নিউজ ডেস্ক, 29 অক্টোবৰঃ মঙলবাৰে কাশ্মীৰত উপস্থিত হয় ইউৰোপিয়ান সংঘৰ এটা প্ৰতিনিধি দল ৷ আগন্তুক দুদিনত ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰে আলোচনা কৰাৰ লগতে সাধাৰণ ৰাইজৰ মতামতো গ্ৰহণ কৰিব প্ৰতিনিধি দলটোৱে ৷ লগতে কাশ্মীৰত প্ৰকৃতাৰ্থত মানৱ অধিকাৰৰ উলংঘা হৈছে নে নাই ! সেই সন্দৰ্ভতো তথ্য আহৰণ কৰিব দলটোৱে ৷ প্ৰতিনিধি দলটোৰ সদস্য নেথেন গিলে মন্তব্য কৰে যে,বিদেশী প্ৰতিনিধি হিচাপে কাশ্মীৰলৈ যোৱাটো আমাৰ বাবে সৌভাগ্যৰ বিষয় ৷ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ত কি ঘটিছে সেই সন্দৰ্ভত আমি অৱগত হ'ব পাৰিম ৷
উল্লেখ্য যে,সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে মিলিত হয় ভাৰত ভ্ৰমণলৈ অহা ইউৰোপিয়ান সংঘৰ প্ৰতিনিধিৰ দলটো ৷ ইউৰোপিয়ান সংঘৰ প্ৰতিনিধি দলটোত সৰ্বমুঠ 28 গৰাকী সদস্য আছে ৷ ইউৰোপিয়ান সংঘৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীৰ আশ্বাস এই ভ্ৰমণ কাশ্মীৰৰ লগতে দেশৰ অন্যান্য ৰাজ্যৰ বাবেও লাভদায়ক হ'ব ৷
-
When Indian political leaders have been prevented from meeting the people of J&K, what possessed the great chest-beating champion of nationalism to allow European politicians to visit J&K. This is an outright insult to India's own Parliament and our democracy! https://t.co/D48dnctRqE
— Jairam Ramesh (@Jairam_Ramesh) October 28, 2019 " class="align-text-top noRightClick twitterSection" data="
">When Indian political leaders have been prevented from meeting the people of J&K, what possessed the great chest-beating champion of nationalism to allow European politicians to visit J&K. This is an outright insult to India's own Parliament and our democracy! https://t.co/D48dnctRqE
— Jairam Ramesh (@Jairam_Ramesh) October 28, 2019When Indian political leaders have been prevented from meeting the people of J&K, what possessed the great chest-beating champion of nationalism to allow European politicians to visit J&K. This is an outright insult to India's own Parliament and our democracy! https://t.co/D48dnctRqE
— Jairam Ramesh (@Jairam_Ramesh) October 28, 2019
লগত পঢ়ক কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী, অজিত ডোভাল সৈতে মিলিত হ’ল ইউৰোপিয়ান সংঘৰ প্ৰতিনিধিৰ দল
ইপিনে, ইউৰোপিয়ান সংঘৰ প্ৰতিনিধি দলৰ ভ্ৰমণক লৈ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ,মেহবুবা মুফটি, সীতাৰাম য়েচুৰিকে ধৰি অন্যান্য বহু বিৰোধী নেতাই ৷ বিৰোধীৰ প্ৰশ্ন, যদিহে বিদেশী নেতাই কাশ্মীৰ ভ্ৰমণ কৰিব পাৰে,তেন্তে ভাৰতীয় নেতা কিয় যাব নোৱাৰে কাশ্মীৰলৈ !