ETV Bharat / bharat

কোভিড-19ঃ ভৱিষ্যত সন্দৰ্ভত অসংখ্য উত্তৰবিহীন প্ৰশ্ন

author img

By

Published : Apr 28, 2020, 1:03 PM IST

বৃহৎ শক্তিসমূহৰ অসমানুপাতিক কাৰ্যকলাপৰ বাবে ৰাষ্ট্ৰসংঘৰ দৰে বহুস্তৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ দুৰ্বল হৈ পৰিছে আৰু যিখিনি প্ৰভাৱ আছে সেয়াও নাইকিয়া হোৱাৰ সম্ভাৱনা আছে । বিশ্ব স্বাস্থ্য সংস্থালৈ আমেৰিকাই বৰঙণি বন্ধ কৰাটোৱেই একমাত্ৰ ঘটনা নহয় । আমেৰিকাই পেৰিছ জলবায়ু চুক্তি, ইউনেস্কোৰ পৰা আঁতৰি অহাৰ লগতে ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত ত্যাগ কৰাটো অনুৰূপ ঘটনাৰেই উদাহৰণ ।

কোভিড-19ঃ ভৱিষ্যত সন্দৰ্ভত অসংখ্য উত্তৰবিহীন প্ৰশ্ন
কোভিড-19ঃ ভৱিষ্যত সন্দৰ্ভত অসংখ্য উত্তৰবিহীন প্ৰশ্ন

যদিও পৃথিৱীখনে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজি আছে ইয়াৰ ভৱিষ্যত সন্দৰ্ভত অসংখ্য উত্তৰবিহীন প্ৰশ্ন উত্থাপন হৈছে । তেনে এক প্ৰশ্ন হৈছে—আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু গোলকীয় ৰাজনীতিত এই অতিমাৰীৰ প্ৰভাৱ। এক উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা যুঁজখনে আমি পূৰ্বতে নেদেখা এক নতুন গোলকীয় ব্যৱস্থা আৰু আন্তৰ্জাতিক সহযোগিতাৰ সৃষ্টি কৰিবনে?

প্ৰশ্নৰ উত্তৰ হিচাপে ক’ব পাৰি ভালৰ বাবে বহুত বেছি সলনি হৈ নাযায় । বিগত দশকত দেখাৰ দৰে গোলকীয় ৰাজনীতিত আমি গোলকীয় ৰাজনীতিত তৎপৰতা দেখা পাম । ৰাষ্ট্ৰীয়তাবাদ আৰু ‘ৰাষ্ট্ৰ আগত’ নীতিৰ বাবে গোলকীকৰণে ইতিমধ্যে হেঁচাৰ সন্মুখীন হৈছে । সীমান্তবোৰ বন্ধ কৰা হৈছে আৰু এতিয়াম সম্পূৰ্ণ ছীল কৰা হৈছে । খুব সোনকালে সীমান্ত খোলাৰ সম্ভাৱনা তেনেই কম । যুদ্ধ-হিংসা আদিৰ বাবে পলায়ন কৰা বা উন্নত দেশত অধিক সুবিধাৰ আশাত প্ৰব্ৰজন কৰা লোকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ বিশেষভাৱে পৰিব ।

বৃহৎ শক্তিসমূহৰ অসমানুপাতিক কাৰ্যকলাপৰ বাবে ৰাষ্ট্ৰসংঘৰ দৰে বহুস্তৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ দুৰ্বল হৈ পৰিছে আৰু যিখিনি প্ৰভাৱ আছে সেয়াও নাইকিয়া হোৱাৰ সম্ভাৱনা আছে । বিশ্ব স্বাস্থ্য সংস্থালৈ আমেৰিকাই বৰঙণি বন্ধ কৰাটোৱেই একমাত্ৰ ঘটনা নহয় । আমেৰিকাই পেৰিছ জলবায়ু চুক্তি, ইউনেস্কোৰ পৰা আঁতৰি অহাৰ লগতে ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত ত্যাগ কৰাটো অনুৰূপ ঘটনাৰেই উদাহৰণ । ৰাষ্ট্ৰসংঘৰ এক ন্যায়াধীকৰণৰ লগত চীনে সহযোগিতা আগবঢ়াবলৈ অমান্তি হৈছিল আৰু দক্ষিণ চীন সাগৰৰ ওপৰত দিয়া নিৰ্দেশ প্ৰত্যাখ্যান কৰিছিল । আনকি ইউৰোপিয়ান ইউনিয়নৰ দৰে শক্তিশালী অৰ্থনৈতিক সংঘ এটাই ইটালীক সহায় কৰিবলৈ অক্ষম হিচাপে ধৰা দিছে ।

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ তত্ব হিচাপে উদাৰতাবাদ নিঃশেষ হ’বলৈ গৈ আছে নেকি বুলি বিগত কিছু বছৰৰ পৰা চৰ্চা চলি আছে । পৃথিৱীখনক অধিক শান্তিপূৰ্ণ কৰিবলৈ ভূমিকা গ্ৰহণ কৰা গণতন্ত্ৰ,আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু অৰ্থনৈতিক পাৰস্পৰিক নিৰ্ভৰশীলতা সকলো হেঁচাৰ সন্মুখীন হৈছে । আনহাতে বাস্তৱবাদী তত্বই আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাটোক অৰাজক বুলি গণ্য কৰে য’ত সাৰ্বভৌম ৰাষ্ট্ৰসমূহে মূল ভূমিকা পালন কৰে। আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰীৰ অভাৱত দেশসমূহে নিজৰ শক্তি অধিক বৃদ্ধি কৰাৰ বাবে কুচকাৱাজ চলাইছে ।

কোভিড-১৯ৰ পৰৱৰ্তী পৃথিৱীখনৰ কথা আমি যেতিয়াই অনুমান কৰিবলৈ চেষ্টা কৰো তেতিয়াই দাখা পাও যে গোলকীয় আৰু স্থানীয় পৰ্যায়ত ক্ষমতাৰ বাবে হোৱা যুঁজবোৰ তীব্ৰ হৈ পৰিব । তেলৰ দাম হ্ৰাস পোৱাৰ প্ৰভাৱ ইৰাণ আৰু ইৰাকৰ দৰে দেশত পৰিব আৰু এই দেশসমূহত অস্থিৰতা বৃদ্ধি পাব। ইয়াৰ ফলত সন্ত্ৰাসবাদ আৰু মৌলবাদো বৃদ্ধি পাব পাৰে। বিশেষকৈ যিবোৰ দেশৰ দুৰ্বল স্বাস্থ্য ব্যৱস্থাই ভাইৰাছবিধক নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইসমূহ দেশত এনেধৰণৰ অস্থিৰতা বৃদ্ধি পাব ।

ক্ষমতাৰ বাবে প্ৰতিদ্বন্দিতা তীব্ৰ হৈ পৰিব । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনে কৰ’ণা ভাইৰাছৰ তথ্য লুকুওৱা বুলি অভিযোগ কৰাৰ লগতে ইয়াৰ ফল ভুগিব লাগিব বুলি ইতিমধ্যে সকিয়াই দিছে । ইয়াৰ বিপৰীতে চীনে কৰ’ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা বুলি ব্যাপক প্ৰচাৰ চলাইছে । তদুপৰি ইউৰোপ আফ্ৰিকা আৰু এছিয়াৰ বহু দেশক চিকিৎসাজনিত সাহাৰ্য আগবঢ়াই ইয়াৰ ‘ছফট পাৱাৰ’ বৃদ্ধিৰ বাবে চেষ্টা চলাইছে ।

আমেৰিকা আৰু চীনৰ সম্পৰ্কই একবিংশ শতিকাটো নিৰ্ধাৰণ কৰিব প্ৰায়েই কৈ অহা হৈছে । কৰ’ণা ভাইৰাছে এই সম্পৰ্কৰ সম্পূৰ্ণ অৱনতি ঘটালে। চি এন বি চিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছিংগাপুৰৰ লি কুৱান ৱিউ স্কুল অৱ পাব্লিক পলিচীৰ সহযোগী অধ্যাপক জেমছ ক্ৰেবট্ৰীয়ে আমেৰিকা আৰু চীনৰ সম্পৰ্ক এনেদৰে বৰ্ণনা কৰে—“সম্ভৱত ১৯৭০ চনৰ পাছত আটাইতকৈ বেয়া অৱস্থাত দেশ দুখনৰ সম্পৰ্ক উপনীত হৈছে ।”

যদিও চীন আৰু আমেৰিকাই বোকা ছটিওৱাৰ খেল খেলি আছে দুয়োখন দেশে কোভিড-১৯ বিৰোধী যুঁজত বিশ্বৰ আন দেশসমূহক অনুপ্ৰাণিত কৰিব পৰা নাই । এই সংকটৰ কালছোৱাত আমেৰিকাই এন নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰাত বিফল হৈছে । দেশখনৰ সীমাৰ ভিতৰত কোভিড-১৯ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো হেহো-নেহো আৰু অনিশ্চয়তাত ভোগা বুলি বিভিন্ন পক্ষই কৈছে । পৃথিৱীৰ বিভিন্ন দেশে চীনে দাবী কৰা সফলতাৰ কাহিনী বিশ্বাসত লোৱা নাই আৰু বহু বিশেষজ্ঞই চীন চৰকাৰে প্ৰকাশ কৰা কৰ’ণা ভাইৰাছৰ তথ্যক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে ।

সকলো দেশেই অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰাৰ লগতে আন্তৰ্জাতিক সহযোগিতাৰ অভাৱত পৃথিৱীখন অধিক মেৰুকৰণৰ দিশে গতি কৰিব । তুলনামূলকভাৱে অতিমাৰীক ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা ভাৰতৰ দৰে দেশে সুযোগবোৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সুবিধাজনক স্থিতি লাভ কৰিছে ।

তেনে এক ফদাহৰণ হৈছে উৎপাদন খণ্ড । যোগানৰ ক্ষেত্ৰত চীনৰ ওপৰত অদিক ভৰসা কৰাৰ বিপজ্জনক দিশ পৃথিৱীখনে উপলব্ধি কৰিছে । এটা কথা স্পষ্ট যে কিছুসংখ্যক উৎপাদন ইউনিটে চীন ত্যাগ কৰিব । জাপানে চীনৰ পৰা উৎপাদনৰ ইউনিটবোৰ স্থানান্তৰ কৰাৰ বাবে ইতিমধ্যে ২.২ বিলিয়ন ডলাৰ নিৰ্ধাৰণ কৰিছে । আন বহু আন্তৰ্জাতিক প্ৰতিষ্ঠানে একেই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে । প্ৰায় এহেজাৰ প্ৰতিষ্ঠানে উৎপাদন ক্ষেত্ৰ স্থাপনৰ বাবে ভাৰতৰ সৈতে আলোচনা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে । বহুসংখ্যক নীতিৰ পৰিৱৰ্তন আৰু ৰেহাই বা লাভৰ ব্যৱস্থা কৰিব লগা নিশ্চয় হ’ব । কিন্তু এই হাৰত উৎপাদন ক্ষেত্ৰৰ আগমণে অৰ্থনীতিৰ খেল খনকেই সলনি কৰি দিব ।

বিশ্বৰ ৰাজনীতিৰ পৰিস্থিতি বৰ অনুকূল হ’ব যেন নালাগে । ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে লে মণ্ড কাকতত ইয়াৰ সঠিক ব্যাখ্যা আগবঢ়াইছে, "বছৰ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত অব্যাহত থকা ভগ্নাংশবোৰেই ব্যাপক ৰূপ লোৱা যেন আমি দেখা পাইছো। অতিমাৰী বিভিন্ন ধৰণে অব্যাহত আছে,কেতিয়াবা হয়তো ক্ষমতাৰ বাবে । সংক্ৰমণ শেষ হোৱাৰ পাছৰ পৃথিৱীখন আগৰ পৃথিৱীখন সাইলাখ মিলিব—কিন্তু বেয়াৰ ক্ষেত্ৰত,সেয়ে মোৰ ভয় হৈছে।"

মানৱীয় সংকট দূৰ কৰাৰ বাবে একত্ৰিত হৈ যুঁজিবলৈ আমাৰ ৰাষ্ট্ৰীয় মতভেদবোৰক দূৰত ৰাখিবলৈ বিভিন্নজনে আহ্বান জনাইছে । এয়া উচিত পৰামৰ্শ । কিন্তু বাস্তৱ এয়ে যে এখন দেশৰ আত্মৰক্ষা আৰু ক্ষমতাৰ যুঁজখনত নৈতিক দিশবোৰে সামান্য প্ৰাধান্য লাভ কৰে ।

লেখকঃ লেঃ জেনেৰেল ডি এছ হুদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.