বর্ধমান,4 জানুৱাৰীঃ পশ্চিমবংগৰ বৰ্ধমান ৰে’ল ষ্টেচনত সংঘটিত হৈছে এক দুৰ্ঘটনা ৷ শনিবাৰে নিশাৰ ভাগত বৰ্ধমান ৰে’ল ষ্টেচনৰ প্ৰৱেশপথৰ সন্মুখ অংশ হঠাতে খহি পৰে ৷ আকস্মিকভাৱে সংঘটিত উক্ত ঘটনাত চাৰিজন লোক আহত হয় ৷ আহত সকলক উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি বর্ধমান চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে ৷ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হয় ৷
দুইমহলীয়া ষ্টেচন চৌহদৰ সন্মুখভাগ এনেদৰে হঠাতে খহি পৰাত স্বাভাৱিকতে ভীতিগ্ৰস্ত হৈ পৰিছে যাত্ৰীসকল ৷ ঘটনাটোৰ ফলত ষ্টেচনটোৰ যাত্ৰীসকল বৰ্তমান প্লেটফৰ্মতে আবদ্ধ হৈ আছে ৷ মুখ্য প্ৰৱেশদ্বাৰত সংঘটিত ঘটনাটোৰ ফলত যাত্ৰীৰ অহা-যোৱাত বাধাৰ সৃষ্টি হয় ৷ আবদ্ধ যাত্ৰীসকলক বাহিৰলৈ আহিবলৈ বিকল্প পথৰ ব্যৱস্থা কৰিছে বৰ্ধমান ৰে’ল ষ্টেচন কৰ্তৃপক্ষই ৷ ঘটনাটোক কেন্দ্ৰ কৰি দুইমহলীয়া চৌহদতো ভাঙি পৰাৰ আশংকা প্ৰকাশ কৰিছে যাত্ৰীসকলে ৷ সমগ্ৰ ঘটনাটোৰ বাবে অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে ৷
লগতে চাওকঃখানাপাৰাত বিজেপিৰ বুথ কমিটিৰ বিশাল সভা