীনে কাম আৰম্ভ কৰিলে ৷ আমাৰ উদ্যোগসমূহ আৰম্ভ নকৰিলে আমাৰ বাবে বহু পলম হৈ যাব ৷ সৰু দেশ যেনে বাংলাদেশ আৰু শ্ৰীলংকাইও সাহাৰ্য পেকেজ ঘোষণা কৰিছে," তেওঁ কয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.