ETV Bharat / bharat

মই সমগ্ৰ দেশবাসীক ধন্যবাদ জনাইছো: নিৰ্ভয়াৰ পিতৃ

author img

By

Published : Mar 20, 2020, 7:57 PM IST

নিৰ্ভয়া কাণ্ডৰ দোষীয়ে শাস্তি লাভৰ পাচতে পিতৃ-মাতৃয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ সন্তুষ্টি প্ৰকাশ কৰে পিতৃ-মাতৃয়ে ৷

নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক শাস্তি
নিৰ্ভয়াৰ পিতৃ-মাতৃৰে কথোপকথন

নেশ্যনেল ডেস্ক, 20 মাৰ্চ : শুকুৰবাৰে ফাঁচীকাঠত ওলমিল দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডৰ চাৰি দোষী ৷ পুৱা 5.30 বজাত চাৰিজন দোষীকে ফাঁচীকাঠত ওলমোৱাৰ পাচতে সমগ্ৰ দেশৰ নাগৰিকে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ 2012 চনৰ ধৰ্ষণ আৰু হত্যাকাণ্ডত নিজ কন্যাক হেৰুওৱা নিৰ্ভয়াৰ পিতৃ-মাতৃয়েও ফাঁচীৰ পাচতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

নিৰ্ভয়াৰ পিতৃ-মাতৃৰে কথোপকথন

নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কয় যে,মোৰ কন্যাৰ সৈতে পিশাচৰ দৰে ব্যৱহাৰ কৰা হৈছিল ৷ ইয়াৰ পৰা সমগ্ৰ দেশ প্ৰভাৱিত হৈছিল ৷ পলমকৈ ন্যায় পালেও এই কথাক লৈ পিতৃ-মাতৃ সুখী যে,চাৰিওজন দোষীয়ে শাস্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷

নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কয় যে,যি পদ্ধতিৰে আইনৰ অপব্যৱহাৰ কৰি গোচৰটো দীঘলীয়া কৰা হৈছিল সেয়া ঠিক নহয় ৷ তেওঁ কয় যে,এ. পি. সিঙে সঘনাই ঘটনাক মিছা প্ৰমাণিত কৰিব চেষ্টা কৰি আহিছিল ৷ কিন্তু,অৱশেষত সত্যৰ জয় হ'ল ৷ যিসকলে আইনৰ অপব্যৱহাৰ কৰি আহিছে সেইসকলৰো বিচাৰ হ'ব লাগে ৷ ইয়াৰ ফলত ন্যায় লাভৰ বাবে যুঁজি থকা দেশৰ কন্যাসকলে এনেদৰে কষ্টৰ সন্মুখীন হ'বলগা নহয় ৷

আশা দেৱীয়ে ক'লে,"নিৰ্ভয়াৰ দৰে ডাঙৰ ঘটনাটো ন্য়ায় লাভৰ বাবে সাত বছৰ লাগিব লগা হয় যদি আমাৰ আইনী ব্যৱস্থাক সলনি কৰাৰ প্ৰয়োজন আছে ৷ আইনক বহু লোকে অপপ্ৰয়োগ কৰি থকাৰ বাবে মই দুঃখিত ৷ কিন্তু,মোৰ বিশ্বাস যে,এদিন নহয় এদিন সত্যৰ জয় হয় আৰু শুকুৰবাৰে চাৰি দোষীক শাস্তি প্ৰদানৰ পাচতে নিৰ্ভয়াই ন্য়ায় লাভ কৰে ৷"

আনহাতে, নিৰ্ভয়াৰ পিতৃয়ে কয়,"এয়া কেৱল আমাৰে নহয়,সমগ্ৰ দেশবাসীৰ সংঘৰ্ষৰ সাত বছৰ ৷ আমাৰ সৈতে দেশ থিয় নোহোৱা হ'লে আমি ন্যায় নাপালোহেতেন ৷ সেয়ে মই সকলোকে ধন্যবাদ জনাইছো ৷"

আৰু পঢ়ক : ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ বহুস্তৰীয় অনলাইন সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.