ETV Bharat / bharat

কোভিড-19 : তৃতীয় স্তৰত অধিক সতৰ্কতা অৱলম্বন কৰক !

author img

By

Published : Apr 6, 2020, 5:01 PM IST

ভাৰতে ইতিমধ্যে কোভিড-19ৰ তৃতীয় স্তৰত প্ৰৱেশ কৰিছে ৷ এই সময়ছোৱাত কমিউনিটি ট্ৰানছমিছন হোৱাৰ লগতে অধিক ভয়াৱহৰূপত এই মহামাৰী বিয়পি পৰে ৷

তৃতীয় স্তৰত অধিক সতৰ্কতা অৱলম্বন কৰক
তৃতীয় স্তৰত অধিক সতৰ্কতা অৱলম্বন কৰক

নিউজ ডেস্ক, 6 এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাৰী কৰা 21 দিনীয়া লকডাউনৰ দ্বিতীয়টো ভাগ আৰম্ভ হৈছে ৷ প্ৰধানমন্ত্ৰীৰ ভাষাত এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ একমাত্ৰ উপায় হৈছে সামাজিক দুৰত্ব বৰ্তাই ৰখা ৷

আমেৰিকা নাইবা ইউৰোপৰ তুলনাত ভাৰতত এই ভাইৰাছৰ সংক্ৰমণ কম যদিও দেশত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ভয়াৱহ গতিত বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰব্যাপী এই ভাইৰাছৰ হটস্পট বিয়পি পৰাৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক এই ভাইৰাছৰ দ্বাৰা সংঘটিত হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ কাঢ়া নিৰ্দেশনা প্ৰদান কৰিছে ৷

তিনি সপ্তাহযোৰা লকডাউনৰ দ্বাৰা এই ভাইৰাছৰ সংক্ৰমণ শৃংখল ভাঙি দিবলৈ চেষ্টা কৰা হৈছে ৷ যেতিয়াই চৰকাৰে এই লকডাউন উঠাই ল’ব তেতিয়াই মানুহে হিলদল ভাঙি ৰাজহুৱা স্থানলৈ ওলাই আহিব ৷ তেতিয়া এই সকলোবোৰ দিশ অৰ্থহীন হৈ পৰিব ৷ সেয়েহে এইটো উচিত হ’ব যে, এই ভাইৰাছৰ হটস্পটত আছুতীয়াকৈ ৰখাৰ সময়সীমা একেদৰেই ৰাখি বাকী কম সংক্ৰমিত অঞ্চলত লকডাউন কিছু শিথিল কৰি দিয়াটো ৷

এক চৰকাৰী ঘোষণা অনুসৰি, এপ্ৰিলৰ 14 তাৰিখৰ পিচত এয়াৰলাইনছ সমূহে টিকট বিক্ৰী আৰম্ভ কৰিব পাৰিব ৷ লাহে লাহে লকডাউন শিথিল কৰাৰ সমান্তৰালকৈ ৰাজ্যসমূহত বৃহৎ হাৰে কন্টেক্ট ট্ৰেকিং আৰু টেষ্টিং চলাব লাগিব ৷ কেন্দ্ৰ আৰু ৰাজ্যসমূহে একেলগে কাম কৰি এই দিশত আগবাঢ়িব লাগিব ৷

ভাৰতে লকডাউন ঘোষণা কৰাৰ দুমাহ আগতেই এই ভাইৰাছৰ উৎপত্তিস্থল য়ুহান সম্পূৰ্ণৰূপে আছুতীয়া কৰি তোলা হৈছিল ৷ চীনৰ হুবেই প্ৰভিন্সৰো বহুটো অঞ্চলত কাঢ়া নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ আমাৰ দেশত জনতা কাৰ্ফিউ আহ্বান কৰাৰ সয়মতে চীনে কৰ‘ণাত আক্ৰান্তৰ সংখ্যা কম কৰি আনিবলৈ সক্ষম হৈছিল ৷

চীনৰ চৰকাৰে তৰপে তৰপে য়ুহানৰ পৰা লকডাউন উঠাই ল’বলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ স্থানীয় লোকসকলৰ গতি-বিধিত থকা বাধা অব্যাহত ৰাখি, চৰকাৰে বাহিৰৰ পৰা অহা লোকসকলক আগমণৰ অনুমতি প্ৰদান কৰিছিল ৷ য়ুহানক বাদ দি বাকী সকলো স্থানতে ৰেলৰ চলাচল আৰম্ভ কৰি দিয়া হৈছিল ৷ য়ুহান যাক কোভিড-19 মহামাৰীৰ উৎপত্তিস্থল আখ্যা দিয়া হৈছে, এতিয়া তাত সাধাৰণ জীৱন ঘুৰি আহিছে ৷

বেংক আৰু বাছত তখা নিষেধাজ্ঞা কম কৰি দিয়াৰ বিপৰীতে 65 বৰ্ষীয় বা তাতকৈ বয়স্ক লোকসকলৰ ক্ষেত্ৰত ৰাজহুৱা পৰিৱহন ব্যৱস্থা গ্ৰহণ কৰাত ওলোটাই বাধা আৰোপ কৰা হয় ৷ হুবেইৰ স্বাস্থ্য আয়ুক্ত মি. লিউ ডংৰুৱে কয়, “ পোহৰলৈ অহা ঘটনা শূণ্যৰ সমান হ’লেও ইয়াত ৰিস্ক আছে ৷” ই বাক্যশাৰীৰ সত্যতা অনুধাৱন কৰি আমাৰ চৰকাৰেও লাহে লাহে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷ ঘন বসতিপূৰ্ণ অঞ্চলসমূহত নিষেধাজ্ঞা জাৰী ৰাখিবলৈ উচ্চ ক্ষমতাসম্পন্ন এখন কমিটীৰ দ্বাৰা এইক্ষেত্ৰত নিৰীক্ষণৰ ব্যৱস্থা কৰিব পাৰে ৷

লকডাউনৰ সময়ছোৱাত প্ৰতিদিনে ভাৰতে 35,000 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আহিছে ৷ 21 দিনত এই পৰিমান 7,50,000 কোটি টকা হ’ব ৷ এই পৰিসংখ্যাই প্ৰমাণ কৰে যে ভাৰতে কেনেকুৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব ৷ প্ৰধানমন্ত্ৰীয়ে আগতেই কৈছে যে, দেশৰ জনতাৰ জীৱনৰ মূল্য এই টকাৰ পৰিমান আৰু তেওঁৰ চৰকাৰতকৈ অধিক মূল্যৱান ৷ যদিহে জনতাই নিজৰ বেয়া অভ্য়াসসমূহ বাদ নিদিয়ে তেতিয়াহ’লে লকডাউনৰ পিচটো ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব ৷

যদিহে আমি ব্যক্তিগতভাৱে পৰিচ্ছন্নতাৰ দিশটো পৰিত্যাগ নকৰো নাইবা সামাজিক দুৰত্ব বজাই ৰখাৰ বিপৰীতে জুম বান্ধি ঘুৰা ফুৰা আৰম্ভ কৰি দিও, তেতিয়াহ’লে এই বিপদে কি সীমা চুব তাৰ কোনো সীমা নাথাকিব ৷ আমেৰিকা ইংলেণ্ড আৰু ইটালীৰ দৰে উন্নত স্বাস্থ্যখণ্ডৰ দেশেও কোভিড-19ৰ কৱলৰ পৰা সাৰি যাব পৰা নাই ৷ এইসমূহ দেশৰ স্বাস্থ্যখণ্ডই ইতিমধ্যে হাত দাঙি দিছে ৷

এনকুৱা পৰিস্থিতিৰ পৰা বাছিবলৈ হ’লে একমাত্ৰ উপায় হৈছে লকডাউনৰ নীতিনিয়মসমূহ সঠিকভাৱে পালন কৰা ৷ কৰ্নাটক চৰকাৰে ইতিমধ্যেই বাংগালোৰ, মহীশূৰ আৰু চিক্কাবল্লাপুৰ আদি চহৰত এই অৱস্থা বৰ্তাই ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দেশৰ প্ৰত্যেকখন ৰাজ্যই এইক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাটো অত্যন্ত জৰুৰী ৷

কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৃষকৰ খেতি সংগ্ৰহ, ধৰ্মীয় অনুষ্ঠান আদিৰ ক্ষেত্ৰত নিজৰ নিজৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ সাংবিধানিক ধাৰাৰে এজনৰ বাবে সকলো, সকলোৰ বাবে এজন নীতিৰে আমি বাকী দেশৰ তুলনাত, এক ভাৰতীয় হিচাপে একতাৰ পৰিচয় দাঙি ধৰি কোভিড-19ৰ বিৰুদ্ধে চলা এই যুঁজত বিজয়ী হ’বলৈ সক্ষম হ’ম ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.