নিউজ ডেস্ক, 22 অক্টোবৰ : বিগত এসপ্তাহ পূৰ্বে ইটিভি ভাৰতত প্ৰকাশ হৈছিল এক বিশেষ বাতৰি ৷ কুমাওন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভানেত্ৰী হন্সী প্ৰহৰীৰ বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল ইটিভি ভাৰতত ৷ প্ৰখ্যাত শিক্ষাৰ্থীগৰাকীয়ে হৰিদ্বাৰত ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰাৰ লগতে নিজৰ অৱস্থাৰ উন্নতিৰ বাবে চৰকাৰক বহুবাৰ অনুৰোধ কৰিও বিফল হৈছিল ৷ পৰৱৰ্তী সময়ত হন্সী প্ৰহৰীৰ এই ঘটনা সন্দৰ্ভত ইটিভি ভাৰতত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰা হৈছিল ৷
ইটিভি ভাৰতত হন্সীৰ বাতৰি প্ৰকাশ পোৱাৰ পিচতেই বহুতৰে পৰাই এই সন্দৰ্ভত সঁহাৰি পোৱা গৈছিল ৷ ৰাজ্যসভাৰ সাংসদ প্ৰদীপ তামতাকে ধৰি উত্তৰাখণ্ডৰ চৰকাৰেও হন্সী প্ৰহৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছিল ৷ এনে অৱস্থাত বুধবাৰে নিজ পৰিয়ালৰ সৈতেও মিলন হয় হন্সী প্ৰহৰীৰ ৷ ইটিভি ভাৰতত হন্সীৰ বাতৰি প্ৰত্যক্ষ কৰি হন্সীৰ বাবে আগবাঢ়ি আহে ভায়েক আনন্দ ৷ ইয়াৰ পূৰ্বে হন্সীৰ এই অৱস্থাৰ বাবে উত্তৰাখণ্ডৰ ডিজিপি ৰেখা আৰ্য্যক তদন্ত কৰিবলৈ আহ্বান জনাইছিল ভায়েক আনন্দে ৷ আনন্দে জনোৱামতে, হন্সীয়ে তেওঁত লিখা-পঢ়া শিকাইছিল আৰু তেওঁৰ আজিৰ এই অৱস্থাৰ বাবে আনন্দ বহুতো দুঃখিত ৷
উত্তৰাখণ্ডৰ প্ৰখ্যাত কুমাওন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা হন্সীয়ে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উপ-সভানেত্ৰীয়ো নিৰ্বাচিত হৈছিল ৷ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়খনত এগৰাকী গ্ৰন্থাগাৰিক হিচাপে কিছুদিন কাম কৰিছিল ৷ কিন্তু বিবাহৰ পিচতে স্বামীগৃহৰ পৰা বিচ্ছেদিত হৈ আজিৰ এই অৱস্থা পাইছিল হন্সী ৷
আনহাতে উত্তৰাখণ্ডৰ পৰা বৰ্তমানে ৰাজ্যসভাৰ সাংসদ প্ৰদীপ তামতা আৰু অজয় তামতাৰ বিপৰীতে 2002 চনত সোমেশ্বৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিছিল হন্সীয়ে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানে সাংসদ অজয় তামতাৰ হাতত প্ৰায় 2000 ভোটৰ ব্যৱধানত পৰাজিত হৈছিল হন্সী ৷
লগতে পঢ়ক : ভিক্ষা বৃত্তিৰে জীৱন চলোৱা কুমাওন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভানেত্ৰীগৰাকী