ETV Bharat / bharat

সংশোধিত নাগৰিকত্ব আইন 2019ক আদৰণী মালদ্বীপৰ বৈদেশিক মন্ত্ৰীৰ

মালদ্বীপৰ বৈদেশিক মন্ত্ৰীৰে আছুতীয়া সাক্ষাৎকাৰ জেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ ৷ মালদ্বীপৰ বৈদেশিক মন্ত্ৰীয়ে আব্দুল্লা শ্বাহিদে সংশোধিত নাগৰিকত্ব আইন 2019 তথা কাশ্মীৰৰ 370ক লৈ নিজৰ মতামত ব্যক্ত কৰে ৷

Exclusive Interview of Maldives Foreign Minister Abdullah Shahid
মালদ্বীপৰ বৈদেশিক মন্ত্ৰীৰে এক্সক্লুজিভ সাক্ষাৎকাৰ
author img

By

Published : Jan 17, 2020, 11:51 PM IST

Updated : Jan 17, 2020, 11:57 PM IST

নেশ্যনেল, 17 জানুৱাৰীঃ বিগত কিছুদিন ধৰি সংশোধিত নাগৰিকত্ব আইন 2019ক লৈ তোলাপাৰ হৈ আছে সমগ্ৰ ভাৰতবৰ্ষ ৷ ইয়াক লৈ বিশ্বৰ কেইবাখনো দেশে ভাৰতৰ এই নাগৰিকত্ব আইনক লৈ নিজৰ মতামত আগবঢ়াইছে ৷ এইক্ষেত্ৰত মালদ্বীপৰ বৈদেশিক মন্ত্ৰীয়ে আব্দুল্লা শ্বাহিদ নিজৰ মতামত আগবঢ়াইছে ৷ জেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মালদ্বীপৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ কাশ্মীৰৰ 370 আৰু নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কৰ স্থিতিক আদৰণী জনায় ৷ তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এচ জয়শংকৰৰ লগত নতুন দিল্লীত মিলিত হৈ এই সম্পৰ্কে বিতংভাৱে আলোচনা কৰে ৷

মালদ্বীপৰ বৈদেশিক মন্ত্ৰীৰে এক্সক্লুজিভ সাক্ষাৎকাৰ

কাশ্মীৰ তথা নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত ভাৰত চৰকাৰৰ স্থিতিক লৈ সুখী মালদ্বীপৰ বৈদেশিক মন্ত্ৰীগৰাকীঃ

প্ৰশ্নঃ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এচ জয়শংকৰৰ লগত বৈঠকৰ মুখ্য বিষয় কি আছিল?

আব্দুল্লা শ্বাহিদঃ বিশেষকৈ দুয়ো দেশৰ বিকাশ সম্পৰ্কত আলোচনা হৈছিল ৷ ছয়টা নতুন প্ৰজেক্টৰ বিষয়ে দুয়োখন দেশৰ মাজত আলোচনা কৰা হয় ৷

প্ৰশ্নঃ মালদ্বীপৰ বিকাশ সম্পৰ্কত ভাৰতৰ কি ভূমিকা হ’ব বুলি আপুনি ভাৱে?

আব্দুল্লা শ্বাহিদঃ মালদ্বীপৰ ৰাষ্ট্ৰপতি চোলিহে ভাৰত ভ্ৰমণৰ সময়ছোৱাত 1.4 বিলিয়ন মাৰ্কিন ডলাৰৰ পেকেজ ভাৰতে মালদ্বীপৰ বিকাশৰ বাবে সহায় কৰা কথা উল্লেখ কৰে ৷

প্ৰশ্নঃ উগ্ৰপন্থী সমস্যাৰ ক্ষেত্ৰত ভাৰত আৰু মালদ্বীপৰ পদক্ষেপ কি?

আব্দুল্লা শ্বাহিদঃ উগ্ৰপন্থী সমস্যাৰ ক্ষেত্ৰত দুয়ো দেশে সহযোগিতাৰে কাম কৰাৰ বাবে আগবঢ়াৰ কথা উল্লেখ কৰে ৷

প্ৰশ্নঃ মালদ্বীপে ভাৰতৰ নাগৰিকত্ব আইন আৰু কাশ্মীৰ সম্পৰ্কত কি মতামত আগবঢ়াব ?

আব্দুল্লা শ্বাহিদঃ মালদ্বীপে ভাৰত চৰকাৰৰ কাশ্মীৰ সম্পৰ্কে সিদ্ধান্তক আদৰণী জনায় ৷ আনহাতে সংশোধিত নাগৰিকত্ব আইন 2019ক লৈ ভাৰত চৰকাৰে সঠিক সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে ৷

আৰু পঢ়কঃচেংগাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

Intro:Body:Conclusion:
Last Updated : Jan 17, 2020, 11:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.